নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিপণনৰ ব্যর্থতাতেই গুৱাহাটীৰ বজাৰত পাচলিৰ অভাৱনীয় মূল্য

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ দীঘলীয়া লকডাউন–মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ আতংকই জনজীৱন স্তব্ধ কৰি তোলা গুৱাহাটী মহানগৰবাসীৰ সন্মুখত সম্প্রতি গুৰুতৰ সমস্যা হৈ পৰিছে খাদ্য–সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধি৷ অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ পৰা আৰম্ভ কৰি শাক–পাচলিলৈ, ফলমূলৰ পৰা মাছ–মাংসলৈ সকলোৰে আকাশলংঘী মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে মহানগৰবাসীক৷ বিশেষকৈ লকডাউনৰ সময়ছোৱাত শাক–পাচলিৰ অভাৱ আৰু অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক জুৰুলা কৰিছে৷ ৰাইজক সকাহ দিবলৈ ৰাজ্য চৰকাৰে বাৰম্বাৰ মূল্যবৃদ্ধি নিয়ন্ত্রণৰ বাবে দিয়া নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি আহিছে অসাধু ব্যৱসায়ীয়ে৷ যোগান বিভাগৰ লগতে শাক–পাচলিৰ বিপণন, মূল্য নির্ধাৰণ আদিৰ ক্ষেত্রত বিয়াগোম অসম কৃষি বিপণন পৰিষদৰ অস্তিত্বহীন ভূমিকাৰ বাবে বজাৰত অভাৱনীয় মূল্যবৃদ্ধি ঘটিছে৷ অত্যাৱশ্যকীয় খাদ্য–সামগ্রীসমূহৰ্ মূল্য নির্ধাৰণ আৰু বজাৰ নিৰীক্ষণৰ দায়িত্বত আছে যোগান বিভাগ৷ বিগত সময়ছোৱাত এই বিভাগটোৰ ব্যর্থতাৰ বাবে বজাৰত অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি ঘটি আহিছে৷ সমান্তৰালভাৱে শাক–পাচলিৰ বজাৰ নিয়ন্ত্রণ কৰিবলৈ সম্পূর্ণ ব্যর্থ হৈছে কৃষি বিপণন পৰিষদ৷

