নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৱান নেশ্বন–ৱান হেল্থ কার্ড’ এক যুগান্তকাৰী পদক্ষেপ: ৰাজ্যিক বিজেপি

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ ভাৰতৰ ৭৪সংখ্যক স্বাধীনতা দিৱসত দেশক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীৰ বাবে ‘ৱান নেচন–ৱান হেল্থ কার্ড’ ঘোষণা কৰি দেশৰ প্রতিগৰাকী নাগৰিকৰ স্বাস্থ্য সেৱাৰ দায়িত্ব চৰকাৰে বহন কৰিলে৷ ই এক যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই বলিষ্ঠ পদক্ষেপক আদৰণি জনাইছে ৰাজ্যিক বিজেপিয়ে৷ ইয়াৰ দ্বাৰা স্বাস্থ্য সংক্রান্তীয় সকলো বিষয় ডিজিটেল মাধ্যমৰ জৰিয়তে উপলব্ধ কৰোৱাই হৈছে হেল্থ কার্ডৰ মুখ্য উদ্দেশ্য৷

দলৰ মুখপাত্র মনোজ বৰুৱাই আজি জাৰি কৰা এক প্রেছ বিজ্ঞপ্তিত উল্লেখ কৰে প্রথমতে ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চল চণ্ডীগড়, লাডাখ, দাদৰ আৰু নগৰ হাভেলি, গোৱা দমন ডিউ, পুদুচেৰী, আন্দামান–নিকোবৰ আৰু লাক্ষা দ্বীপপুঞ্জৰ নাগৰিকৰ বাবে আৰম্ভ কৰা হ’ব ‘ৱান নেচন–ৱান হেল্থ কার্ড’ আৰু পর্যায়ক্রমে দেশৰ সকলো ৰাজ্যলৈ বিস্তাৰিত কৰা হ’ব৷ ভাৰতৰ সকলো হাস্পতাল, ক্লিনিক আৰু ডাক্তৰক সন্নিবিষ্ট কৰিব খোজা এই হেল্থ কার্ডৰ আধাৰত ভাৰতৰ যিকোনো নাগৰিকে যিকোনো ৰাজ্যতে স্বাস্থ্য সেৱা লাভ কৰিব পাৰিব৷ তদুপৰি স্বাস্থ্য সেৱাৰ ক্ষেত্রত ইমান দিনে ৰোগৰ ইতিহাস জনাৰ ক্ষেত্রত থকা জটিলতা দূৰ কৰিব ৱান নেচন–ৱান হেল্থ কার্ডে৷

You might also like