ভাষা সামাজিক অভ্যাস৷ পাৰস্পৰিক যোগাযোগৰ বাবে মানুহে ব্যৱহাৰ কৰা সকলো চিহ্ণ–পদ্ধতিৰ ভিতৰত ভাষা হৈছে সবাতোকৈ গুৰুত্বপূর্ণ৷ ভাষাৰ জৰিয়তে যিমান বহল পৰিসৰত সহজকৈ ভাব ব্যক্ত কৰিব পাৰি, আন চিহ্ণ (ধ্বনি, ইংগিত, শাৰীৰিক মুদ্রা, ছবি, প্রতীক আদি)ৰ জৰিয়তে নোৱাৰি৷ সেয়ে ভাষাবিজ্ঞানী ফার্ডিনাণ্ড ডে ছছ্যুৰে Ferdinand de Saussure) ভাষাক সকলো চিহ্ণ–পদ্ধতিৰ ভিতৰত সবাতোকৈ ওপৰত ৰাখিছে৷ ভাষাৰেই মানুহে ভাব বিনিময় কৰি নিজৰ প্রয়োজনীয়তা ব্যক্ত কৰে, আনৰো জানি লয়৷ ইয়ে সামাজিক প্রাণী হিচাপে মানুহৰ জীৱন সুষমভাৱে চলাত সহায় কৰে৷ কাজেই ভাষা ব্যৱহাৰিক প্রকৃতিৰো৷ ই গতিশীল স্থিতিশীল নহয়৷ এটা কাঠামোত আবদ্ধ কৰিব খুজিলে ভাষাই তাৰ গতিশীলতা হেৰুৱায়৷ চলমান মানৱ জীৱনৰ স’তে, সভ্যতাৰ পৰিৱর্তনৰ লগে লগে ভাষাও ৰূপ সলাই সলাই আগুৱাই গৈ থাকে৷ বিভিন্ন কাৰণত ভাষাই ৰূপ সলাব পাৰে৷ সি সামাজিক কাৰণ হ’ব পাৰে, ৰাজনৈতিক কাৰণ হ’ব পাৰে, প্রযুক্তিগত কাৰণো হ’ব পাৰে৷ সামাজিক–সাংস্কৃতিক– কাৰণত ভাষাৰ উত্থান–পতনৰ অলেখ নজিৰ ইতিহাসত আছে৷ লিপি আৱিষ্কাৰৰ পৰৱর্তী কালত ভাষা–ব্যৱহাৰৰ গতি–প্রকৃতিক প্রযুক্তিগত পৰিৱর্তনৰ ফালেৰেও ফঁহিয়াই চাব পাৰি৷
লিপিৰ ইতিহাস ছয় হাজাৰ বছৰৰ পুৰণি৷ লিপি আৱিষ্কাৰৰ আগেয়ে ভাষাৰ স্বৰূপ কেনে আছিল, ভাব বিনিময়ৰ বাবে মানুহে কি পদ্ধতি অৱলম্বন কৰিছিল সেয়া আজিও গৱেষণাৰ বিষয়৷ বহু তথ্য উদঘাটিত হৈছে যদিও আৰু বহু কথা পোহৰলৈ আহিবলৈ বাকী৷ লিপি আৱিষ্কাৰৰ পৰৱর্তী কালত (এতিয়াও বহু ভাষাৰ লিপি নাই) ভাষাক লিখিত ৰূপত সংৰক্ষণ কৰিব পৰা হ’ল৷ পিছে লিপিৰ ছয় হাজাৰ বছৰীয়া ইতিহাসত ভাষাসমূহৰ বহুত পৰিৱর্তন ঘটিছে৷ বহু লিপি লোপ পালেবহু লিপি ক্রমবিকশিত হ’ল৷ লিপিমালাৰ আখৰবোৰ ক’ত লিখা হৈছে , কিহেৰে লিখা হৈছে অর্থাৎ লেখন স্থান–সামগ্রীভেদে আখৰৰ গঢ় সলনি হৈছিল৷ মুদ্রণ যন্ত্রৰ আৱিষ্কাৰে এই পৰিৱর্তনক ৰোধ কৰি আখৰসমূহৰ স্থায়ী ৰূপ লাভত সহায় কৰিলে৷ শিলাখণ্ড, গুহাৰ বেৰ, তাম, সোণ, ৰূপ, বস্ত্র, তালপাত, সাঁচিপাত আদিত (সময়ভেদে–স্থানভেদ এইবোৰ ভিন ভিন হৈছে) সংৰক্ষিত হৈ অহা বিভিন্ন ভাষাই খৃষ্টীয় এহেজাৰমানৰ পৰা বিকশিত হ’বলৈ ধৰা ছপা–প্রযুক্তিৰ দ্বাৰা অধিক সুনির্দিষ্ট ৰূপ লাভ কৰাৰ পথত আগবাঢ়ে৷ ৮৬৮ খ্রীষ্টাব্দত চীন দেশত প্রথম ছপাপুথি ওলালেও ১৪৪০ খ্রীষ্টাব্দত জোহান্স গুটেনবার্গৰMovable Printing Pressৰ আৱিষ্কাৰৰদ্বাৰা ছপা–প্রযুক্তিৰ বিপ্লৱ আৰম্ভ হয় বুলি ক’ব পাৰি৷ ১৫৫৫ চনত গুটেনবার্গৰ ৪২ শৰীয়া বাইবেল প্রকাশ আৰু ১৬০৪ চনত জার্মানীৰ জোহান কার্লোছৰ Relation aller Furnemmen Und gedenckwurdigen Historian বা চমুকৈ The Relation সংবাদ–পত্রৰ প্রকাশ ছপা–প্রযুক্তিৰে আশীর্বাদস্বৰূপ৷ এনেদৰে মুদ্রণ যন্ত্রৰদ্বাৰা গ্রন্থ আৰু সংবাদ–পত্রৰ ছপা কার্যৰে ভাষা–ব্যৱহাৰৰ ইতিহাসত পোন্ধৰ–ষোডশ শতিকাত ছপা মাধ্যমৰ সংযোজন ঘটিছিল৷ এই মাধ্যমে বিভিন্ন ভাষাক বিভিন্ন সময়ত বানান–প্রকৰণ, ব্যাকৰণিক গঠন আদিৰ ক্ষেত্রত নিয়মিত ৰূপ এটা আনি দিলে৷ ইয়াৰ তিনিশ বছৰমান পাছত উনবিংশ শতিকাৰ শেষার্ধত (১৮৯৫ চনত)মার্কনিৰদ্বাৰা ৰেডি’ আৱিষ্কাৰ আৰু বিংশ শতিকাৰ প্রথম দশকত ৰেডি’যোগে হোৱা ৰাজহুৱা সম্প্রচাৰণ Publicradio broadcast) ব্যৱস্থাই ভাষা–ব্যৱহাৰক আন এটা নতুনত্ব প্রদান কৰিছিল৷ ৰেডি’ উদ্ভাৱনৰ তিনিটা দশক পাছত ১৯২৬ চনত জন এল বেয়ার্ডৰ টিভি আৱিষ্কাৰে সেই নতুনত্বক সম্প্রচাৰণ মাধ্যম Broadcasting Media)ৰ নাম দিছিল৷ ছপা মাধ্যমে ভাষালৈ অনা নিয়মিত ৰূপ বা স্থায়িত্ব এই মাধ্যমতো ৰক্ষা কৰাত গুৰুত্ব দিয়া হ’ল৷ ভাষাৰ স্থিৰীকৃত মান নিৰূপনত সম্প্রচাৰণ মাধ্যমৰ ভূমিকাও গুৰুত্বপূর্ণ হৈ উঠিল৷ পিছলৈ সম্প্রচাৰণ মাধ্যমত সংযুক্ত হোৱাFM Radio Broadcasting আৰুSatellite তথাCable টিভিয়ে ভাষা–ব্যৱহাৰক অন্য ধৰণেও সমৃদ্ধ কৰিলে৷ সামাজিকভাৱেও ভাষাক অনানুষ্ঠানিক ৰূপত ব্যৱহাৰ কৰাৰ প্রৱণতা আহি পৰিল৷ শেহতীয়াভাৱে আশীৰ দশকত