নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণি নগৰৰ মৃত্যু

গুৱাহাটী, নগাঁও, শিৱসাগৰ, যোৰহাট, ডিব্রুগড় আদি কেইখনমান চহৰ বয়সৰ হিচাপেৰে পুৰণি৷ অকল বয়সেই নহয়, চহৰকেইখনত থকা পুৰণি, ব্রিটিছৰ দিনতে নির্মাণ কৰা বিশেষ স্থাপত্যৰ চিনাকি থকা ঘৰবোৰ, আহল–বহল চৌহদ, পৰিকল্পিত পথ আদিয়ে চহৰকেইখনক একোটি বিশেষ চৰিত্র দিছিল৷ পৰৱর্তী কালত সময়ৰ সোঁতত চহৰবোৰৰ পৰিসৰ বৃদ্ধি হৈ গৈ থকা সময়ত আৰম্ভণিৰ সেই সৌন্দর্যবোধৰ ধাৰণা সম্পূর্ণ লুপ্ত হ’ল৷ বহল ৰাজপথ আৰু নাগৰিকে উশাহ ল’ব লগা মুকলি ঠাইৰ কথাও নগৰ নির্মাতাসকলে পাহৰি গ’ল৷ ভাৰত স্বাধীন হোৱাৰ পাছত স্বাধীন ভাৰতত নাগৰিকে নিজৰ ঠাইখিনিৰ বিকাশৰ প্রসংগত যিদৰে অজ্ঞতা আৰু দূৰদৃষ্টিহীনতাৰ পৰিচয় দিলে তাৰ ফল ভোগ কৰিলে ভৱিষ্যতৰ প্রজন্মই৷ পাহাৰ নদী সমতল আদিৰে ভৰা প্রকৃতিৰ দান গুৱাহাটীৰ এতিয়াৰ ৰূপে ভাবিবলৈ আহৰি নিদিয়ে যে গুৱাহাটী এখন সৌন্দর্যপূর্ণ চহৰ হ’ব পাৰিলেহেঁতেন আৰু অকল পর্যটনৰ দ্বাৰাই গুৱাহাটীয়ে বহু ৰাজহ উপার্জন কৰিব পাৰিলেহেঁতেন৷ অকল গুৱাহাটীতেই নহয়, আন চহৰকেইখনৰ অৱস্থাও একেই৷ এই চহৰকেইখনৰ বাহিৰে অসমৰ আন প্রধান চহৰকেইখনৰ বয়স প্রায় একে সমান, প্রত্যেকৰে বিকাশ আৰু বর্তমানৰ পৰিৱেশ একেই৷ বর্ধিত জনসংখ্যা, তাৰ লগে লগে বাঢ়ি অহা বিভিন্ন প্রয়োজন আৰু চহৰ নির্মাণৰ দায়িত্বত থকা লোকসকলৰ দায়িত্বহীনতা আৰু ভৱিষ্যত দৃষ্টিহীনতাই চহৰবোৰৰ মৃত্যু মাতি আনিছে৷ এফালে বর্ধিত জনসংখ্যাৰ বোজা চহৰবোৰে বহন কৰিব পৰা নাই আৰু আনফালে নতুন নতুন নির্মাণৰ পৰিকল্পনাহীন আয়োজনৰ ফলত চহৰবোৰৰ চেহেৰা আৰু ঐতিহ্য চিহ্ণবোৰ লুকাই গৈছে৷ অকল ইমানেই নহয়, চহৰৰ সর্বত্রতে বিয়পি পৰা বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ হোর্ডিংবোৰেও চহৰবোৰৰ একক সৌন্দর্য নোহোৱা কৰি তাক বিজ্ঞাপনৰ চৰণীয়া ভূমিলৈ ৰূপান্তৰিত কৰি দিছে৷ সময়ৰ লগে লগে চহৰবোৰৰ বিকাশ হ’বই, চহৰক কেন্দ্র কৰি মানুহৰ প্রয়োজন বৃদ্ধি পাবই – এয়া স্বাভাৱিক কথা৷ এই কথাবোৰ মনত ৰাখি কেনেদৰে চহৰখনৰ বিকাশ আৰু প্রগতি সম্ভৱ কৰিব পাৰি সেই কথাৰ দায়িত্ব গ্রহণ কৰাৰ বাবে চৰকাৰে নগৰ পৰিকল্পনা নামৰ বিভাগো খুলিছে৷ এই বিভাগে কিবা গুৰুত্বপূর্ণ আৰু উদাহৰণযোগ্য কাম কৰাৰ তথ্য পাবলৈ নাই৷
