নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰাংগলাল দাসৰ সন্মুখত কঠিন প্রত্যাহ্বান

লাডাখ সীমান্তত বিৰাজমান উত্তেজনাক লৈ চীনৰে সৈতে দ্বি–পাক্ষিক সম্পর্কৰ চূডান্ত অৱনতি ঘটাৰ সময়তে অসম সন্তান গৌৰাংগলাল দাসক টাইৱানৰ ৰাষ্ট্রদূত হিচাপে নিয়োগ কৰিছে কেন্দ্রীয় চৰকাৰে৷ গৌৰাংগলাল দাসে এটা জটিল সন্ধিক্ষণত সেই দায়িত্ব লাভ কৰিছে৷ তেওঁৰ কূটনৈতিক দক্ষতাৰ ওপৰত অনাগত দিনত চীনৰ সৈতে ভাৰতৰ সম্পর্ক বহুখিনি নির্ণয় হ’ব৷ কিয়নো চীনে টাইৱানক এখন স্বাধীন ৰাষ্ট্র হিচপে অদ্যাপি স্বীকৃতি দিয়া নাই৷ ইয়াৰ বিপৰীতে বিস্তাৰবাদী বেইজিঙে ৰাষ্ট্রখনক ‘এক চীন’ৰ অংশ হিচাপে দাবী কৰি আহিছে৷ বেইজিঙৰ মতে, টাইৱান সার্বভৌম চীনৰ অংশ৷ তেনে এখন দেশত ৰাষ্ট্রদূত হিচাপে বিশেষ দক্ষতাসম্পন্ন ব্যক্তিকহে ৰাষ্ট্রদূত হিচাপে নিয়োগ কৰা হয়৷ আৰু যদি বর্তমানৰ প্রেক্ষাপটলৈ চোৱা যায়, এটা কথা নিশ্চিতভাৱে অনুধাৱন কৰিব পাৰি যে নতুন দিল্লীয়ে কূটনৈতিকভাৱে দেশৰ শ্রেষ্ঠ লোকৰ মাজৰ এজনকহে টাইৱানলৈ প্রেৰণ কৰিব৷ সেয়ে নতুন ৰাষ্ট্রদূতগৰাকীৰ বাবে এয়া হ’ব দক্ষতাক প্রতিপন্ন কৰাৰ তীব্র প্রত্যাহ্বান আৰু এটা অনবদ্য সুযোগ৷ কাৰণ টাইৱানৰ সৈতে ভাৰতৰ সম্পর্ক নিবিড কৰাৰ এয়াই সঠিক সময়৷ ইয়াৰ বাবে আৱশ্যক হ’ব, টাইৱানক চীনৰ দৃষ্টিৰে নাচাই এখন স্বাধীন তথা ইণ্ডো–প্রশান্ত মহাসাগৰ অঞ্চলৰ গুৰুত্বপূর্ণ ৰাষ্ট্র হিচাপে চাব লাগিব৷ ইয়ে বিস্তাৰবাদী চীনৰ মর্মস্থলত ভালদৰেই আঘাত হানিব৷ দেশখনক ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্রই টাইৱানক ইণ্ডো–প্রশান্ত মহাসাগৰীয় নীতিত অন্তর্ভুক্ত কৰিছে৷ এই বিশাল অঞ্চলটোত ভাৰতৰো যথেষ্ট প্রভাৱ আৰু গুৰুত্ব আছে৷ ভাৰতে যদি টাইৱানক অঞ্চলটোক লৈ প্রস্তুত নীতিৰ অংশ হিচাপে লয়, তেন্তে এয়া হ’ব চীনৰ বাবে মোক্ষম আঘাত৷ তদুপৰি, টাইপেই প্রশাসনে দক্ষিণৰ ছখন দেশ অর্থাৎ ভাৰত, বাংলাদেশ, পাকিস্তান, ভূটান, নেপাল, শ্রীলংকাৰ সৈতে সম্পর্ক স্থাপনৰ বাবে আনুষ্ঠানিকভাৱে পদক্ষেপ গ্রহণ কৰিছে৷ এইক্ষেত্রত টাইৱানৰ প্রতি ভাৰতে দেখুওৱা আগ্রহে দেশখনক ভাৰতৰ অনুগামী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব৷

