নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজান খণ্ড উন্নয়ন বিভাগত ব্যাপক বিত্তীয় খেলিমেলিঃ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত দুৰ্নীতি

 মধ্যভোগীৰ ৰূপত ভেণ্ডৰ 

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী গৃহহীন নাগৰিকক একোটাকৈ ঘৰ দিয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫ চনৰ ২৫ জুন তাৰিখে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ) নামেৰে এখন আঁচনি ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উক্ত আঁচনিখন ২০২২ চনত সম্পূৰ্ণ কৰাৰ লক্ষৰে ইয়াৰ কামৰ শুভাৰম্ভ কৰিছিল। অৰ্থাৎ ২০২২ চনলৈ ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালৰ একোটাকৈ নিজা ঘৰ থাকিব আৰু এই লক্ষ্য তথা উদ্দেশ্য লৈয়ে এই আঁচনিখনৰ শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত এই আঁচনিখন আইএওৱাই অৰ্থাৎ ইন্দিৰা আবাস যোজনা নামেৰে কাৰ্যকৰী হৈ আছিল। কিন্তু সেই সময়ত ইন্দিৰা আবাস যোজনাৰ অধীনত দৰিদ্ৰ লোকৰ বাবে আবণ্টিত গৃহ প্ৰকৃত হিতাধিকাৰীয়ে নোপোৱাৰ লগতে গৃহ নিৰ্মাণত সংঘটিত হৈছিল অনিয়ম তথা বৃহৎ বিত্তীয় কেলেংকাৰী। কংগ্ৰেছ চৰকাৰৰ দিনত ইন্দিৰা আবাস যোজনা আঁচনিখনৰ আলম লৈ সংঘটিত হোৱা বিভিন্ন অনিয়ম তথা বৃহৎ বিত্তীয় কেলেংকাৰী নিৰ্মূল কৰা তথা প্ৰকৃত হিতাধিকাৰীক একোটাকৈ ঘৰ দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই  নৰেন্দ্ৰ মোডী নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে ইন্দিৰা আবাস যোজনা আঁচনিখন বিলুপ্ত ঘটাই প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ) নামেৰে এখন নতুন আঁচনিৰ শুভাৰম্ভ কৰিছিল। দেশৰ গাঁও অঞ্চল সমূহত এই আঁচনিখন সঠিকভাৱে ৰূপায়ন কৰিবৰ বাবে খণ্ড উন্নয়ন বিভাগক দায়িত্ব অৰ্পণ কৰা হৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ এই আঁচনিখন ৰূপায়নৰ বাবে খণ্ড উন্নয়ন বিভাগক দায়িত্ব দিয়া হৈছিল যদিও এই বিভাগটোৱে কিন্তু আঁচনিখন সঠিকভাৱে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দুৰ্নীতি মুক্তভাৱে দায়িত্ব পালন যে কৰিছে তাত প্ৰশ্নৰ অৱতাৰণা নথকা নহয়। কিয়নো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত এই বিভাগটোত থকা কমিছনৰ অংক বৰ্তমানেও অব্যাহত আছে আৰু তেনে এক দুৰ্নীতি তথা বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান খণ্ড উন্নয়ন বিভাগটোত।