বিকশিত হোৱা ইণ্টাৰনেট ব্যৱস্থাই পুনর্বাৰ ভাষা–ব্যৱহাৰত প্রযুক্তিগত কাৰকৰ ভূমিকা শক্তিশালী ৰূপত প্রমাণিত কৰিছে৷ কিয়নো ইণ্টাৰনেটক আধাৰ কৰিয়ে গঢ় লৈ উঠিছে ভাষা– ব্যৱহাৰৰ এখন নতুন মঞ্চ–সামাজিক মাধ্যম Social Media)৷ ২১ শতিকাৰ ইণ্টাৰনেটভিত্তিক কার্যকলাপৰ প্রধান ধাৰাত পৰিণত হৈ পৰা সামাজিক মাধ্যমত ভাষাব্যৱহাৰে নতুন প্রকৃতি এটা লাভ কৰিছে, যিটো ছপা মাধ্যম আৰু সম্প্রচাৰণ মাধ্যমতকৈ বহু ভিন্ন৷
এতিয়া কথা হ’ল সামাজিক মাধ্যম বুলি আমি কোনবোৰ মঞ্চক আঙুলিয়াই দিম? থূলমূলকৈ ইণ্টাৰনেট আধাৰিত যিবোৰ সেৱা আৰু মঞ্চই ব্যৱহাৰকাৰীক অতি কম সময়তে প্রত্যক্ষভাৱে আনৰ সৈতে পাৰস্পৰিক যোগাযোগৰ সুবিধা দিয়ে, সেইবোৰেই হৈছে সামাজিক মাধ্যম৷ দৰাচলতে ই এটা ছাতিসদৃশ পৰিভাষা৷ ইয়াৰ ভিতৰত বিভিন্ন প্রকাৰৰ মঞ্চ সোমাই আছে৷ কিছুমান সামাজিক মাধ্যমে ব্যৱহাৰকাৰীক বার্তালাপ পদ্ধতিৰ দৰে আনৰ সৈতে যোগাযোগৰ সুবিধা দিয়ে৷Facebook, Twitter, Linkedin আদি এনে মঞ্চ৷ এইবোৰকsocial Networking Sites বোলা হয়৷ কিছুমানত কেৱল ফটো Image) বিনিময় হয়Instagram, Snapchat, Pinterest আদি এনেবোৰ সামাজিক মাধ্যম৷YouTube, Vimeo আদিৰ দৰে মঞ্চত ব্যৱহাৰকাৰীয়ে বিভিন্ন বিষয়ৰ ভিডি’ প্রস্তুত কৰি উপস্থাপন কৰে৷ এইবোৰ হৈছে Video Sharing Sites৷ কিছুমান মঞ্চত ব্যৱহাৰকাৰীয়ে কোনো বিষয়ত নিজস্ব মতামত অনানুষ্ঠানিক ৰূপত বার্তাকাৰে দিব পাৰে, যাক ব্লগিং বুলি কোৱা হয়৷Medium, Tumbler আদি এনে মঞ্চ ৷ কিছুমান মঞ্চই ব্যৱহাৰকাৰীক যিকোনো বিষয়ত প্রশ্ণ উত্থাপন আৰু তাৰ সমাধানৰ আলোচনা আৰু সম্পাদনাৰো সুবিধা দিয়ে৷ এনেবোৰ মঞ্চক সামাজিক সমূহীয়া আলোচনা মঞ্চ বাSocial Community Discussion Sites বুলি কোৱা হয়৷Quora, Reddit আদি এনে মঞ্চ৷ শ্রেণীবিভাজনৰ দিশেৰে সামাজিক মাধ্যমক আৰু প্রকাৰভুক্ত কৰিব পাৰি ৷ পিছে প্রকৃতি বিচাৰত সকলোবোৰ একেই৷ অতি বহল মঞ্চ এখনত ব্যৱহাৰকাৰীক বিষয়বস্তু, তথ্য আদি