টাইৱানৰ সৈতে ভাৰতৰ অদ্যাপি আনুষ্ঠানিক কূটনৈতিক সম্পর্ক নাই৷ দেশখনৰ সৈতে সম্পর্কত সদায়েই চীনৰ ছায়াটোৱে ক্রিয়া কৰি আহিছিল৷ বিশেষকৈ কংগ্রেছৰ শাসন কালত ভাৰতে টাইৱানৰ সৈতে সম্পর্ক স্থাপনত চীনৰ প্রতিক্রিয়ালৈ চাই অগা–পিছা নীতি গ্রহণ কৰি আহিছিল৷ অৱশ্যে ইয়াৰ মাজতে ২০১০ চনত নতুন দিল্লীয়ে এটা তাৎপর্যপূর্ণ পদক্ষেপ গ্রহণ কৰিছিল৷বর্ষটোৰ ডিচেম্বৰত চীনৰ তদানীন্তন ৰাষ্ট্রপতি ভাৰত ভ্রমণলৈ আহোঁতে দুয়োপক্ষই যৌথভাৱে সদৰী কৰা ঘোষণা–পত্রত ভাৰতে এক চীন নীতিৰ ডল্লেখ কৰা হোৱা নাছিল৷ টাইৱানৰ সৈতে প্রকৃতার্থত সম্পর্ক স্থাপনৰ গতিটো আৰম্ভ হয় নৰেন্দ্র মোদীৰ শাসন কালৰ পৰা৷ নৰেন্দ্র মোদীয়ে শপতগ্রহণ অনুষ্ঠানত ভাৰতস্থিত টাইৱানৰ ৰাষ্ট্রদূত টুং–কোৱাং–টিয়েনক আমন্ত্রণ জনাইছিল৷ ইয়াৰ অর্থ এইটো নহয় যে এনডিএৰ শাসনকালত টাইপেইৰ সৈতে ভাৰতৰ সম্পর্ক এটা গতিত প্রৱাহিত হৈ আছিল বা আছে৷ ২০১৮ চনত টাইৱানৰ মহিলা সাংসদৰ প্রতিনিধি দল এটা ভাৰতলৈ অহাত চীনে তীব্র প্রতিবাদ কৰাৰ পাছত দুয়োখন টাইৱানৰ সৈতে ভাৰতৰ গতি মন্থৰ হ’বলৈ ধৰে৷ ই পুনৰ চর্চালৈ আহে চলিত বর্ষৰ ২০ মে’ত৷ টাইৱানৰ নৱনির্বাচিত ৰাষ্ট্রপতি চাই ইং–ৱেনৰ ভার্চুৱেল শপতগ্রহণ অনুষ্ঠানত বিজেপিৰ দুই সাংসদ মীনাক্ষি লেখী আৰু ৰাহুল কাছৱানে অংশগ্রহণ কৰাত৷ এইবাৰো চীনে ভাৰতৰ বিৰুদ্ধে অসন্তুষ্টি জাহিৰ কৰে৷ এইদৰে ডত্থান–পতনৰ মাজেৰে গতি কৰা টাইৱানৰ সৈতে সম্পর্কক কিন্তু এতিয়া গতি দিয়াৰ সময় আহিল বুলি ভাৰতৰ কূটনৈতিক মহলে মত প্রকাশ কৰিছে৷ গালোৱান কাণ্ডৰ পাছত চর্চাটো অধিক হৈছে৷ ইয়াৰ কাৰণো নথকা নহয়৷ লাডাখ তথা সীমান্তৱর্তী বিভিন্ন অঞ্চলত সময়ে সময়ে আগ্রাসন দেখুৱাই বিস্তাৰবাদী চীনে ভাৰতৰ সার্বভৌমত্বক আজিলৈকে সন্মান নজনালে৷ গালৱান ডপত্যকাতো নিজেই সংঘাতৰ পাতনি মেলি ভাৰতৰ ভূমি দখল কৰাৰ চেষ্টা চলালে৷ অৰুণাচলৰ ক্ষেত্রত দেশখনে সদায়েই ভাৰতৰ সার্বভৌমত্বক অপমান কৰি আহিছে৷ এনে প্রেক্ষাপটত চীন অসন্তুষ্ট বুলি ভাবি টাইৱানৰ সৈতে দূৰত্ব বজাই ৰখাৰ কোনো অর্থ নাই৷ ইয়াৰ বিপৰীতে আর্থিক, সামৰিক তথা ইণ্ডো–প্রশান্ত সাগৰীয় অঞ্চলত ভাৰতৰ প্রভুত্ব বৃদ্ধি, চীনৰ সৈতে চকুত চকু থৈ কথা কোৱাৰ নীতিক প্রকৃতার্থত কার্যকৰী কৰিবলৈ হ’লে, ভাৰতে টাইৱানক অধিক ওচৰ চাপি আনিব লাগিব৷ এইবাবেই অসম সন্তান গৌৰাংগলাল দাসৰ কার্যকাল অতি প্রত্যাহ্বানেৰে ভৰা হ’ব৷ তেওঁৰ দক্ষতা–পাৰদর্শিতাৰ্ ওপৰত ভাৰত–চীনৰ অনাগত দিনৰ সম্পর্ক ভালেখিনি নির্ভৰ কৰিব৷

You might also like