দুঃসময়
মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ প্রকোপত বিশ্ব অর্থনীতি এতিয়া তচনচ৷ মহাশক্তিধৰ আমেৰিকাকে ধৰি পৃথিৱীৰ প্রায় সকলো দেশৰে অর্থনীতিত মোক্ষম আঘাত হানিছে ক’ৰোনাই৷ বিভিন্ন সংস্থাই বিগত সময়ছোৱাত চলোৱা একাধিক সমীক্ষাত ইতিমধ্যে ক’ৰোনাৰ বিৰূপ প্রভাৱৰ ছবিখন স্পষ্ট হৈছে৷ অনাগত সময়ত সমগ্র বিশ্বই যে আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব, সেই সম্পর্কতো শেহতীয়াকৈ সতর্কবার্তা দিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ সোমবাৰে জেনেভাত অনুষ্ঠিত এখন ভিডি’ কনফাৰেঞ্চত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্রছ আধানম ঘ্রেব্রেয়েছাছে প্রকাশ কৰা মন্তব্য আজিৰ পৰিস্থিতিত যথেষ্ট চিন্তনীয় ৰূপে বিবেচিত হৈছে৷ বিশ্বৰ দেশে দেশে ক’ৰোনা ভাইৰাছৰ সংহাৰ অব্যাহত আছে৷ প্রতিটো মুহূর্ততে বৃদ্ধি হৈ গৈ আছে মাৰাত্মক ভাইৰাছত আক্রান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা৷ কিন্তু পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ পাছতো সাৱধান হোৱা নাই বহু দেশ৷ প্রধানতঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনে সংকটকালত এই দিশটোকে পুনৰ উনুকিয়াই দিছে৷ তেনে দেশসমূহক সকীয়াই ঘ্রেব্রেয়েছাছে অতি স্পষ্টকৈ কৈছে যে বিশ্বৰ বহু দেশে ক’ভিড–১৯ক লৈ বিশেষ সতর্কতা অৱলম্বন কৰা নাই৷ আনকি একাংশ দেশ এইক্ষেত্রত ভুল পথেৰেও অগ্রসৰ হৈছে৷ যদিহে প্রাথমিক বিষয়সমূহ অনুসৰণ কৰা নহয়, তেন্তে ভৱিষ্যতৰ পৰিস্থিতি ভয়ংকৰৰ পৰা অতি ভয়ংকৰ হৈ উঠিব৷ ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তো একাংশ দেশে স্বাস্থ্য সংক্রান্তীয় বিষয়বোৰৰ ক্ষেত্রত সতর্কতা অৱলম্বন নকৰা তথা কঠোৰ পদক্ষেপ নোলোৱাটোৱে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনৰ ভাষ্যত প্রতিফলিত হৈছে৷ দায়িত্বজ্ঞানহীনতাৰ বিপৰীতে বিশ্বৰ সকলো দেশে ঐক্যবদ্ধভাৱে অগ্রসৰ হ’লেহে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখন সফল হ’ব৷ ইয়াৰ অন্যথা বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনে দিয়া সতর্কবার্তাৰ দৰেই সমগ্র বিশ্বই সন্মুখীন হ’ব লাগিব বিষম পৰিস্থিতিৰ৷ বিশেষকৈ ক’ভিড–১৯ৰ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি তথা ইয়াক অতি গুৰুত্ব সহকাৰে গ্রহণ কৰি স্বাস্থ্য সম্পর্কীয় নীতি–নির্দেশনাসমূহ প্রত্যেকেই কঠোৰভাৱে মানি চলাটো উচিত৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ঘ্রেব্রেয়েছাছৰ সতর্কবার্তাৰ সমান্তৰালভাৱে ৰাষ্ট্রসংঘৰ শেহতীয়া এক সমীক্ষায়ো সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ য’ত প্রাণঘাতী ভাইৰাছৰ সংক্রমণৰ পৰিণতিত বিশ্বত ক্ষুধাতুৰৰ সংখ্যা বৃদ্ধিৰ আশংকা ব্যক্ত কৰা হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণৰ লগে লগে অর্থনৈতিক বিকাশৰ গতি স্থবিৰ হৈ পৰা বিশ্বৰ প্রায় সকলো দেশতে দৰিদ্রতা–নিবনুৱাৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ মাজতে ৰাষ্ট্রসংঘৰ তৰফৰ পৰা আশংকা ব্যক্ত কৰা হৈছে যে ২০২০ চনৰ শেষভাগৰ পৰা ধাৰাবাহিকভাৱে সুদা পেটেৰে থকা লোকৰ সংখ্যা আৰু ১৩.২ কোটিলৈ বৃদ্ধি পাব পাৰে৷ স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্যৰ পৰা বহু লোক বঞ্চিত হোৱা বিষয়টোও একেটা সমীক্ষাত গুৰুত্ব সহকাৰে উল্লেখ কৰা হৈছে৷ কেৱল ২০১৯ চনতে পর্যাপ্ত পৰিমাণে স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হোৱা মানুহৰ সংখ্যা ৩০০ কোটি৷ পুষ্টিৰ অভাৱত বৃদ্ধি স্থবিৰ হৈছে ৫ বছৰ বা তাৰ তলৰ বয়সৰ ১৯ কোটি শিশুৰ৷ আটাইতকৈ চিন্তনীয় কথাটো হ’ল– পর্যাপ্ত পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত লোকৰ সংখ্যা এছিয়া মহাদেশতেই সর্বাধিক৷ অন্যান্য মহাদেশ বা দেশসমূহৰো এই সংখ্যা দ্রুতগতিত বৃদ্ধি পাব ধৰিছে৷ হয়তো ক’ৰোনাৰ প্রকোপে এইক্ষেত্রত আৰু অধিক ইন্ধন যোগাইছে৷ এনে দুঃসময়ত ৰাষ্ট্রসংঘৰ তৰফৰ পৰা এক গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়াই কোৱা হৈছে যে সামর্থ্য থকাসকলে খোৱাত নিয়ন্ত্রণ ৰখাৰ সমান্তৰালভাৱে চৰকাৰেও দৰিদ্র শ্রেণীৰ লোকসকলৰ বাবে যাতে পুষ্টিকৰ খাদ্য–সামগ্রী লাভ কৰে, সেই দিশটোৰ ওপৰত অধিক মনোনিৱেশ কৰিব লাগিব৷ এই পৰামর্শকে মানি লৈ চৰকাৰে সমগ্র বিষয়টোত সদিচ্ছা প্রদর্শন কৰাটো সময়ৰ দাবী ৰূপে চিহ্ণিত হৈছে৷