নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ প্রতিকূলতা নেওচি ৰাজ্যত স্বাৱলম্বিতাৰ জোৱাৰ

নিয়মীয়া বাৰ্তা , ২৭ জুলাই:  বিশ্বজুৰি ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)এ সৃষ্টি কৰা ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি দেশজুৰি ঘোষণা কৰা লকডাউনে অর্থনৈতিক ব্যৱস্থাত ব্যাপক প্রভাৱ পেলাইছে৷ দেশৰ ভিন্ন প্রান্তৰ লগতে অসমতো ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে লকডাউনৰ লগতে সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ তদুপৰি চৰকাৰী–বেচৰকাৰী কার্যালয়ৰ লগতে দোকান–পোহাৰ আৰু ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ ক্ষেত্রতো বান্ধি দিয়া হৈছে নতুন নীতি–নিয়ম৷

সামগ্রিকভাৱে লকডাউনৰ ফলত কর্মহীন হৈ পৰিবলগীয়া হৈছে বহু লোক৷ কিন্তু ইয়াৰ মাজতে লকডাউনৰ প্রতিকূলতাক নেওচি স্বাৱলম্বিতাৰ ক্ষেত্রত নতুন নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে একাংশ ব্যক্তি৷ বিভিন্ন ক্ষেত্রত নিজা প্রচেষ্টাৰে গঢ়ি তোলা ব্যৱসায়েৰে লকডাউনৰ মাজতো সুন্দৰভাৱে ব্যৱসায় কৰিবলৈ সক্ষম হৈছে এইসকল ব্যক্তি৷ বিশেষকৈ কৃষি খণ্ডত আধুনিক প্রযুক্তিৰ ব্যৱহাৰেৰে সফলতাৰে উজলি উঠিছে বহু শিক্ষিত যুৱক–যুৱতী৷ ইয়াৰ সমান্তৰালকৈ লকডাউনৰ মাজত নিজৰ ব্যৱসায় চলাই নিবলৈ সন্ধান কৰিছে বিকল্প পদ্ধতি আৰু এইক্ষেত্রত সফলতাও লাভ কৰিছে৷ এনে উৎকৃষ্ট উদাহৰণ হ’ল প্রকাশক গোষ্ঠী বর্ণ৷ লকডাউনৰ আৰম্ভণিতে সন্মুখীন হোৱা প্রত্যাহ্বানৰ প্রতি লক্ষ্য ৰাখি বর্ণই কিতাপৰ হোম ডেলিভাৰী দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰে আৰু সেই অনুসৰি যাৱতীয় ব্যৱস্থাও গ্রহণ কৰে৷ সম্প্রতি তেওঁলোকৰ এই প্রচেষ্টাই ৰাজ্যজুৰি জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ বর্ণৰ হৈ ৰক্তিম ঠাকুৰীয়াই সদৰী কৰা অনুসৰি দেশজুৰি ঘোষণা কৰা লকডাউনৰ পিছত আনলক প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে কিতাপৰ হোম ডেলিভাৰীৰ ব্যৱস্থাও তেওঁলোকে আৰম্ভ কৰে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে অসমৰ বাহিৰলৈও বর্ণই আৰম্ভ কৰিছে কিতাপৰ হোম ডেলিভাৰী৷ প্রথমাৱস্থাত তেওঁলোকে ৱেবছাইট সৃষ্টি কৰি তাৰ জৰিয়তে কিতাপ বিক্রী কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু এইক্ষেত্রত কিছু সঁহাৰি কমকৈ লাভ কৰাত বর্ণই ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ সিদ্ধান্ত গ্রহণ কৰে৷

সেই অনুসৰি ফেচবুকত বর্ণ নামেৰে এটা ‘পেজ’ সৃষ্টি কৰি পাঠকক হোম ডেলিভাৰীৰ ব্যৱস্থা সন্দর্ভত অৱগত কৰে৷ ফেচবুকৰ জৰিয়তে লাভ কৰা হোৱাটছএপ নম্বৰেৰে পাঠকে কিতাপৰ বাবে অর্ডাৰ দিবলৈ আৰম্ভ কৰে৷ হোৱাটছএপত প্রেৰণ কৰা ঠিকনালৈ বর্ণই ডাকযোগে জৰিয়তে কিতাপ প্রেৰণৰ আৰম্ভ কৰে৷ গুৱাহাটীত তেওঁলোকে হোম ডেলিভাৰীৰ ব্যৱস্থা কৰে৷ আনকি পাঁচশ টকাতকৈ অধিক মূল্যৰ কিতাপ ক্রয় কৰিলে হোম ডেলিভাৰী বিনামূলীয়াকৈ কৰি আহিছে বর্ণই৷ অৱশ্যে ঠাকুৰীয়াই সদৰী কৰা অনুসৰি গুৱাহাটীৰ তুলনাত ডিব্রুগড়, তিনিচুকীয়া, ধেমাজি, যোৰহাট, দৰং, গোলাঘাট আদি স্থানৰ পৰাহে অধিক অর্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

