চলিত শতিকাত অভাৱনীয়ভাৱে হ্রাস শিশুৰ জন্ম
নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ বিশ্বজুৰি শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাবলৈ লৈছে৷ এইক্ষেত্রত পৃথিৱীৰ কোনো এখন দেশেই বিষয়টোত গুৰুত্ব প্রদান কৰা নাই৷ কিন্তু এনেকুৱা জন্মৰ হাৰ হ্রাসে সমাজত ভয়াৱহ প্রভাৱ পেলাব পাৰে বুলি গৱেষকসকলে সতর্কবাণী কৰিছে৷ জন্মৰ হাৰ হ্রাসৰ মূলতেই হৈছে বিভিন্ন দেশত মহিলাসকলৰ উর্বৰা শক্তিৰ অৱনতি৷ চলিত শতিকাটোৰ শেষলৈকে প্রায় প্রতিখন দেশতে শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাব৷ ইয়াৰ ভিতৰত শতিকাটোৰ শেষলৈ ২৩খন দেশৰ জনসংখ্যা আধালৈকে হ্রাস পাব পাৰে৷ এই দেশসমূহৰ ভিতৰত আছে স্পেইন আৰু জাপানো৷ একে সময়তে বিভিন্ন দেশত বয়োজ্যেষ্ঠ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷
এগৰাকী মহিলাই জন্ম দিব পৰা গড় শিশুৰ সংখ্যা হ্রাস পোৱাৰ লগে লগে বিভিন্ন দেশৰ সমাজত ইয়াৰ প্রতিকূল প্রভাৱ পৰাৰ আশংকাই দেখা দিছে৷ বর্তমান অৱস্থাত মহিলাৰ শিশুৰ জন্মৰ ক্ষমতা ২.১লৈকে হ্রাস পাইছে৷ অর্থাৎ প্রায়বোৰ দেশতেই মহিলাৰ উর্বৰা শক্তি হ্রাস পাইছে৷ ৱাশ্বিংটনস্থিত হেলথ মেট্রিকছ এণ্ড ইভেলুৱেচন প্রতিষ্ঠানৰ গৱেষকসকলে উল্লেখ কৰা অনুসৰি ২০১৭ চনত বিশ্বজুৰি মহিলাসকলৰ উর্বৰা শক্তি ২.৪ শতাংশলৈ হ্রাস পাইছে৷ আগন্তুক ২১০০ চনত এয়া ১.৭ শতাংশলৈ অৱনমিত হ’ব৷ ইতিমধ্যে এই সন্দর্ভত প্রতিবেদনো প্রকাশ পাইছে লেনচেট জার্নালত৷