বাংগালুৰুৰ হিংসা
কোনো এজন ব্যক্তিয়ে ফেচবুকত কোনো এটা ধর্মৰ পৰম ডপাস্যজনৰ প্রতি অপমানসূচক কিবা এটা লিখিলে৷ ধর্মীয় আৱেগত আঘাত পৰিল৷ নিশ্চয় প্রতিবাদ হ’ব লাগে৷ কিন্তু প্রতিবাদৰ এটা পথ আছে৷ পন্থা আছে৷ ছ’চিয়েল নেটৱর্কিং ছাইটকে ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে ধর্মৰ দোহাই দি শ শ লোকক একত্র কৰি বিধায়ক ঘৰ জ্বলোৱা, থানা ধ্বংস কৰা, আৰক্ষীক আক্রমণ কৰা, ৰাজপথত শ শ গাডী জ্বলোৱা এইটো প্রতিবাদৰ ভাষা হ’ব নোৱাৰে৷ আইন আছে, আদালত আছে৷ তাত বিচাৰৰ বাবে আবেদন কৰিব লাগে৷ কিন্তু তাকে নকৰি অগণতান্ত্রিক পন্থা হাতত লৈ বাংগালুৰুত ধ্বংসলীলা চলোৱা হ’ল৷ তিনি শতাধিক যান–বাহনত অগ্ণিসংযোগ কৰা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ এগৰাকী বিধায়কৰ গৃহত আৰু থানা এখনত যিদৰে আক্রমণ চলোৱা হ’ল, সেয়া এক কথাত নজিৰবিহীন৷ অন্ততঃ ধর্মীয় অনুভূতিত আঘাত হনাৰ প্রতিবাদত ভাৰতত তেনেধৰণৰ দুষ্কার্য সংঘটিত হোৱা নজিৰ পাবলৈ টান৷ কোনো কোনো পক্ষই ঘটনাটোক জনতাৰ স্বতঃস্ফূর্ত প্রতিবাদ বুলি ক’ব বিচাৰিছে৷ স্বতঃস্ফূর্ত প্রতিবাদ হ’বলৈ হ’লে তাত পেড্র’ল বোমা আহিব ক’ৰ পৰা? কোনোৱে আগতীয়াকৈ বোমাবোৰ তৈয়াৰ কৰিব লাগিব৷ যদিহে স্বতঃস্ফূর্ত প্রতিবাদ হয়, তেন্তে ফেচবুকত এটা বিশেষ ধর্মৰ নাম লৈ সকলোকে ঘৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনোৱা হয় কিদৰে? বাংগালুৰুত সংঘটিত হিংসাত্মক ঘটনালানি স্বতঃস্ফূর্ত নহয়, পৰিকল্পিত৷ ইয়াৰ আঁৰত ডাঙৰ চক্র লুকাই আছে৷ তাতকৈ ডাঙৰ কথাটো হ’ল, বাংগালুৰু কাণ্ডটোৱে ভৱিষ্যতৰ ভাৰতবর্ষৰ এখন ছবি দাঙি ধৰিছে৷ সেয়ে ঘটনাটোৰ আঁৰৰ শক্তিক বাহিৰলৈ ডলিয়াই অনাটো দৰকাৰ হৈ পৰিছে৷
‘কা’বিৰোধী আন্দোলনৰ পৰা এটা অপশক্তিয়ে দেশখনত একধৰণৰ বিশেষ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে৷ তেওঁলোকৰ মূল কামটো হৈছে মানুহৰ মাজত ধর্মীয় ডন্মাদনাৰ সৃষ্টি কৰি পৰিকল্পিতভাৱে সংঘর্ষ লগোৱা৷ ইয়াৰ প্রধান কাৰণ সম্ভৱতঃ দুটা৷ প্রথমটো আন্তঃৰাষ্ট্রীয় মঞ্চত ভাৰতৰ সুনাম নষ্ট কৰা৷ এই কামটো পাকিস্তান, আৰব ৰাষ্ট্রৰ একাংশই দীর্ঘদিন ধৰি কৰি আহিছে৷ গতিকে অপশক্তিটোৰ সৈতে পাকিস্তান তথা ভাৰতবিৰোধী শক্তিসমূহৰ গোপন বুজাপৰা নিশ্চয়কৈ থাকিব পাৰে৷ ইয়াৰ ডদাহৰণ দিল্লীৰ গোষ্ঠীগত সংঘর্ষ৷ পাকিস্তানী অপশক্তিৰ পৰা