উল্লেখ্য যে বোকাজান খণ্ড উন্নয়ন বিভাগৰ অধীনত বিগত ১৬-১৭ আৰু ১৭-১৮ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ অধীনত দৰিদ্ৰ হিতাধিকাৰীসকললৈ চৰকাৰী গৃহৰ আৱণ্টন দিছিল। সেই অনুসৰি বোকাজান পৰিষদীয় সমষ্টিৰ বাবে ১১১ টা, বৰজান পৰিষদীয় সমষ্টিত ৪৬৮ টা, দেওপানী পৰিষদীয় সমষ্টিত ৪০৫ টা আৰু সৰুপথাৰ পৰিষদীয় সমষ্টিত ১৮২ টা সহ মুঠ ১২৬৮ টা চৰকাৰী গৃহ প্ৰথম পৰ্যায়ত চাৰিটা পৰিষদীয় সমষ্টিলৈ অনুমোদন হৈছিল আৰু ইয়াৰে ১০০৮ টা ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আনহাতে এতিয়াও ১৫৮ টা গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই বুলি জানিব পৰা গৈছে। ইফালে ২০১৮-১৯ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বোকাজান খণ্ড উন্নয়ন বিভাগত কোনো চৰকাৰী গৃহ আৱণ্টন নহল। ইয়াৰ পাছত পুনৰ বোকাজান খণ্ড উন্নয়ন বিভাগৰ অধীনতে ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বোকাজান পৰিষদীয় সমষ্টিৰ বাবে ১৭০ টা, বৰজান পৰিষদীয় সমষ্টিৰ বাবে ১৮২ টা, দেওপানী পৰিষদীয় সমষ্টিৰ বাবে ৬৮১ টা আৰু সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বাবে ৩৪ টা সহ মুঠ ১০৬৭ টা চৰকাৰী গৃহ হিতাধিকাৰীৰ বাবে অনুমোদন হৈছে।
ইয়াৰে বোকাজান পৰিষদীয় সমষ্টিৰ ১৬৯ টা, বৰজান পৰিষদীয় সমষ্টিৰ ১৮১ টা, দেওপানী পৰিষদীয় সমষ্টিৰ ৬৭৯ টা আৰু সৰুপথাৰ পৰিষদীয় সমষ্টিৰ ৩৪ টা গৃহৰ বাবে ইতিমধ্যে ৩২,৫০০ কৈ প্ৰথম কৃষ্টিৰ ধন ইতিমধ্যে মুকলি কৰি দিছে। এতিয়া লক্ষনীয় কথাটো হৈছে বোকাজান খণ্ড উন্নয়ন বিভাগৰ অধীনত গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোক সকলৰ বাবে আৱণ্টিত তথা ১ লাখ ৩০ হেজাৰ টকাৰে নিৰ্মাণ হবলগীয়া এই চৰকাৰী গৃহ নিৰ্মাণ কাৰ্যত বিভিন্ন অনিয়ম হোৱাৰ তথ্য পোহৰলৈ আহিছে। নিয়ম অনুসৰি বোকাজান খণ্ড উন্নয়ন বিভাগে চৰকাৰী গৃহ লাভ কৰা হিতাধিকাৰীসকলক পোনপতীয়াকৈ এই গৃহ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিব লাগে যদিও এতিয়া একাংশ ৰাজনৈতিক জনপ্ৰতিনিধিয়ে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি এনে গৃহ নিৰ্মাণ কাৰ্যত একো একোজন ভেণ্ডৰক নিয়োগ কৰিছে। গৃহ লাভ কৰা হিতাধিকাৰীৰ ধন হিতাধিকাৰীৰ একাউন্টৰ পৰিৱৰ্তে ভেণ্ডৰৰ একাউণ্টত জমা হয়। অৱশ্যে চৰকাৰী গৃহ লাভ কৰা হিতাধিকাৰীসকলৰ সৰহসংখ্যকেই চৰকাৰীভাৱে লাভ কৰা ধনৰ সঠিক ব্যৱহাৰ কৰাৰ সক্ষমতা নাই। ইয়াত ভেণ্ডৰৰ কাম হৈছে গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ হিতাধিকাৰীক যোগান ধৰা।
আঁচনিখন অনুসৰি দুখন দুৱাৰ আৰু তিনিখন খিৰিকী থকা এই চৰকাৰী গৃহটোৰ প্ৰথম কৃষ্টিৰ টকাৰে গৃহটোৰ হাফৱাল পৰ্যন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে পৰ্যায়ক্ৰমে ৪৮৭৫০ টকাৰ দ্বিতীয় আৰু তৃতীয় কৃষ্টিৰ ধন বিভাগে মুকলি কৰি দিয়ে। এই চৰকাৰী গৃহ নিৰ্মাণ কাৰ্যত একাংশ জনপ্ৰতিনিধিয়ে নিয়োগ কৰা ভেণ্ডৰগৰাকীয়ে হিতাধিকাৰীক যোগান ধৰা সামগ্ৰী সমূহ যিমান কম মূল্যত যোগান ধৰিব পাৰে সিমানেই লাভ হয় ভেণ্ডৰগৰাকীৰ। এটা চৰকাৰী গৃহত দুখন দুৱাৰ, তিনিখন খিৰিকী দিব