অচলাৱস্থাৰ দিশে ৰাজ্যৰ প্রশাসন–আৰক্ষী; অসম এৰি ডেপুটেচনত যোৱাৰ প্রস্তুতি এক ডজন আইএএছ আইপিএছ বিষয়াৰ
নিয়মীয়া বাৰ্তা , ২৭ জুলাই: ৰাজ্যত কর্মৰত বৃহৎসংখ্যক আইএএছ–আইপিএছ বিষয়াই এতিয়া ডেপুটেচনত যোৱাৰ প্রস্তুতি চলাইছে৷ এনে একাংশ বিষয়াৰ ডেপুটেচনত অনুমোদন হোৱাৰ বিপৰীতে বহুকেইজন বিষয়াৰ অনুমোদনৰ ফাইল বর্তমান মুখ্যমন্ত্রীৰ টেবুলত৷ এই বৃহৎসংখ্যক বিষয়াৰ ডেপুটেচনৰ ফলত এতিয়া কার্যতঃ ৰাজ্য প্রশাসনত অচল অৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্রবল৷ ইতিমধ্যে অসমত ৩০ শতাংশ কেডাৰ পদ খালী হৈ থকা বাবে ৰাজ্যিক কেডাৰৰ বহু বিষয়াই কেডাৰ জিলাতো উপায়ুক্ত অথবা আৰক্ষী অধীক্ষকৰ পদ চম্ভালিবলগীয়া হৈছে৷
আনহাতে, প্রশাসনৰ হূৎপিণ্ডস্বৰূপ ৰাজ্যিক সচিবালয়ত এজন আইএএছ বিষয়াৰ ওপৰতেই ন্যস্ত আছে প্রায় ৬–৭টাকৈ বিভাগৰ দায়িত্ব৷ এনে পৰিস্থিতিত বিভাগীয় আঁচনি ৰূপায়ণৰ ক্ষেত্রত স্থবিৰতা আহি পৰাও পৰিলক্ষিত হৈছে৷ এনে অৱস্থাতে ৰাজ্যৰ পৰা ডেপুটেচনত যাব বিচৰা শীর্ষ আইএএছ বিষয়াকেইজন হৈছে– মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, বিত্ত–স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, এছএডি–জিএডিৰ আয়ুক্ত সচিব ড০ এম অংগমুথু, কৃষি আৰু পার্ছনেল বিভাগৰ আয়ুক্ত সচিব কে কে দ্বিবেদী, বন–জলসিঞ্চন বিভাগৰ প্রধান সচিব অবিনাশ যোশী আদি৷ উল্লেখ্য যে অসম–মেঘালয় কেডাৰৰ ১৩জনকৈ আইএএছ বিষয়া সম্প্রতি ডেপুটেচনত আছে৷ ইফালে, ডেপুটেচনত যাব বিচৰা আইপিএছ বিষয়াকেইগৰাকী হৈছে– গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ পূব মণ্ডলৰ ডিচিপি সুহাশিনী শংকৰন, পশ্চিম মণ্ডলৰ ডিচিপি নীলেশ ছাৰভাৰকাৰ, ডিব্রুগড়ৰ আৰক্ষী অধীক্ষক শ্রীজিৎ টি, লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিং, ধেমাজিৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ধানাৱাট আৰু এআইজি (এ) বৈভৱ নিম্বলকাৰ৷
শেহতীয়াকৈ অসম অৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান দীপক কুমাৰে নর্থ–ইষ্ট পুলিচ একাডেমীৰ সঞ্চালক হিচাপে যোগদান কৰাৰ উপৰি আৰক্ষী মহাপৰিদর্শক অনুৰাগ টাংখাই ৰ’ত ডেপুটেচন লাভ কৰিছে৷
জানিব পৰা মতে, সুহাশিনী শংকৰন আৰু নীলেশ ছাৰভাৰকাৰে আইবিত, ৰাজবীৰ সিং আৰু বৈভৱ নিম্বলকাৰে চিবিআইত, শ্রীজিৎ টিয়ে ‘নিয়া’ত আৰু ধনঞ্জয় ধানাৱাটে ৰ’ত ডেপুটেচন লাভ কৰিছে৷ ইয়াৰ উপৰি অসম আৰক্ষীৰ ১৮জন বিষয়া ইতিমধ্যে বিভিন্ন কেন্দ্রীয় সংস্থাত ডেপুটেচনত আছে৷ জিলা আৰক্ষী অধীক্ষক পর্যায়ৰ ৫জনকৈ আইপিএছ বিষয়া ডেপুটেচনত যোৱাৰ পিছত ৰাজ্যখনৰ বিভিন্ন কেডাৰ জিলাত আৰক্ষী অধীক্ষক নিযুক্তিৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হোৱাটো প্রায় নিশ্চিত৷
ৰাজ্যৰ প্রশাসন আৰু আৰক্ষী প্রশাসনৰ সর্বভাৰতীয় সেৱাৰ বিষয়াই ডেপুটেচনলৈ যোৱাটো নিয়ম যদিও শেহতীয়াকৈ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ পিছত উন্নয়ন আঁচনি ৰূপায়ণ আৰু অর্থনৈতিক খণ্ডত স্থবিৰতা আহি পৰাৰ সময়ত বিষয়াৰ নাটনিয়ে বৃহৎ সমস্যা সৃষ্টি কৰাটো নিশ্চিত৷ বিধানসভা নির্বাচনলৈ আৰু মাত্র ৮–৯ মাহ বাকী থকা অৱস্থাত এনেদৰে ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰি থকা বহু বিষয়াই ডেপুটেচনত ৰাজ্য ত্যাগ কৰিব বিচৰাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