নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিখণ্ডিত হোৱাৰ পথত প্রদেশ কংগ্রেছ: আজমলৰে মিত্রতা–ৰাজীৱ ভৱনত বিদ্রোহৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট:  সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ সৈতে মিত্রতা কৰি কংগ্রেছে আসন্ন বিধানসভা নির্বাচনৰ বৈতৰণী পাৰ হ’বলৈ বিচৰাক কেন্দ্র কৰি কংগ্রেছৰ অভ্যন্তৰত বিৰাজ কৰিছে তীব্র ক্ষোভ–সন্তুষ্টি আৰু বিদ্রোহ৷ কংগ্রেছৰ সংখ্যালঘু শিবিৰৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্রী–বিধায়কসকল মুকলিভাৱে এআইইউডিএফৰে মিত্রতাৰ বিৰুদ্ধাচৰণ কৰিছে৷ সেইদৰে এআইইউডিএফৰে মিত্রতা হ’লে কংগ্রেছ দল উজনি অসম তথা উত্তৰ অসমত সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হোৱাৰ আশংকা কৰিছে দলটোৰ সংখ্যাগুৰু শিবিৰৰ আন একাংশ জ্যেষ্ঠ নেতাই৷

মূলতঃ কংগ্রেছৰ নির্দিষ্ট তিনি–চাৰিজন নেতাই নিজৰ ৰাজনৈতিক স্বার্থ সুৰক্ষাৰ বাবেই আজমলৰ সৈতে মিত্রতা কৰাৰ সিদ্ধান্ত জাপি দিয়াটো কোনোপধ্যে মানি ল’ব বিচৰা নাই দলৰ গৰিষ্ঠসংখ্যক নেতাই৷ কালি গুৱাহাটীত কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে সমভাবাপন্ন গণতান্ত্রিক, ধর্মনিৰপেক্ষ, বিজেপিবিৰোধী অন্যান্য দলৰ সৈতে মহাজোঁটবন্ধনত আবদ্ধ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পিছতেই এআইইউডিএফক কেন্দ্র কৰি দলৰ অভ্যন্তৰত তীব্র ধুমুহাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে যোৱা ফেব্রুৱাৰী মাহৰ পৰাই কংগ্রেছৰ সংখ্যালঘু শিবিৰৰ নেতাসকলে এআইইউডিএফৰে মিত্রতাৰ মুকলি বিৰোধিতা কৰি আহিছে৷ এইক্ষেত্রত কংগ্রেছ হাইকমাণ্ডৰ ওচৰত প্রকাশ্যে বিৰোধিতা কৰাৰ লগতে জনমত গঠনৰ বাবে ইতিমধ্যে প্রাক্তন মন্ত্রী মহিবুল হকক আহ্বায়ক, প্রাক্তন বিধায়ক আলী আকবৰ মিঞাক যুটীয়া আহ্বায়ক হিচাপে লৈ ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীম গঠন কৰিছে৷ এই টীমত প্রদেশ কংগ্রেছৰ উপ–সভাপতি তথা প্রাক্তন সাংসদ আব্দুল হামিদ, প্রাক্তন মন্ত্রী নজিবুল ওমৰ, নুৰজামাল সৰকাৰ, প্রাক্তন বিধায়ক ড০ ইদ্রিছ আলী, আফতাবুদ্দিন মোল্লা, আবুতাহেৰ বেপাৰী, ৰহিম খান, গুল আখতাৰা বেগম, ৰছুল হক, জাহানুদ্দিন, এবিএছ জোদ্দাৰ, মকবুল হুছেইন আদিকে ধৰি বহু জ্যেষ্ঠ নেতা আছে৷ কালি কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে এআইইউডিএফৰে মিত্রতা নিশ্চিত কৰাৰ পিছত ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীমে অহা ২৪ আগষ্টত দিনৰ ১১ বজাত দিছপুৰৰ নতুন বিধায়ক আৱাসত এখন বৈঠকৰ আয়োজন কৰিছে৷

