নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেপ্টেম্বৰত নীট জেইই অনুষ্ঠিত কৰাৰ নির্দেশ

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ  নেচনেল টেষ্টিং এজেন্সীৰ দ্বাৰা পৰিচালিত অভিযান্ত্রিকৰ সর্বভাৰতীয় প্রৱেশ পৰীক্ষা জইণ্ট এণ্ড্রেন্স এগ্জামিনেচন (জে ই ই) মেইন আৰু চিকিৎসা বিজ্ঞানৰ সর্বভাৰতীয় প্রৱেশ পৰীক্ষা নেচনেল এলিজিবিলেটী কাম এণ্ড্রেন্স টেষ্ট (নীট)–ইউ জি পিছুওৱাৰ আবেদন সোমবাৰে খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে৷ দেশৰ শীর্ষ আদালতৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে– পৰীক্ষা পিছুৱাই দিয়া নহ’ব৷ নির্ধাৰিত সময়সূচী অনুসৰিয়েই পৰীক্ষা অনুষ্ঠিত হ’ব লাগিব৷ উল্লেখ্য যে যোৱা ৬ আগষ্টত ১১খন ৰাজ্যৰ ১১জন শিক্ষার্থীয়ে চলিত বর্ষৰ জে ই ই–মেইন আৰু নীট–ইউ জি সাম্প্রতিক পৰিস্থিতিৰ প্রেক্ষাপটত পিছুৱাই দিয়াৰ আর্জি জনাই উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল৷ এইক্ষেত্রত শিক্ষার্থীসকলে আবেদনখনত যুক্তি দর্শাইছিল যে ক’ভিড–১৯ মহামাৰীৰ পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰিলে ছাত্র–ছাত্রীসকল সংক্রমিত হ’ব পাৰে৷ ১১ শিক্ষার্থীৰ হৈ এই আবেদনখন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল অধিবক্তা আলাখ আলোক শ্রীবাস্তৱে৷ কিন্তু সোমবাৰে ন্যায়াধীশ অৰুণ মিশ্র, ন্যায়াধীশ বি আৰ গাৱাই আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ খণ্ড বিচাৰপীঠে আবেদনখন খাৰিজ কৰি দিয়ে৷ তিনিজনীয়া খণ্ড বিচাৰপীঠখনৰ নেতৃত্বত থকা ন্যায়াধীশ অৰুণ মিশ্রই ছাত্র–ছাত্রীসকলৰ কেৰিয়াৰ কোনো কাৰণতেই বিপদৰ মাজলৈ ঠেলি দিয়া নহ’ব বুলি উল্লেখ কৰি অধিবক্তা শ্রীবাস্তৱক উদ্দেশ্যি স্পষ্টভাৱে কয় যে জীৱন স্থবিৰ হৈ থাকিব নোৱাৰে৷ সকলো ধৰণৰ ৰক্ষাকৱচ লৈ আমি আগবাঢ়ি যাব লাগিব৷ সকলো ছাত্র–ছাত্রীয়ে এটা বছৰ অথলে যাবলৈ দিবলৈ প্রস্তুত নেকি? শিক্ষা ব্যৱস্থা খোলাৰ প্রয়োজন৷ ক’ৰোনা ভাইৰাছ হয়তো আৰু এটা বছৰ থাকিব পাৰে৷ সেই বুলিয়েই আপুনিও এটা বছৰ অপেক্ষা কৰিব নেকি? আপুনি কি জানে, ইয়াৰ ফলত দেশৰ কিমান ক্ষতি হ’ব, ছাত্র–ছাত্রীসকলৰ কিমান ক্ষতি হ’ব? ইয়াৰ উত্তৰত অধিবক্তা শ্রীবাস্তৱৰ যুক্তি আছিল এনেধৰণৰ– শীঘ্রে ক’ৰোনা ভাইৰাছৰ প্রতিষেধক উপলব্ধ হ’ব৷ সেয়েহে অনির্দিষ্টকালৰ বাবে পৰীক্ষা স্থগিত ৰাখিবলৈ কোৱা নাই৷ ইয়াৰ পৰিৱর্তে পৰিস্থিতি কিছু স্বাভাৱিক নোহোৱাপর্যন্ত অপেক্ষা কৰা প্রয়োজন৷ পিছে তিনিজনীয়া খণ্ড বিচাৰপীঠখনে অধিবক্তা শ্রীবাস্তৱৰ এই যুক্তি নস্যাৎ কৰে৷ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এইবাৰ অধিবক্তাজনক উদ্দেশ্যি কোৱা হয় যে আপোনালোকে আদালতৰ কাম–কাজ আৰম্ভ কৰাৰ বাবে দাবী উত্থাপন কৰিব পাৰে৷ অথচ পৰীক্ষা পিছুওৱাৰ পক্ষ লয়৷ ইয়াত সমগ্র দেশৰ ক্ষতি হ’ব৷ মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ৰ মজিয়াত নেচনেল টেষ্টিং এজেন্সীক প্রতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক পৰীক্ষাৰ সময়ত ক’ভিড–১৯ মোকামিলাৰ বাবে যাৱতীয় সুৰক্ষা কৱচ গ্রহণ কৰা হৈছে বুলি কয়৷ ছলিচিটৰ জেনেৰেল মেহতাৰ এই ভাষ্যৰ পাছতেই তিনিজনীয়া খণ্ড বিচাৰপীঠে আবেদনখন খাৰিজ কৰি দিয়ে৷ স্মর্তব্য যে প্রথমতে চলিত বর্ষৰ জে ই ই–মেইন আৰু নীট–ইউ জি এপ্রিল মাহতে অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণ তথা লকডাউন বলৱৎ কৰাৰ ফলত পৰীক্ষা পিছুৱাই জুলাই মাহত নতুন সময়সূচী স্থিৰ কৰা হয়৷ পিছে লকডাউন শিথিল হ’লেও ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ অব্যাহত থকাৰ ফলত শিক্ষার্থী আৰু অভিভাৱকসকলৰ দাবীৰ ফলত পৰীক্ষা পুনৰ ছেপ্ঢেম্বৰ মাহলৈ পিছুৱাই দিয়া হৈছিল৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা প্রকাশিত সময়সূচী অনুসৰি ১ৰ পৰা ৬ ছেপ্টেম্বৰৰ ভিতৰত জে ই ই–মেইন, ১৩ ছেপ্টেম্বৰত নীট আৰু আই আই টিত নামভর্তিৰ বাবে জে ই ই–এডভান্সড অনুষ্ঠিত হোৱাৰ কথা আছিল৷ উচ্চতম ন্যায়ালয়ে উক্ত আবেদনখন খাৰিজ কৰাৰ লগে লগে এই সময়সূচী অনুসৰিয়েই জে ই ই–মেইন আৰু নীট–ইউ জি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্রকট৷

You might also like