প্রতিদিনে তেওঁলোকে ৫০ৰ পৰা ৬০টালৈ অর্ডাৰ লাভ কৰি আহিছে৷ ঠাকুৰীয়াই জনোৱা মতে, মাহেকীয়া হিচাপত লক্ষাধিক টকাৰ কিতাপ বিক্রী কৰিবলৈ সক্ষম হৈছে৷ এই প্রসংগত তেওঁ কয়– ‘পূর্বে গ্রন্থমেলাসমূহত বাহিৰা কিতাপৰ বিক্রী হৈছিল৷ কিন্তু গ্রন্থমেলা বছৰত এখন বা দুখনহে অনুষ্ঠিত হয়৷ যাৰ ফলত কিতাপ বিক্রীৰ সংখ্যাও কম হয়৷ বহু সময়ত ভিতৰুৱা অঞ্চলৰ কিতাপৰ দোকানসমূহত সকলো ধৰণৰ কিতাপ অথবা পাঠকৰ পছন্দৰ কিতাপ উপলব্ধ নাথাকে৷ ফলত তেওঁলোকে কিতাপ পঢ়াৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ বর্তমান আমাৰ পৰা সকলো ধৰণৰ কিতাপ কিনাৰ সুযোগ লাভ কৰিছে পাঠকেও৷ লকডাউনৰ বাবে স্তব্ধ হৈ পৰা ব্যৱসায়ৰ মাজতে অসমীয়া কিতাপৰ প্রতি পাঠকৰ এনে আগ্রহ নিশ্চয়কৈ উৎসাহজনক৷’ তেওঁ সদৰী কৰা অনুসৰি অসম প্রকাশন পৰিষদৰ বুৰঞ্জীমূলক কিতাপসমূহৰ লগতে শিশু গ্রন্থ, নির্মলপ্রভা বৰদলৈ, ড০ ভবেন্দ্র নাথ শইকীয়াৰ গ্রন্থৰ উপৰি গল্প আৰু ৰচনাৱলীসমূহ বিচাৰি পাঠকে বর্ণৰ সৈতে যোগাযোগ কৰি আহিছে৷ ইপিনে, কল খেতিৰে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে গোৱালপাৰাৰ দেৱব্রত ৰাভাই৷ প্রায় ২০০ বিঘা ভূমিত কলৰ খেতি কৰি স্বাৱলম্বী হোৱা ৰাভাই লকডাউনৰ মাজতো সন্মুখীন হ’বলগীয়া নহ’ল লোকচানৰ৷ তেওঁ জনোৱা মতে, জানুৱাৰী–ফেব্রুৱাৰীৰ পৰা তেওঁ নিতৌ কল কাটি বজাৰত বিক্রী কৰি আহিছে৷ শেহতীয়াকৈ প্রথম ২১ দিনীয়া লকডাউনৰ ১৫ দিনমান পিছতে কল পকিবলৈ আৰম্ভ কৰাত প্রথমে তেওঁ কিছু সমস্যাৰ সন্মুখীন হৈছিল৷ কিন্তু জিলা প্রশাসনৰ অনুমতি লৈ পকিবলৈ আৰম্ভ কৰা কল বিক্রী কৰিবলৈ সক্ষম হয়৷ দৈনিক ৫০০–৬০০ থোক কল কাটি বিক্রী কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ প্রকাশ কৰা অনুসৰি লকডাউনৰ সময়ছোৱাত কলৰ বিক্রী ৫০–৭০ শতাংশ বৃদ্ধি হৈছে৷

