নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ প্রকোপত দেশত হোৰাহোৰে বাঢ়িছে কর্মহীন লোক; গ্রামাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি নিবনুৱা

নিয়মীয়া বার্তা, ২৬ জুলাইঃ মন্দাৱস্থাত থকা বিশ্ব অর্থনীতিত কাল ক’ৰোনাৰ প্রকোপে মোক্ষম আঘাত হানিছে৷ সংহাৰী ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ প্রতিৰোধকল্পে দীর্ঘ লকডাউন ঘোষণা কৰাৰ ফলত ভাৰতৰ অর্থনীতিৰ গতিও সম্প্রতি কার্যতঃ স্তব্ধ৷ কৃষিৰ পৰা উদ্যোগলৈ প্রতিটো খণ্ডতে বিৰাজমান স্থবিৰতা৷ পৰিণতিত দেশত দিনক দিনে বৃদ্ধি পাব ধৰিছে নিবনুৱাৰ সংখ্যা৷ বিশেষকৈ গ্রামাঞ্চলত বাস কৰা লোকৰ কর্মহীনতাৰ সংখ্যা ঊর্ধ্বমুখী হ’ব ধৰিছে৷ এই কথা প্রতীয়মান হৈছে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী (চিএমআইই)ৰ শেহতীয়া তথ্যত৷

তথ্য অনুসৰি চহৰাঞ্চলত নিবনুৱা কিছু পৰিমাণে হ্রাস পালেও গ্রামাঞ্চলত বৃদ্ধি পাইছে কর্মহীনৰ সংখ্যা৷ চিএমআইইৰ প্রতিবেদন মতে, বর্তমান গ্রামাঞ্চলত নিবনুৱাৰ হাৰ ৭.১ শতাংশ৷ ইয়াৰ বিপৰীতে চহৰাঞ্চলত কাম হেৰুৱাইছে ৯.৭৮ শতাংশই৷ একেটা সংস্থাই যোৱা ১২ জুলাইত প্রকাশ কৰা তথ্য অনুসৰি গ্রামাঞ্চলত নিবনুৱাৰ হাৰ আছিল ৬.৩৪ শতাংশ৷ কিন্তু মাত্র কেইটামান দিনৰ ব্যৱধানতে এই হাৰ ৭.১ শতাংশলৈ বৃদ্ধি পোৱাটো দেশৰ অর্থনীতিৰ বাবে উদ্বেগৰ বিষয় ৰূপে বিবেচিত হৈছে৷ অৱশ্যে চহৰাঞ্চলত সামান্য পৰিমাণে নিবনুৱাৰ সংখ্যা হ্রাস পাইছে৷ প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি সম্প্রতি চহৰাঞ্চলত নিবনুৱাৰ হাৰ হ’ল ৯.৯২ শতাংশ৷ সামগ্রিকভাৱে দেশত নিবনুৱাৰ সংখ্যা এতিয়া ঊর্ধ্বমুখী হৈছে৷ কিয়নো ১২ জুলাইত এই হাৰ ৭.৪৪ শতাংশ আছিল যদিও শেহতীয়াকৈ সেয়া বৃদ্ধি পাইছে ৭.৯৪ শতাংশলৈ৷ মূলতঃ দেশৰ উদ্যোগ খণ্ডৰ পৰিণতিতে নিবনুৱাৰ সংখ্যা এইদৰে বাঢ়ি গৈ আছে৷ যোৱা ২৪ মার্চত ঘোষণা কৰা লকডাউনৰ চাৰিটা পর্যায়ত ৬৮ দিনকৈ উদ্যোগকে ধৰি উৎপাদনশীল প্রতিটো খণ্ড স্থবিৰ হৈ পৰিছিল৷ এই সময়ছোৱাত হাজাৰ হাজাৰ লোকে নিজৰ কর্মসংস্থাপন হেৰুৱাই ইতিমধ্যে গৃহাভিমুখী হৈছে৷

