জোনাইত গাঁও পঞ্চায়ত এলেকাত ছেনীটাইজ
নিয়মীয়া বাৰ্তা, ১২ আগষ্টঃ কৰোনা ভাইৰাছৰ পৰা জোনাই বাসীক ৰক্ষা কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে জোনাই গাওঁ পঞ্চায়তে। আজি দিনৰ ১১ বজাৰ পৰা জোনাই পঞ্চায়তৰ একাংশ কৰ্মচাৰীয়ে জোনাইত বিভিন্ন স্থান চেনিটাইজ কাৰ্যসূচী ৰূপায়ণ কৰে।চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত ২০১৯-২০ বৰ্ষৰ দ্বিতীয় কিস্তিৰ পুঁজিৰে কভিড-১৯ প্ৰতিৰোধ ব্যৱস্থা বাবে জোনাই গাওঁ পঞ্চায়ত এলেকাত চেনিটাইজ কৰা কাৰ্যসূচীৰ পদক্ষেপ গ্ৰহণ কৰে৷ নিজ পঞ্চায়ত অফিচৰ পৰা চেনিটাইজ কাৰ্য আৰম্ভ কৰি মুৰ্কংচেলেক ব্লক, জোনাই চক্ৰ বিষয়া কাৰ্যালয়, জোনাই থানাত লগতে সমগ্ৰ জোনাই বজাৰ দোকান সমূহত চেনিটাইজ কৰা হয় । এই কাৰ্যত জোনাই গাওঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বড়ি, আঞ্চলিক পঞ্চায়তৰ সদস্য, উপ সভাপতি পূৰ্নিমা পাতিৰ টায়ে, পঞ্চায়ত সচিব মইনা পেগু , জ্যোতি কুলি, ৱাৰ্ড সদস্য নিপেন মেদক, ইন্দিৰা কুম্বাং, নৰেন কুটুম , দেবানন্দ বৰি, জ্যোতি মিলি, হেম ছেত্ৰী, গুনকান্ত পেগু, বিনোদন দলে, দিব্য বড়ি, ৰানী দলে, সবিতা দলে, আদি বিষয়া কৰ্মচাৰী উপস্থিত থাকে । এই সময়চোৱাত কেৱল বাটপথেই নহয়, অফিচৰ ভিতৰত, চকী টেবুল ইত্যাদিটো চেনিটাইজ কৰা হৈছে। ইয়াৰ দ্বাৰা কিছু পৰিমাণে হ’লেও কোৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।