নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত কমিছে, আন জিলাত উদ্বেগজনকভাৱে বৃদ্ধি ক’ৰোনাৰ সংক্রমণ

নিয়মীয়া বাৰ্তা,২৯ জুলাই: পৰিস্থিতি জটিল কৰি ৰাজ্যত প্রতিদিনে বৃদ্ধি পাব লাগিছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ জিলাই জিলাই ক্রমাৎ বাঢ়িব ধৰিছে গণসংক্রমণ৷ লকডাউন, বিভিন্ন সতর্কতামূলক ব্যৱস্থায়ো নিয়ন্ত্রণলৈ আনিব পৰা নাই ক’ভিড–১৯এ সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশক৷ বিগত এটা মাহ গুৱাহাটীত ক’ৰোনা আক্রান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধিৰ পিছত এই ধাৰা আৰম্ভ হৈছে ৰাজ্যৰ অন্য জিলাসমূহত৷ সামাজিক সংক্রমণৰ ফলত গুৱাহাটীৰ আক্রান্তৰ সংখ্যা প্রায় ১৫ হাজাৰৰ দিশে যোৱাৰ পিছত এই সংক্রমণ যেন ৰাজ্যৰ আন জিলাসমূহত বিয়পি পৰিছে৷ মহানগৰীত শেহতীয়াকৈ আক্রান্তৰ সংখ্যা কিছু পৰিমাণে হ্রাস পাইছে যদিও আন কেইবাখনো জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা৷ ভ্রমণ বৃত্তান্তহীন ক’ভিড আক্রান্তৰ এনে সংখ্যা বৃদ্ধিয়ে যথেষ্ট চিন্তাত পেলাইছে চৰকাৰ তথা স্বাস্থ্য বিভাগক৷ বিশেষকৈ নগাঁও, যোৰহাট, গোলাঘাট, কাছাৰ, ডিব্রুগড়, তিনিচুকীয়া, শোণিতপুৰ, দৰং আদি জিলাত যোৱা সময়ছোৱাত বৃদ্ধি হৈ গৈ থকা ক’ৰোনা আক্রান্তৰ ঊর্ধ্বমুখী গ্রাফে সংক্রমণ জটিল কৰি তোলাই নহয়, আশংকাও বঢ়াই তুলিছে৷

গুৱাহাটীত ইতিমধ্যে আক্রান্তৰ সংখ্যা হৈছেগৈ ১৪,১৮৬গৰাকী৷ আনহাতে একেই পৰিস্থিতিৰ সৃষ্টি কৰি সোমবাৰ পর্যন্ত লাভ কৰা তথ্য অনুসৰি কাছাৰত আক্রান্তৰ সংখ্যা ১,২২১গৰাকী, যোৰহাটত ১,৬৫৪গৰাকী, গোলাঘাটত ১,৪৪৭গৰাকী, ডিব্রুগড়ত ১,৩১৩গৰাকী, তিনিচুকীয়াত ১,০০৪গৰাকী, দৰঙত ৯৮৬গৰাকী, শোণিতপুৰত ৯০৮গৰাকী, ধুবুৰীত ৮০৬গৰাকী আৰু বৰপেটাত ৭৬৪গৰাকীলৈ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে গুৱাহাটীত সম্পূর্ণ লকডাউন চলি থকা সময়ত অন্য জিলাসমূহত শনিবাৰ আৰু দেওবাৰে লকডাউন অব্যাহত আছিল৷ এনে সতর্কতাৰ পিছতো সামাজিক সংক্রমণে এই জিলাসমূহক সাঙুৰি লৈছে৷ এনে অৱস্থাত অহা সময়ছোৱাত এই পৰিৱেশ অতি ভয়ংকৰ হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে৷ ইফালে স্বাস্থ্য বিভাগৰ সূত্র মতে গুৱাহাটীত জুন আৰু জুলাই মাহত ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ ফলত আক্রান্তৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাইছিল৷ সেই একেই পদ্ধতি এতিয়া প্রতিখন জিলাতে আৰম্ভ কৰা হৈছে৷ বিশেষকৈ চহৰ অঞ্চল তথা পৌৰসভা এলেকাসমূহত শেহতীয়াকৈ ৰেপিড এণ্টিজেন টেষ্টৰ সংখ্যা বৃদ্ধি কৰাৰ ফলত বহু লোক পজিটিভ চিনাক্ত হৈছে৷

উল্লেখ্য যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ ঘোষণা কৰিছিল যে ৰাজ্যৰ পৌৰসভা এলেকাসমূহৰ গুৱাহাটীৰ দৰে এণ্টিজেন টেষ্টৰে ক’ৰোনা আক্রান্তক চিনাক্ত কৰা হ’ব৷ সেই মর্মে স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনে আৰম্ভ কৰা অভিযানৰ বাবে জিলাসমূহত আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্যত ইতিমধ্যে ৮,০২,৬৭৪টা ক’ভিড পৰীক্ষা সম্পূর্ণ কৰা হৈছে৷ ইয়াৰ ভিতৰত ৰেপিড এণ্টিজেন টেষ্টৰ দ্বাৰা ৮৬,০৩৫টা নতুন পৰীক্ষা কৰা হৈছে৷ পৰিতাপৰ বিষয়টো হ’ল যে আক্রান্তৰ সমান্তৰালভাৱে ৰাজ্যত ক্রমশঃ বৃদ্ধি পাই আছে ক’ৰোনা আক্রান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা৷ এই ভয়ংকৰ ভাইৰাছ সংক্রমণৰ প্রথমাৱস্থাত মৃত্যু হোৱা লোকৰ সংখ্যা তেনেই কম হোৱাত সন্ত্রস্ত ৰাইজে কিছু পৰিমাণে আশ্বস্ত হৈ আছিল৷ কিন্তু এতিয়া দৈনিক ছয়–সাতজন লোক ক’ৰোনাত মৃত্যু হোৱাৰ খবৰে সাধাৰণ ৰাইজৰ মাজত শংকা দুগুণ বঢ়াই তুলিছে৷ বিভিন্ন জিলাত যোৱা সময়ছোৱাত ক’ৰোনা আক্রান্ত ৰোগীৰ মৃত্যুৱেও এতিয়া পৰিস্থিতি অধিক অৱনমিত কৰিছে৷

You might also like