নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফ–বাওঁপন্থীৰ হাত ধৰিও মিলাব পৰা নাই মেজিক নাম্বাৰ ৬৪

নিয়মীয়া বাৰ্তা , ২৭ জুলাই:  আসন্ন বিধানসভা নির্বাচনত কংগ্রেছে বিজেপিক উৎখাত কৰি ৰাজ্যৰ শাসনভাৰ দখলৰ সপোন দেখি আছে যদিও চৰকাৰ গঠনৰ ক্ষেত্রত প্রয়োজন হোৱা মেজিক নম্বৰ ৬৪ আহৰণৰ অংক এতিয়াও বিৰোধী দলটোৱে মিলাব পৰা নাই৷ আনকি বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ আৰু বাঁওপন্থী দল চিপিআই, চিপিআই(এম)ৰ লগত মহাজোঁট গঠন কৰি নির্বাচনত অৱতীর্ণ হ’লেও কংগ্রেছে ক্ষমতা দখলৰ বাবে দৰকাৰ হোৱা মেজিক নম্বৰ আহৰণৰ ক্ষেত্রত এই মুহূর্তলৈ নিশ্চিত হ’ব পৰা নাই৷ এই সমস্ত অংকত আউল লাগিছে এআইইউডিএফৰে কৰা মিত্রতাৰ ফলত উজনি অসম আৰু উত্তৰ অসমত কংগ্রেছৰ হ’ব পৰা সম্ভাব্য ক্ষতিক কেন্দ্র কৰি৷ এইক্ষেত্রত কংগ্রেছে এতিয়ালৈ সেই ক্ষতিৰ ঘাটি কিদৰে পূৰণ কৰিব, সেই সমীকৰণ মিলাব পৰা নাই৷

কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, অহা বিধানসভা নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা হোৱাটো এশ শতাংশ নিশ্চিত৷ দুয়োটা দলেই ইতিমধ্যে মিত্রতাৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে৷ কেৱল আসন বুজাপৰা আৰু মিত্রতা সম্পর্কত আনুষ্ঠানিক ঘোষণাহে বাকী৷ কংগ্রেছৰ প্রাৰম্ভিক অংক অনুসৰি দুয়োটা দলৰ মাজত মিত্রতা হ’লে বৰাক উপত্যকা, নামনি অসম আৰু মধ্য অসমৰ পৰা তেওঁলোকে ৪৭টা সমষ্টি দখল কৰিব পাৰিব৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, অংক মতে তেওঁলোকে দখল কৰিবলৈ সক্ষম হ’বলগীয়া সমষ্টিসমূহ হৈছে– ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোণাই, উদৰবন্দ, লক্ষীপুৰ, বৰখলা, কাটিগড়া, মানকাচৰ, দক্ষিণ শালমাৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, অভয়াপুৰী দক্ষিণ, অভয়াপুৰী উত্তৰ, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, ভৱানীপুৰ, বৰপেটা, জনিয়া, সৰুক্ষেত্রী, চেঙা, বকো, ছয়গাঁও, বৰক্ষেত্রী, হাজো, মঙলদৈ, ছিপাঝাৰ, দলগাঁও, লাহৰীঘাট, ৰহা, ধিং, বটদ্রৱা, ৰূপহী, যমুনামুখ, হোজাই, লামডিং আৰু নাওবৈচা৷ সেইদৰে সম্প্রতি বাঁওপন্থী দল চিপিআই, চিপিআই(এম) দলৰ সৈতেও মহাজোঁট গঠনৰ প্রাৰম্ভিক যোগাযোগ অব্যাহত আছে৷

অৱশ্যে বাঁওপন্থী দল চিপিআইক মৰিগাঁও আৰু চিপিআই (এম)ক সৰভোগ আৰু ৰঙিয়া সমষ্টিহে এৰি দিয়াৰ সম্ভাৱনা আছে৷ সেই অনুসৰি কংগ্রেছ, এআইইউডিএফ, চিপিআই, চিপিআই (এম) মিলি এই মুহূর্তত তেওঁলোকৰ হিচাপতেই দখললৈ আহিবলগীয়া সমষ্টিৰ সংখ্যা হয়গৈ ৫০টা৷ অথচ চৰকাৰ গঠন কৰিবলৈ হ’লে তেওঁলোকক প্রয়োজন হ’ব মেজিক নম্বৰ ৬৪ৰ৷ তদুপৰি মহাজোঁট গঠনৰ লগে লগে উদ্ভৱ হ’বলগীয়া ক্রিয়া–প্রতিক্রিয়া, ক্ষোভ, অসন্তুষ্টিৰ পৰিণতিত তেওঁলোকে যে কমেও ১০খন আসন হেৰুৱাব, সেয়াও দলৰ নেতৃত্বই উপলব্ধি কৰিছে৷ ফলত মহাজোঁটৰ আসনৰ সংখ্যা ৪০লৈ হ্রাস পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ইয়াৰ বিপৰীতে উজনি অসম আৰু উত্তৰ অসমত খোপনি হেৰুৱাই পেলোৱা কংগ্রেছে এআইইউডিএফৰে কৰা মিত্রতাৰ পৰিণতিত এইবাৰ যে অধিক ক্ষতিগ্রস্ত হ’ব, সেয়াও সহজে অনুমেয়৷ উজনি আৰু উত্তৰ অসমত নির্বাচনী ফলাফলত নির্ণায়ক ভূমিকা গ্রহণ কৰা চাহ জনগোষ্ঠী, আহোম, মিচিং, দেউৰী আদি জনগোষ্ঠীৰ ওচৰত হূত ভাবমূর্তি কংগ্রেছে কেনেদৰে পুনৰ উদ্ধাৰ কৰিব, সেই সমীকৰণ এতিয়াও মিলাব পৰা নাই৷

এইক্ষেত্রত কংগ্রেছৰ লবীকেন্দ্রিক ৰাজনীতিয়েও দলটোক যে যথেষ্ট ক্ষতিগ্রস্ত কৰিব, সেয়াও নিশ্চিত৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত দলটোৰ এটা শিবিৰে এআইইউডিএফৰে মিত্রতাৰ পোষকতা কৰি অহাৰ সময়তে বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ নেতৃত্বত এক শক্তিশালী শিবিৰে সেই মিত্রতাৰ বিৰোধী শিবিৰত অৱস্থান কৰি আছে৷ ফলত এআইইউডিএফ–চিপিআই–চি (এম)ক লৈ কংগ্রেছে কৰিব বিচৰা মহাজোঁটৰ ৰাজনীতি কংগ্রেছৰ বাবে আশীর্বাদ হয় নে অভিশাপ হয়, সেয়া সময়তহে ক’ব পৰা যাব৷ কিন্তু প্রাৰম্ভিক অৱস্থাতেই মহাজোঁট গঠনৰ জৰিয়তে চৰকাৰ গঠনৰ বাবে প্রয়োজন হোৱা মেজিক নম্বৰ ৬৪ আহৰণ কৰিব নোৱাৰাৰ অংকই সাম্প্রতিক ৰাজনীতিৰ বিশেষ পৰিৱর্তন হৈ নির্বাচনৰ প্রাক্মুহূর্তত বিজেপিবিৰোধী নতুন ঢ়ৌ সৃষ্টি নহ’লে লাভৰ পৰিৱর্তে কংগ্রেছ ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনাই অধিক প্রকট হৈ পৰিছে৷

You might also like