লাগে যদিও কোনো কোনো ঘৰত এখন দুৱাৰ আৰু দুখন খিৰিকী দিয়াৰ উপৰি পৰিবহন খৰচ কমাব পাৰিলেও লাভৰ মুখ দেখে ভেণ্ডৰগৰাকীয়ে। ভেণ্ডৰগৰাকীয়ে লাভ কৰা এনে ধনৰ সামান্য ভাগ অভিযন্তা, গ্ৰামসেৱককে ধৰি একাংশ জনপ্ৰতিনিধিলৈও যায় বুলি অভিযোগ উঠিছে। হিতাধিকাৰীসকলে লাভ কৰা এই চৰকাৰী গৃহ নিৰ্মাণৰ বাবে কৃষ্টি হিচাপে প্ৰদান কৰা মুঠ ১ লাখ ৩০ হেজাৰ টকাৰ ভিতৰতে মিস্ত্ৰি আৰু যোগালিৰ খৰচো সোমাই আছে। এনে ক্ষেত্ৰত ভেণ্ডৰগৰাকীয়ে হিতাধিকাৰীগৰাকীক গৃহ নিৰ্মাণৰ বাবে নিম্ন মানৰ সামগ্ৰী অথবা আন কিছুমান কৌশল প্ৰয়োগ কৰি লাভৰ অংশ ছান কাঢ়ি লয়। যাৰ ফলত বহু হিতাধিকাৰীয়ে লাভ কৰা গৃহটোৰ পাছফালৰ পকী বেৰা প্লাষ্টাৰ নকৰা, মজীয়াখন পকীকৰণ নকৰা অথবা গৃহ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈয়ে আৱণ্টিত ধন মুকলাই আনি নিজৰ লাভৰ অংশ বাহিৰ কৰি লোৱা পৰিলক্ষিত হৈছে।
   থিক একেদৰে ২০১৯-২০ বিত্তীয় বৰ্ষত দ্বিতীয় পৰ্যায়ত দেওপানী পৰিষদীয় সমষ্টিলৈ ৬৮১ টা চৰকাৰী গৃহৰ অনুমোদন হৈছিল। ইয়াৰে ৩২৪ টা চৰকাৰী গৃহৰ নিৰ্মাণ কাৰ্যৰ বাবে বোকাজান খণ্ড উন্নয়ন বিভাগে মেছাৰ্ছ নৱনিৰ্মাণ ষ্ট্ৰাকচাৰ এণ্ড ৰোডছ প্ৰাইভেট লিমিটেডক দায়িত্ব অৰ্পণ কৰিছিল। কিন্তু ইয়াৰে ৪৯ টা ঘৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য বৰ্তমানেও সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে আন ১১ টা ঘৰ ক’ভিড-১৯ ৰ কণ্টেইনমেন্ট জ’ন ঘোষণা কৰা অঞ্চলত হোৱা বাবে এতিয়ালৈকে নিৰ্মাণৰ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে। এতিয়া কথা হৈছে যে দেওপানী পৰিষদীয় সমষ্টিৰ দৰে জিলাখনৰ অন্য সমষ্টি সমূহতো ভেণ্ডৰৰ তত্বাৱধানত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণ প্ৰক্ৰিয়া অব্যাহত আছে বুলি জানিব পৰা গৈছে। বোকাজান খণ্ড উন্নয়ন বিভাগৰ অধীনত আৱণ্টিত চৰকাৰী গৃহ সমূহৰ নিৰ্মাণত একাংশ জনপ্ৰতিনিধিৰ দ্বাৰা ভেণ্ডৰ নিয়োগৰ জৰিয়তে প্ৰত্যক্ষ বা পৰোক্ষভাৱে অনিয়ম সংঘটিত কৰাৰ বাবেই দৰিদ্ৰ হিতাধিকাৰীসকলে সঠিকভাৱে তেওঁলোকৰ গৃহ নিৰ্মাণত ব্যৰ্থ হৈছে।
  উল্লেখ্য যে যিসময়ত পৰিৱৰ্তনকামী চৰকাৰে সৱকা সাথ সৱকা বিকাশ নীতিৰে সৰ্বসাধাৰণক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সেইসময়তেই কাৰ্বি আংলং জিলা গ্ৰামোন্নয়ন বিভাগৰ বোকাজান উন্নয়ন খণ্ডত সংঘটিত এনে বৃহৎ বিত্তীয় কেলেংকাৰীৰ ক্ষেত্ৰত হিতাধিকাৰী সকলে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ হস্তক্ষেপ বিচাৰিছে ৷ আনহাতে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ স্বতন্ত্ৰ বিভাগ হিচাবে পৰৱৰ্তী সময়ত পৰিষদৰ গ্ৰমোন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীৰ ভূমিকা কি হব সেয়াও লক্ষণীয় হব ৷
You might also like