গুৱাহাটীত শেহতীয়াকৈ ঘোষণা কৰা লকডাউনৰ আৰম্ভণিৰে পৰা আকস্মিকভাৱে শাক–পাচলিৰ মূল্য আকাশলংঘী হৈছে৷ যাৰ পৰিপ্রেক্ষিতত কামৰূপ (মহানগৰ) জিলা প্রশাসনৰ তৰফৰ পৰা আলু–পিঁয়াজকে ধৰি শাক–পাচলিৰ মূল্য নির্ধাৰণ কৰি দিয়া হৈছিল৷ মহানগৰবাসীৰ সুবিধাৰ বাবে ৱার্ডে ৱার্ডে কৃষি বিপণন পৰিষদে শাক–পাচলি সুলভ মূল্যত বিক্রী কৰিব বুলিও ঘোষণা কৰা হৈছিল৷ কিন্তু সমগ্র বিষয়টো ঘোষণাতে সীমাবদ্ধ হৈ ৰ’ল৷ ৱার্ডে ৱার্ডে উপলব্ধ নহ’ল কৃষি বিপণন পৰিষদৰ সুলভ মূল্যৰ শাক–পাচলি৷ যাৰ পৰিপ্রেক্ষিতত বজাৰৰ পৰা চৰকাৰে বান্ধি দিয়া মূল্যৰ দুগুণ দামত সাধাৰণ ৰাইজে ক্রয় কৰিবলগীয়া হৈছে শাক–পাচলি৷ উল্লেখ্য যে গুৱাহাটীৰ বজাৰত জিলা প্রশাসনে প্রতি কিলোগ্রাম ভাতকেৰেলাত ৫০ টকা, কেপচিকামত ৯০ টকা, বিলাহীত ৫৫ টকা, তিযঁহত ৩৫ টকা, বেঙেনাত ৪৫ টকা, ভেণ্ডিত ৪০ টকা, বন্ধাকবিত ৪০ টকা, ভোলত ৩৫ টকা, জিকাত ৪০ টকা, পটলত ৪০ টকা, লেছেৰাত ৪৫ টকা, তিতাকেৰেলাত ৪৫ টকা নির্ধাৰণ কৰিছিল৷ ইয়াৰ বিপৰীতে মহানগৰীৰ বজাৰত কোনো শাক–পাচলি ৭০–৮০ টকাৰ তলত সম্প্রতি উপলব্ধ নহয়৷ চৰকাৰে নির্ধাৰণ কৰি দিয়া মূল্যৰ বিপৰীতে আজিৰ দিনটোত মহানগৰীত প্রতিকিলোগ্রাম ভাতকেৰেলা ৮০–৯০ টকা, কেপচিকাম ১৩০–১৫০ টকা, বিলাহী ৮০ টকা, তিয়ঁহ ৮০ টকা, বেঙেনা ৭০–৮০ টকা, ভেণ্ডি ৮০ টকা, বন্ধাকবি ৫০–৬০ টকা, ভোল ৭০ টকা, জিকা ৮০ টকা, পটল ৮০ টকা, তিতাকেৰালা ৮০ টকাত ক্রয় কৰিবলগীয়া হৈছে গ্রাহকে৷ অর্থাৎ স্বাভাৱিক দিনসমূহৰ তুলনাত প্রতিবিধ শাক–পাচলি দুগুণ দামত ক্রয় কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে৷ লকডাউনৰ বাবে ব্যাপকভাৱে আর্থিক লোকচানৰ সন্মুখীন হোৱা, কর্মহীন হৈ পৰা মহানগৰবাসীৰ বাবে শাক–পাচলিৰ দাম বৃদ্ধিয়ে জীৱন একপ্রকাৰ দুর্বিষহ কৰি তুলিছে৷

ইপিনে, চৰকাৰীভাৱে নির্ধাৰিত মূল্যত কিয় শাক–পাচলি বিক্রী কৰিব নোৱাৰে বুলি সোধা প্রশ্ণৰ উত্তৰত একাংশ পাচলি ব্যৱসায়ীয়ে কয় যে পাইকাৰী বজাৰত কম মূল্যত উপলব্ধ নোহোৱা বাবে তেওঁলোকে খুচুৰা বজাৰত অত্যধিক মূল্যত বিক্রী কৰিবলগীয়া হয়৷ লক্ষণীয় কথাটো এয়ে যে এতিয়াও শাক–পাচলিৰ উৎসত দাম যথেষ্ট কম৷ কিন্তু একাংশ মধ্যভোগীৰ বাবে মহানগৰীৰ বজাৰত শাক–পাচলি অত্যধিক মূল্যত বিক্রী কৰিবলগীয়া হয়৷ যাৰ পৰিণতিত প্রকৃত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে খেতিয়কসকল৷ আনহাতে, অধিক মূল্যত শাক–পাচলি ক্রয় কৰিবলগীয়া হৈছে গ্রাহকে৷ কেৱল একাংশ মধ্যভোগীহে ইয়াৰ দ্বাৰা উপকৃত হৈ আহিছে৷ খেতিয়কৰ পথাৰৰ পৰা পাইকাৰী বজাৰলৈ শাক–পাচলি অনাৰ ক্ষেত্রত কৃষি বিপণন পৰিষদে আজি পর্যন্ত এটা সুপৰিকল্পিত ব্যৱস্থা গ্রহণ নকৰা বাবেই বজাৰত অভাৱনীয় মূল্যবৃদ্ধি ঘটা পৰিলক্ষিত হৈ আহিছে৷

You might also like