জাকিৰ নাইকলৈ ভাৰতবিৰোধী শক্তিসমূহে মিলি ‘কা’বিৰোধী আন্দোলনত দিল্লীক ৰক্তাক্ত কৰে৷ তদন্তকাৰী সংস্থাৰ তদন্তত এইবোৰ কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ দ্বিতীয়টো হ’ল, ভাৰতত বসবাস কৰা এখন বিশেষ ধর্মীয় সমাজৰ মাজত নিৰাপত্তাহীনতা, ভয়, শংকাৰ পৰিৱেশ সৃষ্টি কৰা৷ যাতে, এই লোকসকলক লৈ ৰাজনীতি কৰি থাকিব পাৰি৷ লোকসকলক ভাৰতবিৰোধী কৰি নিজৰ স্বার্থসিদ্ধি কৰিব পাৰি৷ এইখিনিতে ডল্লেখ কৰিব পাৰি যে মহম্মদ আলী জিন্নাহে অকল পাকিস্তানৰ নামত এখন ৰাষ্ট্র গঠনতে নিজৰ শক্তি–সামর্থ্যক সীমাবদ্ধ কৰি ৰখা নাছিল৷ তেওঁ বিচাৰিছিল ভাৰতৰ ভিতৰে–বাহিৰে আৰু কেইবাখনো পাকিস্তান সক্রিয় হৈ থাকক৷ সেয়ে মূল পাকিস্তানৰ ভূমিৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈত এখন পাকিস্তান গঠন হৈছিল৷ যাক এতিয়া বাংলাদেশৰূপে জনা যায়৷ তদুপৰি, জুনাগড, হায়দৰাবাদ আদিকো পাকিস্তানৰ ভিতৰুৱা কৰি ভাৰতৰ ভৌগোলিক পৰিসীমাৰ আশে–পাশে কেইবাখনো পাকিস্তানৰ অস্তিত্ব জীয়াই ৰাখিব বিচাৰিছিল জিন্নাই৷ তেওঁৰ সেই স্বপ্ণ পূৰণ নহ’ল৷ কিন্তু আজিও ভাৰতৰ বুকুত অলেখ জিন্না জীয়াই আছে, যিয়ে ভাৰতৰ ভৌগোলিক পৰিসীমাৰ মাজত কেইবাখনো পাকিস্তান গঠন কৰাৰ লক্ষ্যৰে অহৰহ চক্রান্ত ৰচনা কৰি আহিছে৷ শেহতীয়াকৈ এই চক্রান্তক কার্যকৰীকৰণৰ অপচেষ্টাৰ তীব্রতা বাঢ়িছে৷ দেশখনৰ চুকে–কোণে জিন্নাবাদৰ বৰবিহ ছটিয়াই দিয়াৰ ভয়ংকৰ কার্যটো চলি আছে৷ বাংগালুৰুত যিসকলে সংগঠিত ৰূপত একত্র হৈ ধ্বংসলীলা চলালে, তাৰে মাজতো আছে জিন্নাবাদৰ ধাৰক–বাহক৷ তেওঁলোকে তথাকথিত প্রতিবাদী কার্যসূচীটো পৰিকল্পিতভাৱে সংগঠিত কৰি হাতত ভিন্নধৰণৰ অস্ত্র লৈ ৰাজপথলৈ ওলাই আহে৷ লগতে দিয়ে বিশেষ ধর্মীয় ধ্বনি৷ কিন্তু যিসকলে এই অপশক্তিটোৰ প্রৰোচনাত পৰি বাংগালুৰুত ধ্বংসলীলাৰ ক’লা ইতিহাস লিখিলে, তেওঁলোকে ভাবি চাইছিলনে যে যাক অপমান কৰাৰ প্রতিবাদৰ নামত ৰাজপথত গাডী জ্বলোৱা হ’ল, আৰক্ষীক গুৰুলা–গুৰুলকৈ প্রহাৰ কৰা হ’ল, থানা–বিধায়কৰ ঘৰ জ্বলোৱা হ’ল, সেইজন পৰম ডপাস্যই সেইবোৰ ধ্বংসাত্মক কামত সুখী হ’বনে? সেইবোৰ কামেৰে পৰম ডপাস্যগৰাকীক সুখী কৰিব পাৰিনে? সকলোৱে সাধাৰণভাৱে এটা কথা ভাবিবৰ হ’ল, কাৰো প্রৰোচনাৰ ফান্দত ভৰি নিদিব৷ সেইসকল মানুহৰ এজেণ্ডা থাকে৷ সাধাৰণ মানুহৰ সমস্যা থাকে৷ সমস্যা আৰু এজেণ্ডা একে বস্তু নহয়৷