নিয়মীয়া বাৰ্তা ২০জুলাই:দৰং জিলাত দ্ৰুত গতিত বৃদ্ধি পাই অহা কভিড-১৯ৰ গণসংক্ৰমণ প্ৰতিহত কৰিবলৈ জিলাখনৰ দীঘিৰপাৰত পালন কৰা হৈছে স্বঘোষিত লকডাউন।দীঘিৰ পাৰ অঞ্ছলৰ দুগৰাকীকৈ লোকৰ দেহত কভিড১৯ৰ বীজাণু চিনাক্ত হোৱাৰ পিছতে গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই দীঘিৰপাৰ বণিক সন্থা,স্থানীয় বৰসত্ৰ উন্নয়ন সমিতি প্ৰভৃতি সংগঠনে আলোচনা কৰি এই সময়োপযোগী আৰু আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে দীঘিৰ পাৰৰ মুল কেন্দ্ৰৰ একেবাৰে নিকটৱৰ্তী শিংকুছি নিবাসী তথা দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা আৰু তেওৰ বাহনৰ চালকগৰাকী কভিড আক্ৰান্ত হিচাপে চিনাক্ত চিনাক্ত হোৱাৰ পিছতে দীঘিৰ পাৰ বণিক সন্হাই এই সিদ্ধান্ত লৈছে।আজিৰে পৰা আৰম্ভ হোৱা এই স্বঘোষিত লকডাউন প্ৰথম পৰ্যায়ত তিনিদিনৰ বাবে গ্ৰহণ কৰা হৈছে।আৰু আজি প্ৰথম দিনটো সম্পূৰ্ণ শান্তিপূৰ্ণ ভাবে পাৰ হৈ যায় স্বঘোষিত লকডাউন কাৰ্যসূচী।দীঘীৰপাৰ বণিক সন্হাৰ উপদেষ্টা তথা বৰসত্ৰ উন্নয়ন সমিতিৰ সভাপতি হৰি দত্তই প্ৰকাশ কৰা মতে স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী সকলে নিজেই ইছ্ছা প্ৰকাশ কৰিছে এই কাৰ্যসূচীৰ বাবে।যাৰ বাবে আনকি কোনো ধৰণৰ নিৰাপত্তাৰক্ষীৰো ব্যৱস্থা কৰিব লগা হোৱা নাই।আনহাতে দীঘিৰ পাৰ অঞ্ছলৰ এগৰাকী যূৱ সংগঠক তথা বৰসত্ৰ উন্নয়ন সমিতিৰ সম্পাদক বিতোপন ডেকাই প্ৰশাসনৰ নীতি নিয়ম উলংঘা কৰি একাংশ লোকে কৰণাক লৈ বৰ্তমানেও অসচেতন আচৰণ কৰাৰ বিপৰীতে দীঘিৰ পাৰ বণিক সন্হাই গ্ৰহণ কৰা পদক্ষেপ অন্যান্য ঠাইবিশেষেও গ্ৰহণ কৰিলে গণসংক্ৰমণ কিছু পৰিমাণে হলেও ৰোধ কৰিব পৰা যাব।সেয়ে সকলোকে নীতি নিয়মৰ মাজেৰে চলিবলৈও আহ্বান জনায়।উল্লেখযোগ্য যে স্বঘোষিত লকডাউনৰ ফৰা ফাৰ্মাচী সমুহক ৰেহাই দিয়াৰ বাবে দীঘিৰপাৰৰ মাজেৰে পাৰহৈ যোৱা বৰদৌলগুৰি -দেওমৰনৈ আৰু এম পি কে গড়কাপ্তানী পথদুটাৰ যাতায়তৰ ক্ষেত্ৰতো কোনো হস্তক্ষেপ কৰা হোৱা নাই।।