সম্প্রতি পুনৰ নতুনকৈ প্রায় আঢ়ৈশ বিঘা ভূমিত কল লগাইছে ৰাভাই৷ অহা দুই–তিনি মাহৰ ভিতৰত কল বিক্রীৰ বাবে পুনৰ সাজু হৈ উঠিব বুলি সদৰী কৰি তেওঁ কয়– ‘মই চেনিচম্পা কল দৰংগিৰি বজাৰত বিক্রী কৰি আহিছোঁ৷ এই কলৰ নেপাল, ভূটানৰ লগতে উত্তৰ প্রদেশ আৰু বিহাৰত যথেষ্ট চাহিদা আছে৷ স্থানীয়ভাৱে মালভোগ কলৰ চাহিদা যথেষ্ট বেছি৷’ ইয়াৰ পূর্বে ডুবাইলৈও তেওঁৰ বাগিচাৰ কল প্রেৰণ কৰিবলৈ সক্ষম হৈছিল৷ কৃষি অর্থনীতিৰে অসমৰ দৰে ৰাজ্য সদায় নিজৰ ভৰিত থিয় দিবলৈ শক্তি লাভ কৰিব তাৰ আন এক উদাহৰণ হৈছে নলবাৰীৰ ডলীৰাণী দাস হালৈ৷ জিলাখনৰ বানেকুছিৰ বাসিন্দা মহিলাগৰাকীয়ে কাঠফুলাৰ খেতিৰে আন দহজনক উপার্জনৰ পথ দেখুৱাবলৈ সক্ষম হৈছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা সামগ্রিক পৰিস্থিতিত কর্মসংস্থাপন হেৰুৱাই বহু লোকে দিক্–বিদিক হেৰুওৱাৰ সময়তে নিজৰ ফার্মত উৎপাদিত কাঠফুলাৰ সুন্দৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় হালৈ৷ লকডাউনৰ মুঠেও প্রভাৱ পৰা নাই বুলি উল্লেখ কৰি তেওঁ কয়– ‘যোৱা ৫ মার্চত কাঠফুলাৰ খেতি লগাইছিলোঁ৷ প্রায় ২৫ দিন পিছত এই কাঠফুলা পৈণত হৈ বিক্রীৰ বাবে সাজু হৈ উঠে৷

লকডাউনৰ বাবে কি কৰিম, কি নকৰিম ভাবিবলৈ লৈছিলোঁ৷ কিন্তু পৰৱর্তী সময়ত উপায়ুক্তৰ অনুমতি গ্রহণ কৰি এই কাঠফুলা বিক্রীৰ পদক্ষেপ ল’বলৈ সক্ষম হ’লোঁ আৰু অলপমানো কাঠফুলা নষ্ট নোহোৱাকৈ বজাৰত বিক্রী কৰিলোঁ৷ লকডাউনৰ সময়ত গেলামালৰ দোকানসমূহ যিহেতু খোলা আছিল, সেয়েহে বিক্রীৰ ক্ষেত্রত কোনো অসুবিধা নাই পোৱা নাছিলো৷ বৰপেটা, নলবাৰী, ৰঙিয়াত মোৰ কাঠফুলাৰ যথেষ্ট চাহিদা আছে৷’ উল্লেখ্য যে মহিলাগৰাকীয়ে দার্জিলিঙৰ পৰা স্পন আনি কাঠফুলাৰ খেতি কৰি আহিছে৷ ইতিমধ্যে কেইবাখনো কৃষক মেলাত সমাদৰ লাভ কৰা হালৈয়ে আৰিয়ান মাছৰুম এণ্ড ফুড প্রচেছিং চেণ্টাৰত উৎপাদিত মাছৰুম দার্জিলিং, ছিকিম আদিতো বিক্রী কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি এই চেণ্টাৰৰ অধীনত মাছৰুম বিস্কুট, মাছৰুম কেকৰ লগতে আচাৰ, দৈ, পনিৰ উৎপাদন কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ তেওঁ উৎপাদন কৰা কেক, বিস্কুট দার্জিলিং, ছিকিম আৰু কাঠমাণ্ডুত যথেষ্ট জনপ্রিয় হৈছে৷ নিজৰ এই কাম সন্দর্ভত তেওঁ কয়– ‘এই ফার্মৰ জৰিয়তে নিজৰ পৰিয়ালৰ লগতে আন তিনি–চাৰিটা পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছোঁ৷ এনেধৰণৰ উদ্ভাৱনীমূলক কাম কৰিবলৈ পাই মই উৎসাহিত৷ নিজৰ ভৰিত নিজে থিয় হৈ উপার্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছোঁ৷’ নলবাৰীত কেঁচুসাৰ উৎপাদনেৰে স্বাৱলম্বী হোৱা কণিকা তালুকদাৰৰ আদর্শ অনুসৰণ কৰিও কর্মসংস্থাপনৰ এক নতুন পথ গ্রহণ কৰিব পাৰে কর্মহীন হৈ পৰা বহু লোকে৷ অতি কম খৰচতে আৰু ঘৰুৱা সামগ্রী ব্যৱহাৰেৰে কেঁচুসাৰ উৎপাদন কৰি প্রতিমাহে ৭০ৰ পৰা ৮০ হাজাৰ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী মহিলাই৷