বিনিময় কৰিবলৈ দি পাৰস্পৰিক যোগাযোগৰ সুবিধা প্রদানেই সকলো প্রকাৰৰ সামাজিক মঞ্চৰ উদ্দেশ্য৷ এইখিনিতে এই মাধ্যম পূর্বৰ ছপা মাধ্যম আৰু সম্প্রচাৰণ মাধ্যমৰ পৰা অলপ ফালৰি কাটি আহিছে৷ ইয়াত ব্যৱহাৰকাৰীক যিমান মুখ্য স্থানত ৰখা হয় , ছপা বা সম্প্রচাৰণ মাধ্যমত সিমান নহয়৷ সামাজিক মাধ্যমত ব্যৱহাৰকাৰীৰদ্বাৰা সৃষ্ট তথ্য পোনে পোনে উপস্থাপিত হয়, বিনিময় হয়৷ ছপা বা সম্প্রচাৰণ মাধ্যমত তথ্য কোনো সম্পাদনা কর্তৃপক্ষ বা তৃতীয় পক্ষৰ দ্বাৰা সম্পাদিত হৈহে আহে৷ ছপা মাধ্যম আৰু সম্প্রচাৰণ মাধ্যমৰ যোগাযোগ হৈছে এজন প্রেৰক–বহুজন গ্রহিতা One Sender_Many receiver) প্রকৃতিৰ ৷ আনহাতে সামাজিক মাধ্যমত যোগাযোগ বহু প্রেৰক–বহু গ্রহিতা Many Sender-Many Receiver) প্রকৃতিৰ হয়৷
সামাজিক মাধ্যমত ভাষাৰ ব্যৱহাৰ সন্দর্ভত আলোচনা কৰাৰ প্রসংগত এটা কথা মনত ৰখা ভাল– সামাজিক মাধ্যম বহু চিহ্ণবিশিষ্ট মাধ্যম Multimodal Media)৷ ইয়াত ব্যৱহাৰকাৰীয়ে নিজৰ তথ্য উপস্থাপনৰ বাবে, আনৰ সৈতে যোগাযোগৰ বাবে লিখিত শব্দ, ছবি Image, GIF বা ইমোজী ব্যৱহাৰ কৰে৷ তেনেGIF বা ইমোজীবোৰক এটা বিশেষ ভাষাৰ ব্যক্তিগত সম্পত্তি বুলিব নোৱাৰি ভাষা নিৰপেক্ষভাৱে তাৰ ব্যৱহাৰ হয়৷ সকলো মাধ্যমত ভাষাৰ ব্যৱহাৰো সমান নহয়৷ ফেচবুকত ভাষা ব্যৱহাৰৰ যিমান থল বা স্বাধীনতা আছে, টুইটাৰত নাই৷ তাত ব্যৱহাৰকাৰীয়ে ১৪০ টা প্রতীক Character) ৰ মাজেৰেহে টুইট কৰিব পাৰে৷ সেই প্রতীক কোনো আখৰ, সংখ্যা বা অন্য চিহ্ণ হ’ব পাৰে৷ ইনষ্টাগ্রামৰ দৰে ছবি বিনিময় কৰিব পৰা মঞ্চবোৰত কেৱল ছবিৰ মাজেৰেই ভাবৰ অভিব্যক্তি ঘটে৷ কেতিয়াবা সেই ছবিক পৰিভাষিত কৰিবলৈহে ভাষাৰ নামমাত্র ব্যৱহাৰ হয়৷ ইউ টিউবতো দৃশ্য–শ্রব্য বিষয়হে মুখ্য৷ বিষয়বস্তুৰ শিৰোনাম দিবলৈ আৰু অন্য ব্যৱহাৰকাৰীয়ে সেই ভিডি’ উপভোগ কৰি কমেণ্ট দিয়াত ভাষাৰ লিখিত ব্যৱহাৰ সীমিত৷ আকৌ ভাষাৰ মাজেৰে তথ্য বিনিময় কৰা সামাজিক মঞ্চ , যেনে– ফেচবুক, হোৱাটছএপ আদিত