৩.৬০ কোটি জনসংখ্যাৰে অসম এখন কৃষিপ্রধান ৰাজ্য৷ প্রাকৃতিকভাৱেই অসমৰ ভূমি উর্বৰা৷ ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ বিশাল উর্বৰা কৃষিভূমিত তাহানি কালৰে পৰাই অসমৰ কৃষকে ধান, মাহ, সৰিয়হকে আদি কৰি বিভিন্ন জাতৰ শস্য উৎপাদন কৰি এটা স্বাৱলম্বী জাতিৰূপে নিজকে পৰিচয় দি আহিছিল৷ লক্ষ্মীনাথ বেজবৰুৱাই সেয়ে হয়তু লিখিছিল–
আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম?
সকলো আছিল, সকলো আছে নুশুনো নলওঁ গম৷
কিন্তু পৰিতাপৰ আৰু দুখৰ কথা– লাহে লাহে অসমৰ জনগণক অসমৰ কৃষকে উৎপাদন কৰা শস্যই জোৰা মাৰিব নোৱাৰা অৱস্থা হ’ল৷ প্রতি বছৰেই অসমে বহিঃৰাজ্যৰ পৰা হাজাৰ হাজাৰ টন খাদ্য সামগ্রীৰ উপৰি কোটি কোটি টকাৰ মাছ–কণী আদি আমদানি কৰিব লগা হয়৷ ইয়াৰ মূলতেই হ’ল–
ক) নতুন প্রজন্মৰ কৃষিকর্মৰ প্রতি অনীহা
খ) নতুন প্রজন্ম সহজলভ্য ধনৰ প্রতি লালাসিত
গ) প্রাকৃতিক দুর্যোগ
ঘ) চৰকাৰৰ আওকণীয়া মনোভাব আদিয়েই প্রধান৷
(ক) নতুন প্রজন্মৰ কৃষিকর্মৰ প্রতি অনীহা ঃ
অসমৰ নতুন প্রজন্ম চৰকাৰী চাকৰি বা ব্যৱসায়–বাণিজ্যৰ প্রতি যিমান আগ্রহী তাৰ তুলনাত কৃষিক ব্যৱসায় ৰূপে গঢ়ি তুলিবলৈ মুঠেই আগ্রহী হোৱা দেখা নাযায়৷ আমাৰ শিক্ষিত যুৱচামে চৰকাৰী চাকৰিৰ বিপৰীতে কৃষিখণ্ডক ব্যৱসায়লৈ ৰূপান্তৰিত কৰি তুলিব পাৰিলে নিজে স্বাৱলম্বী হোৱাৰ উপৰি অসম কৃষিত এখন আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈ উঠিব৷ সুখৰ বতৰা যে এমুঠিমান হ’লেও ৰাজ্যখনৰ কিছুসংখ্যক শিক্ষিত যুৱক এই কর্মত নিয়োজিত হৈ আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷
(খ) নতুন প্রজন্ম সহজলভ্য ধনৰ প্রতি লালাসিত ঃ
অপ্রিয় হ’লেও সত্য যে অসমৰ এচাম যুৱক–যুৱতী আজি সহজলভ্য ধনৰ প্রতি লালাসিত হোৱা দেখিবলৈ পোৱা গৈছে৷ ফলস্বৰূপে ৰাজ্যখনত এক সহজলভ্য ধনৰ বেপাৰে কর্ম সংস্কৃতিক গ্রাস কৰি পেলাবলৈ লক্ষম হৈছে৷
(গ) প্রাকৃতিক দুর্যোগ ঃ
প্রাকৃতিক দুর্যোগ যেনে, বান আৰু খৰাং বতৰে প্রতি বছৰে অসমৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি অনিষ্ট কৰি কৃষকক লোকচান কৰি আহিছে৷ চৰকাৰে ইয়াৰ স্থায়ী সমাধান নকৰালৈকে অসমৰ কৃষক ৰাইজে হা–হুমুনিয়াহ কাঢ়িয়েই থাকিব লাগিব৷ আৰু কৃষকক কৃষিৰ প্রতি অনীহাই দেখা দি থাকিব৷
(ঘ) কৃষিখণ্ডত চৰকাৰৰ আওকণীয়া মনোভাব ঃ
কৃষিখণ্ডটোৱেই হৈছে অসমৰ সর্ববৃহৎ প্রতিষ্ঠান৷ এই সর্ববৃহৎ প্রতিষ্ঠানটোক চৰকাৰে আওকণীয়া মনোভাব গ্রহণ নকৰি ইয়াৰ লগত জডিত প্রতিটো খণ্ডকেই যদি সঠিক ৰূপত গঢ়ি তোলাত আন্তৰিকতা প্রদর্শন কৰে, তেন্তে নিশ্চয় অসমে কেৱল পথাৰেই নহয় দেশৰ ভিতৰতে এখন বজাৰো দখল কৰিবলৈ সক্ষম হ’ব৷ তদুপৰি চৰকাৰে (১) প্রকৃত কৃষকসকলক বিভিন্ন ধৰণে উৎসাহিত কৰা, (২) ৰাজনীতিক ঊর্ধ্বত ৰাখি প্রতিটো পঞ্চায়ত, মৌজা আৰু জিলা ভিত্তিত একো একোখন মঞ্চ গঠন আৰু তেওঁলোকৰ পৰা নির্বাচন কৰি পুৰস্কৃত কৰা (৩) প্রতিটো পঞ্চায়তত শীতলীকৰণগৃহ নির্মাণ কৰাটো চৰকাৰৰ নিতান্তই প্রয়োজন৷
আমি ভাবো চৰকাৰে এই সমস্যাবোৰ অনুধাৱন কৰি উদ্যমী কৃষক আৰু নতুন প্রজন্মক কৃষিৰ প্রতি উৎসাহিত কৰিব পাৰিলেহে অসমীয়াই পথাৰ আৰু বজাৰ দখল কৰিবলৈ সক্ষম হ’ব৷ অন্যথা ই কেৱল প্রচাৰ মাধ্যমৰ মাজতে আবদ্ধ হৈ ৰ’ব৷