কৃষি বিভাগৰ অধীনত প্রশিক্ষণ গ্রহণ কৰি কেঁচুসাৰ উৎপাদনৰ কাম আৰম্ভ কৰিছিল কণিকা তালুকদাৰে৷ সম্প্রতি তেওঁ এবিঘা মাটিত কেঁচুসাৰ উৎপাদন কৰি আছে৷ লকডাউনৰ সময়তো তেওঁৰ এই ব্যৱসায়ত কোনোধৰণৰ প্রভাৱ পৰা নাই বুলি উল্লেখ কৰি কয় যে কম খৰচত এয়া এক লাভজনক ব্যৱসায়৷ মেটেকা, কলগছ, বাৰীত থকা লতা, পচা জাবৰ আদি ব্যৱহাৰ কৰিয়েই কেঁচুসাৰ উৎপাদন কৰিব পাৰি৷ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ তুলনাত কেঁচুসাৰ ব্যৱহাৰৰ যথেষ্ট উপকাৰিতা আছে৷ সম্প্রতি তেওঁ ১ কিলোগ্রাম, ৫ কিলোগ্রাম আৰু ৫০ কিলোগ্রামৰ কেঁচুসাৰৰ পেকেট বজাৰত বিক্রী কৰি আহিছে৷ যোৰহাটত ছাগলীৰ ফার্মৰ জৰিয়তে আত্মনির্ভৰশীলতাৰ উদাহৰণ দাঙি ধৰিছে শিৱচান্দ হাতীবৰুৱাই৷ যোৰহাটৰ লগতে গুৱাহাটীত তেওঁ ছাগলীৰ ফার্ম স্থাপন কৰি যথেষ্ট লাভ অর্জন কৰিবলৈ সক্ষম হৈছে৷ তেওঁ প্রকাশ কৰা অনুসৰি যোৰহাটত থকা ফার্মত বর্তমান ২০০টা মাইকী ছাগলী আৰু ২০টা মতা ছাগলী আছে৷ এই ফার্মত তেওঁ পোৱালি যোগোৱাৰ কাম কৰি আহিছে৷ এই পোৱালিসমূহ বিভিন্ন আত্মসহায়ক গোটক প্রতিপালন কৰিবলৈ দিয়া হয়৷ ইয়াৰ বাবদ খৰচ তেওঁৰ পৰাই যোগান ধৰে৷ বিক্রীৰ বাবে সাজু হৈ উঠিলে পুনৰ আত্মসহায়ক গোটসমূহৰ পৰা লৈ তেওঁ বজাৰত এই ছাগলীসমূহ বিক্রী কৰি আহিছে৷ যোৰহাট পশুধন নিগমৰ অধীনত এই ছাগলীসমূহ বজাৰত মাংস হিচাপে বিক্রী কৰা হয়৷ তেওঁৰ ফার্মত প্রতিমাহে ৫০ৰ পৰা ৬০টা পর্যন্ত পোৱালি জন্ম হৈ আছে৷ ইয়াৰ জৰিয়তে তেওঁ নিজৰ লগতে কেইবাটাও পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে৷

লকডাউনৰ সময়তো তেওঁৰ এই ব্যৱসায় সুন্দৰভাৱে অব্যাহত থকা বুলি সদৰী কৰিছে৷ স্বাৱলম্বিতাৰ নিদর্শনেৰে উজলি উঠা এইসকল ব্যক্তিৰ কাহিনীয়ে কর্মসংস্থাপনহীন হোৱা লোকসকলক এক নতুন দিশ দিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি৷

You might also like