প্রাক্তন মন্ত্রী মহিবুল হকে জানিবলৈ দিয়া মতে, সেই বৈঠকতে তেওঁলোকে পৰৱর্তী পদক্ষেপ সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব৷ সেইদৰে এআইইউডিএফৰে মিত্রতা হ’লেও বদৰুদ্দিন আজমলক মুখ্যমন্ত্রী হ’বলৈ নিদিয়ে বুলি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কৰা মন্তব্যক অসাংবিধানিক আখ্যা দি মহিবুল হকে কয় যে গণতান্ত্রিক ব্যৱস্থাৰ পৰম্পৰা অনুসৰি দলৰ নির্বাচিত বিধায়কসকলেহে তেওঁলোকৰ দলীয় নেতা নির্বাচন কৰে৷ মিত্রতাৰ ৰাজনীতিৰ ক্ষেত্রত যিটো দলে সর্বাধিক আসন লাভ কৰে, সেই দলৰ পৰাই স্বাভাৱিকতে মুখ্যমন্ত্রী বাছনি কৰে৷ সেইটো সাংবিধানিক পৰম্পৰা৷ নির্বাচনত যদি কংগ্রেছতকৈ এআইইউডিএফে অধিক আসন লাভ কৰে, স্বাভাৱিকতে তেওঁলোকে তেতিয়া মুখ্যমন্ত্রীৰ দাবী কৰিব৷ এনে অৱস্থাত আগতীয়াকৈ কাক মুখ্যমন্ত্রী হ’ব নিদিয়ে সেই কথা কৈ লাভ নাই৷ প্রাক্তন মন্ত্রী হকৰ স্পষ্ট কথা– তেওঁলোকে পূর্বৰে পৰাই এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰি আহিছে আৰু এতিয়াও মিত্রতাৰ বিৰোধিতা কৰি আছে আৰু অনাগত দিনতো মিত্রতাৰ বিৰোধিতা কৰি যাব৷

২০১৬ চনত আজমলৰ সহায়ৰ বাবেই অসমত বিজেপি চৰকাৰ প্রতিষ্ঠা হৈছে৷ এনে অৱস্থাত আজমলৰ দলৰ সৈতে তেওঁলোকে কোনো পৰিস্থিতিতে মিত্রতা মানি নলয়৷ সেইদৰে প্রাক্তন বিধায়ক আলী আকবৰ মিঞায়ো এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰি কয় যে তেওঁলোকে কোনো ক্ষেত্রতে এআইইউডিএফৰে মিত্রতা মানি নলয়৷ প্রয়োজনত অন্য দলৰ সৈতে হাত মিলায়েই হওক বা নতুন দল খুলিয়েই হওক বা নির্দলীয়ভাৱে অৱতীর্ণ হৈ হ’লেও আসন্ন বিধানসভা নির্বাচনত এআইইউডিএফৰ বিৰুদ্ধে যুঁজ দিব৷ যিকোনো অংকৰ বিনিময়ত এআইইউডিএফক ক্ষমতালৈ আহিবলৈ নিদিয়ে৷ কংগ্রেছৰ দৰে ৰাষ্ট্রীয় দল এটাই এআইইউডিএফৰ লেখীয়া সাম্প্রদায়িক শক্তিৰ লগত হাত মিলোৱাটো দুর্ভাগ্যজনক বুলি অভিহিত কৰি তেওঁ কয় যে যদিহে কংগ্রেছে আজমলৰে মিত্রতা কৰে, সেয়া হ’ব কংগ্রেছৰ বাবে আত্মঘাতী সিদ্ধান্ত৷ মিঞাই আৰু কয় যে এআইইউডিএফৰে মিলি কংগ্রেছে আমাৰ সর্বনাশ কৰিলে আমিও কংগ্রেছৰ সর্বনাশ কৰিম৷ এআইইউডিএফৰ বাবেই ২০১৬ চনৰ নির্বাচনত বিজেপি ক্ষমতালৈ আহিব পাৰিলে৷ আনহাতে এআইইউডিএফৰে মিত্রতাক লৈ কেৱল যে কংগ্রেছৰ সংখ্যালঘু শিবিৰৰ মাজতেই ক্ষোভ–সন্তুষ্টি–বিদ্র্ সূচনা হৈছে তেনে নহয়৷ কংগ্রেছৰ সংখ্যাগুৰু শিবিৰেও এআইইউডিএফৰে মিত্রতা কৰিলে দল কিমান ক্ষতিগ্রস্ত হ’ব, তাক লৈ গভীৰ শংকাত ভুগিছে৷ যাৰ ফলত কালি ক’ৰ কমিটীৰ বৈঠক শেষ হোৱাৰ পিছতেই বিৰোধী দলপতি দেৱব্রত শইকীয়াই দলৰ দুই সাংসদ প্রদ্যুত বৰদলৈ আৰু আব্দুল খালেকৰ সৈতে এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ সেই বৈঠকত এআইচিচিৰ দুই সম্পাদক ভূপেন বৰা আৰু ৰাণা গোস্বামীও উপস্থিত থাকে৷

