নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টৰ ভিতৰত কমিছন মোকলাই দিয়াৰ দাবী ধেমাজি জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ অহা ১৫ আগষ্টৰ ভিতৰত সুলভ মূল্যৰ দোকান সকলে পাব লগা সমুদায় কমিছন আদায় দিবলৈ দাবী জনাইছে ধেমাজি জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই।অসমৰ সুলভ মূল্যৰ দোকান সকলে পাব লগা পাঁচশ ঊনৈশ কোটি সাতানব্বৈ লাখ টকা নিৰ্ধাৰিত সময়ত আদায় নিদিলে পহিলা চেপ্তেম্বৰৰ পৰা সুলভ মূল্যৰ সামগ্ৰী উত্তোলন আৰু বিতৰণ বন্ধ কৰাৰ হুংকাৰ দিছে সংগঠনটোয়ে।

আজি ডেকাপামৰ সুলভ মূল্যৰ দোকানী দিনন বড়োৰ বাসগৃহত অনুষ্ঠিত ধেমাজি জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ এখন সংবাদমেলত এইদৰে অসম চৰকাৰক সকীয়াই দিয়ে সংগঠনৰ নেতৃত্বই। সংগঠনটোৰ সভাপতি মুহিধৰ পেগুয়ে কয় ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ খন অসমত ২০১৫ চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰি ৫৭,৭৭,৯১৩ টা দুখীয়া পৰিয়ালৰ মুঠ ২ কোটি ৫২ লাখ হিতাধিকাৰীক সামৰি খাদ্য সুৰক্ষাৰ চাউল সুলভ মূল্যৰ দোকানী সকলে বিতৰণ কৰি আহিছে ।অতি পৰিতাপৰ বিষয় যে ৩৮,২৩৫ গৰাকী চৰকাৰী অনুমোদিত সুলভ মূল্যৰ দোকানীয়ে পাব লগা ন্যাৰ্য প্ৰাপ্য কমিছনৰ পৰা ৰাজ্য চৰকাৰে বঞ্চিত কৰি আহিছে।

ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক চাৰিবাৰ, বিত্ত মন্ত্ৰীক দুবাৰ, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীক চাৰিবাৰকৈ সুলভ মূল্যৰ দোকানীৰ সমস্যা সমাধানৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে খাদ্য বিভাগৰ আয়ুক্ত সচিব আৰু সঞ্চালকক বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি উনুকিয়াই সন্থাৰ সভাপতি গৰাকীয়ে পুনৰ কয় কেন্দ্ৰীয় চৰকাৰৰ ২০১৫ চনৰ আগষ্টৰ অধ্যাদেশৰ জৰিয়তে বিশেষ ৰাজ্যৰ মৰ্য্যাদা পোৱা অসমৰ সুলভ মূল্যৰ দোকানীক প্ৰতি কুইন্টল খাদ্য সুৰক্ষা চাউল বিতৰণৰ বাবদ ১৪৩’০০টকা নিৰ্ধাৰিত কমিছন ধাৰ্য্য কৰিছিল। কিন্তু দূৰ্ভাগ্যজনকভাৱে ১৪৩’০০ টকাৰ পৰিৱৰ্তে ১০০’১০ টকা ২০১৯ চনৰ জুলাই মাহলৈকে আদায় দিছে অসম চৰকাৰে।ৰাজ্য চৰকাৰে কাটি ৰখা ৪২’৯০ টকাৰ লগতে ২০২০ চনৰ জুলাই মাহলৈকে বকেয়াসহ পাঁচশ ঊনৈশ কোটি
সাতানব্বৈ লাখ টকা আদায় দিয়া, কৰ’ণা মহামাৰীৰ বাবে দুখীয়া পৰিয়ালক সকাহ দিয়াৰ লক্ষ্যৰে প্ৰধান মন্ত্ৰী গৰীব অন্ন যোজনা আঁচনিৰ জৰিয়তে তিনি মাহ অতিৰিক্তভাবে বিতৰণ কৰা চাউল আৰু দাইলৰ প্ৰাপ্য কমিছন আদায় দিয়া,
২০০৮ চনৰ চেপ্তেম্বৰৰ পৰা সুলভ মূল্যৰ দোকানী পাব লগা অন্তোদয়া অন্ন যোজনাৰ চাউল আৰু মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ বাবদ পাব লগা পৰিবহন ভাট্টা মোকলাই দিয়া, অসমত সুলভ মূল্যৰ চেনি যোগান ব্যৱস্থা নিশ্চিত কৰা, ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ দৰে অসম চৰকাৰে প্ৰতি কুইন্টল চাউল বিতৰণৰ কমিছন তিনিশ টকালৈ বৃদ্ধি কৰা, সুলভ মূল্যত নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগানৰ ব্যৱস্থাৰে সুলভ মূল্যৰ দোকানীসকলৰ মাহেকীয়া উপাৰ্জন ত্ৰিশ হাজাৰ টকালৈ উন্নীতকৰণ কৰা, কৰ’ণা মহামাৰী ভয়াবহতাৰ পৰিস্থিতিতো সমুখত থাকি বিনামূলীয়া চাউল, দাইল আৰু কেৰাচিন তেল বিতৰণ কৰা সকলো সুলভ মূল্যৰ দোকানীৰ পৰিয়ালৰ সুৰক্ষাৰ স্বাৰ্থত পঞ্চাশ হাজাৰ টকাৰ জীৱন বীমাৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানী সকলৰ মনোবল বৃদ্ধি কৰা দাবী সমূহ অহা ১৫ আগষ্টৰ ভিতৰত সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোয়ে। ইয়াৰ অন্যথা সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ১২ জুলাইত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পহিলা চেপ্তেম্বৰৰ পৰা সুলভ মূল্যৰ সামগ্ৰী উত্তোলন আৰু বিতৰণ ধেমাজি জিলাৰ সুলভ মূল্যৰ দোকানী সকলে বন্ধ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে।সংবাদমেলত ধেমাজি জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ কাৰ্যকৰী সদস্য দিনন বড়ো, তুলসী বড়ো, মনোৰঞ্জন দলে, বিকেশ্বৰ দলে উপস্থিত থাকে।

You might also like