চৰকাৰৰ তৰফৰ পৰা এইসকল লোকক এমজিএনৰেগাকে ধৰি বিভিন্ন আঁচনিৰ অন্তর্ভুক্ত কৰাৰ কথা ঘোষণা কৰিলেও সেয়া বাস্তৱত কিমান ফলৱর্তী হৈছে সেয়াও বিচার্যৰ বিষয়৷ কিয়নো গ্রামাঞ্চলত বাস কৰা এনে শ্রমিকসকলৰ বহুতে যে কাম পোৱা নাই, সেই কথা একপ্রকাৰ উক্ত তথ্যই প্রমাণিত কৰিছে৷ মন কৰিবলগীয়া কথাটো হ’ল যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে লকডাউন বলৱৎ হৈ থকাৰ সময়ত দেশত মে’ মাহত সর্বাধিক ২৭.১১ শতাংশ (চিএমআইইৰ তথ্য মতে)লৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছিল৷ ৩ মে’ত শেষ হোৱা সপ্তাহটোত গ্রামাঞ্চলত ২৬.১৬ আৰু চহৰাঞ্চলৰ ২৯.২২ শতাংশ লোকক কর্মহীন ৰূপে চিহ্ণিত কৰিছিল চিএমআইইয়ে৷ এই সন্দর্ভত বিশেষজ্ঞসকলে কৈছে যে সম্প্রতি নিবনুৱাৰ সংখ্যা কমাৰ কাৰণ হ’ল লকডাউনৰ পিছত বহু অসংগঠিত ক্ষেত্রৰ শ্রমিক তথা স্বনির্ভৰশীলসকলে কামত ব্রতী হ’ব পাৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে ‘এআইটিইউচি’সহ একাধিক ট্রেড ইউনিয়নৰ স্পষ্ট অভিযোগ– চহৰত যিসকলে দৈনিক ৫০০ৰ পৰা ৮০০ টকা পর্যন্ত মজুৰিত উদ্যোগ বা অন্য কামত নিয়োজিত আছিল, তেওঁলোকে এতিয়া ১৫০ৰ পৰা ১৮০ টকাতেই কাম কৰিবলগীয়া হৈছে৷ পৰিণতিত এইসকল লোকৰো উপার্জন স্বাভাৱিকতে কমিছে৷ যিটো অর্থনৈতিক দিশত অন্য এক ঋণাত্মক বিষয় ৰূপে চিহ্ণিত হৈছে৷ অৱশ্যে লকডাউন শিথিল কৰাৰ লগে লগে আজিৰ তাৰিখত দেশৰ অর্থনীতিৰ কাৰণে ভয়ংকৰ এই চিত্রখন নাই যদিও নিবনুৱাৰ হাৰ পুনৰ বৃদ্ধিৰ বিষয়টো যথেষ্ট উদ্বেগজনক ৰূপে বিবেচিত হৈছে৷

বিশেষজ্ঞসকলৰ মতে, ইয়াৰ মূলতে দেশৰ অর্থনীতিৰ গতি স্তব্ধ হৈ পৰাটো৷ যদিহে অর্থনীতিৰ তৎকালীন বিকাশ সাধন নহয়, তেন্তে দেশে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷ ইফালে, দেশৰ অর্থনীতিত বিৰাজ কৰা এনে দুর্যোগৰ মাজতে ৰাষ্ট্রসংঘৰ এক প্রতিবেদনত কার্যতঃ ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দিয়া হৈছে৷ ৰাষ্ট্রসংঘৰ আন্তর্জাতিক শ্রম সংস্থা (আইএল’)ৰ শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি ক’ৰোনাৰ দ্রুত সংক্রমণ ৰোধ কৰিব নোৱাৰিলে বিশ্বত ১১.৯ শতাংশ কর্মসময় নষ্ট হ’ব৷ যিটো ৩৪ কোটি পূর্ণকালীন কর্মচাৰীৰ কাম হেৰুওৱাৰ সময়ৰ সমান৷ অকল সেয়াই নহয়, একেখন প্রতিবেদনত উল্লেখ কৰা হৈছে যে ক’ৰোনা ভাইৰাছৰ ফলশ্রুতিত ২০৩০ চনৰ ভিতৰত আৰু ১০ কোটি মানুহ দাৰিদ্র্য সীমাৰেখাৰ তলত অন্তর্ভুক্ত হ’ব লাগিব৷ প্রতিবেদনখনত উল্লেখ কৰা মতে, ক’ৰোনা কালত এপ্রিল–জুন এই ত্রৈমাষিকত শ্রম সময় নষ্ট হৈছে ১৪ শতাংশ৷ যিটো ৪০ কোটি পূর্ণকালীন কর্মচাৰীৰ চাকৰিৰ সময়৷ চলিত বছৰটোৰ দ্বিতীয়ার্ধত এই সংক্রমণ ৰোধ কৰিব নোৱাৰিলে পৰিস্থিতি প্রায় অনুৰূপ অৱস্থাতে থাকিব৷ যদিহে মহামাৰীক আয়ত্তত ৰাখিব পৰা যায় বা বিশ্ব অর্থনীতিৰ গতি দ্রুতহাৰত ঘূৰি আহেও, কর্মসময় ১.২ শতাংশহে উন্নত হ’ব পাৰে৷ অর্থাৎ ইয়াৰ পিছতো কাম হেৰুৱাব লাগিব বিশ্বৰ ৩৪ কোটি পূর্ণকালীন কর্মচাৰীয়ে৷

You might also like