ব্যৱহাৰ কৰা ভাষাৰ প্রকৃতি ইতিমধ্যে স্বীকৃত বা ব্যৱহাৰ হৈ অহা লিখিত ৰূপটোৰ লগত নিমিলা ধৰণৰ৷ ব্যক্তিৰ শাৰীৰিক উপস্থিতিত কথা যিদৰে পতা হয়, বহু সময়ত সামজিক মাধ্যমত আনৰ সৈতে যোগাযোগ কৰোঁতে তেনেদৰেই কৰা হয়৷ ক’ব পাৰি কওঁতে ব্যৱহাৰ কৰা ভাষাৰ ৰূপটোতে লিখি যোগাযোগ কৰা হয়৷ দেখাত লিখিত যদিও প্রকৃতি বিচাৰত সি কথিত ৰূপৰহে ভাষা হয়৷ ফলত সামাজিক মাধ্যমৰ ভাষাত লিখিত ৰূপ আৰু কথিত ৰূপ সানমিহলি হৈ এটা সংকৰ ৰূপৰ সৃষ্টি হৈছে ৷ সেয়ে সামাজিক মাধ্যমৰ ভাষা অধ্যয়নকাৰী পশ্চিমীয়া পণ্ডিতসকলে সামাজিক মাধ্যম বা ইণ্টাৰনেট আধাৰিত যিকোনো যোগাযোগৰ ভাষাক NET SPEAK/ Txt Speak/Digital Discourse/ Language Online/Computer-mediated communication আদি পৰিভাষাৰে অভিহিত কৰি তাৰ প্রকৃতি বিচাৰৰ প্রয়াস কৰিছে৷
ভাষা ব্যৱহাৰিক৷ পাৰস্পৰিক যোগাযোগৰ বাবে ব্যক্তিয়ে সমাজ জীৱনত ভাষা ব্যৱহাৰ কৰে৷ সেয়ে ভাষাৰ আলোচনাত কেৱল ভাষাৰ গাঁথনিক উপাদানসমূহ (ধ্বনি, ৰূপ, বাক্য, অর্থ)ক সামৰি ল’লে যথেষ্ট নহয়৷ দৰাচলতে কিছুমান অ–ভাষাগত উপাদানৰদ্বাৰা প্রভাৱিত হৈ ব্যক্তিয়ে ধ্বনি, ৰূপ, বাক্য আদি ব্যৱহাৰ কৰে৷ বক্ত–শ্রোতাৰ ব্যক্তিত্ব, কথাৰ বিষয়, সময়, স্থান, বৃত্তি, লিংগ আদি এনে অভাষাগত উপাদানৰ ভিতৰত পৰে৷ সামাজিক মাধ্যমৰ ভাষা আলোচনা কৰিবলৈকো ব্যৱহাৰকাৰীৰ বয়স, শিক্ষা, বৃত্তি, লিংগ, অন্য ব্যৱহাৰকাৰীৰ সৈতে থকা সম্বন্ধ, সাংস্কৃতিক মূল্যবোধ, নৃগোষ্ঠীয় বা ৰাষ্ট্রীয় পৰিচয়, বার্তালাপৰ বিষয়, সময়,সহ–পাঠ, ব্যৱহাৰকাৰী জডিত হৈ থকা গোটৰ প্রকৃতি (চখজনিত, কর্মজনিত,বন্ধুত্বজনিত), যোগাযোগ সম্পন্ন হোৱা মঞ্চখনৰ উদ্দেশ্য, বার্তালাপৰ চর্ত, গোপনীয়তা আদি অভাষাগত বিষয়বোৰ সামৰি ল’বলগীয়া হয়৷ তেতিয়াহে তাৰ ভাষাৰ প্রকৃত বিশ্লেষণ হ’ব৷ আমি ভাবো, ফেচবুক, হোৱাটছএপ, টুইটাৰ, ইউ টিউব আদিৰ ব্যৱহাৰ হোৱা অসমীয়া ভাষাৰ প্রকৃতি বিচাৰৰ বাবেও এনে বিষয়বোৰ সামৰি লোৱাৰ আৱশ্যকতা আছে৷