নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ মহানগৰৰ ডিটিঅ’ অৰুণ বৰাসহ ৪ কর্মচাৰীক নিলম্বন

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ   যান–বাহন কৰত সংঘটিত অনিয়মত অভিযুক্ত কামৰূপ (মহানগৰ) জিলাৰ পৰিবহণ বিষয়া (ডিটিঅ’) অৰুণ বৰাক নিলম্বন কৰা হৈছে৷ ডি টি অ’ৰ উপৰি কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিষয়া কার্যালয়ৰ মুখ্য সহায়ক সীমান্ত নেওগ, কনিষ্ঠ সহায়ক অৰূপ কুমাৰ বর্মন আৰু গাণনিক সিদ্ধেশ্বৰ ৰংহাঙক একেটা অভিযোগত নিলম্বন কৰা হৈছে৷ পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে পৰিবহণ বিষয়াৰ লগতে কর্মচাৰীকেইজনক নিলম্বন কৰা হয়৷ উল্লেখ্য যে যান–বাহন কৰ জমা কৰাৰ ক্ষেত্রত অনিয়ম সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ লগে লগে পৰিবহণ বিভাগে এক তদন্তৰ নির্দেশ দিয়ে৷ এই তদন্তত পোহৰলৈ আহে যে কামৰূপ (মহানগৰ)ৰ জিলা পৰিবহণ বিষয়াই কৰ ৰেহাইৰ অনুমতি প্রদান কৰিছিল৷ অর্থাৎ যান–বাহনৰ স্বত্বাধিকাৰীসকলক পূর্বৰ অনাদায় কৰ নিদিয়াকৈ চলিত বর্ষৰ কৰ আদায়ৰ বাবে অনুমতি প্রদান কৰা হৈছিল৷ এয়া সম্পূর্ণৰূপে পৰিবহণ বিধিৰ পৰিপন্থী৷ ইপিন, পৰিবহণ বিভাগে পৰিবহণ আয়ুক্তক সমগ্র অনিয়ম সন্দর্ভত বিশদ তদন্ত কৰিবলৈ নির্দেশ দিছে৷ একে সময়তে ৰেহাই দিয়া কৰ পুনৰ আদায় কৰিব বুলি স্পষ্ট কৰি দিছে বিভাগটোৱে৷ এনআইচিত উপলব্ধ তথ্যৰ ভিত্তিত এই কৰ পুনৰ আদায় কৰিব বিভাগটোৱে৷ এই সন্দর্ভত এনআইচি কর্তৃপক্ষৰ সৈতে আজি এখন বৈঠক অনুষ্ঠিত কৰে পৰিবহণ বিভাগে৷ ভৱিষ্যতে যাতে এনেধৰণৰ অনিয়ম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে প্রযুক্তিগত বেমেজালি দূৰ কৰিবলৈ এনআইচিক নির্দেশ দিছে বিভাগটোৱে৷

You might also like