চহৰ এখনত নতুনকৈ সংযোজিত হ’ব লগা প্রতিষ্ঠান, কার্যালয় আদিক চহৰখনৰ মাজতেই থূপি থোৱাৰ কূটবুদ্ধি হ’ল চহৰ ধ্বংসৰ অন্যতম কাৰণ৷ চৰকাৰৰ পুৰণি কার্যালয়বোৰ, বিদ্যালয়বোৰ সাধাৰণতে আছিল বিশাল বিশাল চৌহদত, গছ–গছনি আৰু স্থাপত্যৰ সৌন্দর্যৰ প্রকাশ ঘটা সেই ঠাইবোৰ আছিল চহৰখনে উশাহ লোৱা একাটি ঠাই৷ চৰকাৰৰ উপদ্রৱত তেনেকুৱা ঠাইবোৰক নতুন নতুন পৰিকল্পনাহীন নথকা নির্মাণেৰে সমগ্র ঠাইডোখৰকে নষ্ট কৰি পেলোৱা হৈছে৷ এখন স্কুলত নতুন ভৱনৰ প্রয়োজন হোৱাটো অতি স্বাভাৱিক কথা আৰু তাত আপত্তিৰ কোনো প্রশ্ণই নাথাকে৷ কিন্তু সেই কামটোক সৌন্দর্যপূর্ণভাৱে কৰিবলৈ কিয় দায়িত্বশীল লোকসকল আগবাঢ়ি নাহে সেয়া চিন্তাৰ বিষয়৷ একোটা চৰকাৰী কার্যালয় চহৰখনৰ কেন্দ্রবিন্দুত থকাটো নাগৰিকৰ স্বার্থতেই প্রয়োজনীয়৷ কিন্তু কিছুমান কার্যালয়ৰ নতুন ভৱন চহৰৰ উপকণ্ঠ অঞ্চললৈ যোৱাত কোনো অসুবিধা থাকিব নোৱাৰে৷ তেনে কৰিলে চহৰখনৰ অৱয়বৰ বিকাশ অধিক ফলপ্রসূ হ’লহেঁতেন৷ ফৰলেনৰ ৰাষ্ট্রীয় ঘাইপথ অসমৰ কেইবাখনো চহৰৰ আঁতৰেৰে পাৰ হৈ গৈছে৷ ফলত সেই চহৰবোৰৰ পৰা যান–বাহনৰ কিছু ভিৰ কমি গৈছে আৰু চহৰখনৰ পৰা ঘাইপথ স্পর্শ কৰা বিন্দুটোলৈকে চহৰখনৰ পৰিসীমা বৃদ্ধি হ’ব ধৰিছে৷ এই আটাইবোৰ অঞ্চল নতুনকৈ গঢ় লৈ উঠিছে৷ কিন্তু এই নতুন নির্মাণবোৰত কোনো পৰিকল্পনা বা নির্মাণ সৌন্দর্যৰ চিন দেখা নাযায়৷ হয়তো অনুমতি দিয়া চৰকাৰী বিভাগবোৰে এই কথাবোৰ ভবাৰ কোনো যুক্তি বিচাৰি পোৱা নাই৷ শেহতীয়াভাৱে গৃহ নির্মাণৰ বাবে অনুমতি লোৱাৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে সেই ঠাইত কিছুসংখ্যক গছপুলি ৰোৱাৰ আৰু প্রতিপালন কৰাৰ চর্তও আৰোপ কৰা হয়৷ এইটো অতি প্রয়োজনীয় সিদ্ধান্ত আছিল কিন্তু কার্যক্ষেত্রত তাক কিমান পালন কৰা হৈছে সেই বিষয়ত হয়তো মনযোগ দিয়া হোৱা নাই৷ ঐতিহ্য ভৱন বা স্থানবোৰ ৰক্ষা কৰাৰ বাবে চৰকাৰৰ এখন আইন আছে আৰু সেই আইনৰ মতে এশ বছৰীয়া স্থাপত্য বা স্মৃতিচিহ্ণ সংৰক্ষণ কৰা হয়৷ কিন্তু অসমৰ বিভিন্ন প্রান্তৰ বিভিন্ন চহৰত এনেকুৱা অলেখ ঘৰ আছে যিবোৰৰ বয়স এশ হোৱা নাই, কিন্তু এশ হ’বলৈ বেছি দিন নাই৷ এশ বছৰ হোৱাৰ আগতে সেই ঘৰবোৰ ধ্বংস কৰি পেলালে আইনৰ দিশৰ পৰা একো কৰিব পৰা নাযাব ঠিকেই কিন্তু ঐতিহ্যচিহ্ণ এটি আমাৰ সমাজৰ পৰা নাইকিয়া হৈ যাব৷ এই বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে লোৱা উচিত৷

You might also like