নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তোলনী বিয়াৰ বাবে বৰদৈবামত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি

আজি নতুনকৈ ১৩ গৰাকী কৰোনা পজিটিভ চিনাক্ত

নিয়মীয়া বাৰ্তা  ২০জুলাইঃ ঘিলামৰা  আৰক্ষী থানাৰ অন্তৰ্গত বৰদৈবাম অঞ্চলৰ ম’হবল গাৱঁৰ বিপুল গগৈ( ৩৩)নামৰ কোৰোনা পজিটিভ হোৱা যুৱক জনৰ সংস্পৰ্শলৈ আহি ইতিমধ্যে ম’হবল গাঁৱৰ ৩ জন আৰু বৰদৈবামৰ এজন লোক ক’ৰোনাক্ৰান্ত হোৱাত ঘিলামৰাত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে  আজি আৰু তেৰজন লোকৰ ফলাফল পজিটিভ ওলোৱাত বৰদৈবাম অঞ্চলৰ লগতে ঘিলামৰাতো উত্তেজনাই বিৰাজ কৰিছে।

ঘিলামৰা স্বাস্থ্য বিভাগে জনোৱা মতে ১৮ জুলাইত  বৰদৈবামৰ পাপু বৰুৱা (২৫) নামৰ যুৱকজন ক’ৰোনাক্ৰান্ত হোৱাৰ এদিনৰ পাছত অৰ্থাত আজি তেৰ জন লোকৰ ছেৱাবৰ ফলাফল পজিটিভ ওলোৱাত বৰদৈবাম আৰু ম’হবল গাঁৱত ক’ৰোনা পজিটিভৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পালে। এই আক্ৰান্ত হোৱাৰ লোক সকলৰ মাজত  তিনিটি শিশু আৰু কিশোৰ  ও আছে ।আজি পজিটিভ ওলোৱা লোক  সকল হৈছে ক্ৰমে বুলি নায়ক ৰাভা(২০), প্ৰিয়ংকা গগৈ(২৬), বিতুস্মিন গগৈ(১০), লীলাৱতী ৰাজকোঁৱৰ (৫২), বাবলু ৰাজকোঁৱৰ (৩৩), জুলী ৰাজকোঁৱৰ (২৮), মৃগাংকী ৰাজকোঁৱৰ (১২), গীতাৰ্থী ৰাজকোঁৱৰ ( ৫), লক্ষীনাথ হাজদা (৩৫), বেনুধৰ উপাধ্যায় (৫০), বীৰেন হাজদা (২৬), বুদ্ধেশ্বৰ গোঁহাই (৬২) আৰু দোৰ্কান্ত বৰুৱা (২২)। এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে আক্ৰান্ত লোক সকলক লখিমপুৰৰ ক’ভিদ কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ বাবে  স্থানীয়  প্ৰশাসনে  কাৰ্য ব্যৱস্থা  গ্ৰহণ কৰিছে । অঞ্চলটোত প্ৰথম  জন আক্ৰান্ত যুৱক বিপুল গগৈ য়ে  বৰদৈবাম  মাজি গাঁৱত ২৮জুন ত জনৈক ৰাজকোঁৱৰ গৃহত  এখন তোলনী বিয়াত কেইবাদিনো ধৰি  কাম-কাজৰ  লগত জড়িত হৈছিল আৰু  উক্ত  অনুষ্ঠানলৈ অহা অঞ্চলটো ভালেসংখ্য ব্যক্তি বিশেষ এইদৰে ক’ৰোনাত আক্ৰান্ত হৈ বুলি স্থানীয় ৰাইজে সাংবাদিক জানিবলৈ দিছে ।   আনহাতে ইয়াকে লৈ ঘিলামৰা ৰ বিভিন্ন গাঁৱত ভিতৰি ভিতৰি চাঞ্চ্যলই বিৰাজ কৰিছে । স্থানীয় প্ৰশাসনে নতুনকৈ  আক্ৰান্ত অঞ্চল সমূহ ছিল কৰি সাধাৰণ নাগৰিক আহি জাহ বন্ধ কৰি ৰাখিছে ।

ইফালে ৮ জুলাই ৰ পৰা ঢকুৱাখনা মহকুমা প্ৰশাসনে সংক্ৰমিত এলেকা হিচাপে চিহ্নিত কৰি ১৩ দিনে বন্ধ কৰি ৰখা ঘিলামৰা  ব্যৱসায়ী প্ৰতিষ্ঠান সমুহ  আজিৰে পৰা  প্ৰশাসনে খোলাৰ অনুমতি প্ৰদান কৰাত ঘিলামৰা সদৰ তিনিআলিলৈ স্বাভাবিক অবস্থা ঘুৰি আহিছে।

You might also like