বিৰোধী দলপতি শইকীয়াই তেওঁলোকৰ সেই বৈঠক সম্পূর্ণ সৌহার্দ্যমূলক বুলি অভিহিত কৰি ক’ৰ কমিটীৰ বৈঠকৰ পিছত তেওঁলোক আটাইকেইজনে মিলি একাপ চাহহে খাইছে বুলি মন্তব্য কৰে৷ কিন্তু বিৰোধী দলপতি শইকীয়াকে ধৰি সাংসদ বৰদলৈ, খালেক, এআইচিচিৰ সম্পাদক বৰা, গোস্বামীয়ে পূর্বৰে পৰাই এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷ আনকি যোৱা লোকসভা নির্বাচনৰ সময়ত এআইইউডিএফৰে গোপন বুজাবুজি কৰি কৰিমগঞ্জ, ধুবুৰী আৰু বৰপেটা লোকসভাত দুর্বল প্রার্থী থিয় কৰাই আজমলক ৱাক অ’ভাৰ দিয়াৰ পৰিকল্পনাৰ দুর্ঘোৰ বিৰোধিতা কৰিছিল বিৰোধী দলপতি শইকীয়াই৷ শইকীয়াৰ তীব্র বিৰোধিতাৰ বাবেই শেষ মুহূর্তত দলে খালেকক বৰপেটাত কংগ্রেছৰ প্রার্থিত্ব দিবলৈ বাধ্য হয়৷ জানিব পৰা মতে, কালিৰ সেই ৰুদ্ধদ্বাৰ বৈঠকতো তেওঁলোকে দলক কেনেদৰে উদ্ধাৰ কৰিব পাৰি, সেই সম্পর্কত আলোচনা কৰে৷ সেই বৈঠকৰ কৌশল হিচাপেই বিৰোধী দলপতি দেৱব্রত শইকীয়াই আজি এক বিবৃতিযোগে সকলো বিৰোধীকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়৷ বিবৃতিটোত বিৰোধী দলপতি শইকীয়াই কয় যে কংগ্রেছক বাদ দি বা কংগ্রেছক দূৰত ৰাখি বিজেপিক প্রত্যাহ্বান দিয়াটো অসম্ভৱ৷ কংগ্রেছ দল সদায় অসম তথা ভাৰতবর্ষৰ ৰাইজৰ লগত আছিল, আছে আৰু থাকিব৷ আসন্ন বিধানসভা নির্বাচনতো বিজেপিক উৎখাত কৰিবলৈ কংগ্রেছৰ সৈতে সকলো বিৰোধী একত্রিত হৈ নির্বাচনত অৱতীর্ণ হ’লে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব তথা অসমৰ স্বার্থ অসমীয়া ৰাইজক এক সু–সংগঠিত, সু–শাসিত চৰকাৰ দিবলৈ সক্ষম হ’ব পৰা যাব৷ বিৰোধী দলপতি শইকীয়াৰ এই ভাষ্যই সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত বিশেষকৈ কংগ্রেছী ৰাজনীতিত বিশেষ তাৎপর্য বহন কৰিছে৷

যি সময়ত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি একাংশই এআইইউডিএফক বৰপীৰা পাৰি দিব বিচাৰিছে, সেই সময়তে বিৰোধী দলপতি শইকীয়াই সকলো বিৰোধীকে সমানে গুৰুত্ব দি অগ্রসৰ হ’ব বিচাৰিছে৷ সেইদৰে কংগ্রেছৰ জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে প্রকাশ্যে এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰি কয় যে ব্যক্তিগতভাৱে তেওঁ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা নিবিচাৰে৷ এআইইউডিএফৰে কংগ্রেছে মিত্রতা কৰিলে উজনি অসমৰ লগতে ৰাজ্যখনত যথেষ্ট প্রভাৱ পৰিব৷ বর্তমান অৱস্থাত কংগ্রেছে সঠিকভাৱে অগ্রসৰ হ’লে বিজেপিক প্রতিহত কৰিব পৰা অৱস্থাত আছে৷ এসময়ত বিজেপি–এআইইউডিএফে মিত্রতা কৰি ৰাজ্যসভা নির্বাচনত কংগ্রেছৰ বিৰুদ্ধে জয়ন্ত বৰুৱাক প্রার্থী হিচাপে প্রক্ষেপ কৰাৰ উল্লেখ কৰি তেওঁ আৰু কয় যে এনে অৱস্থাত তেওঁ এআইইউডিএফৰে কংগ্রেছে মিত্রতা কৰাৰ ব্যক্তিগতভাৱে পোষকতা নকৰে৷ তেনে চিন্তা–চর্চাৰ তেওঁ দুর্ঘোৰ বিৰোধী৷ এই কথা তেওঁ সময়ে সময়ে কৈ আহিছে৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, নিজৰ ৰাজনৈতিক স্বার্থত একাংশ কংগ্রেছীয়ে এআইইউডিএফৰে মিত্রতাৰ পোষকতা কৰিলেও দলৰ সংখ্যালঘু শিবিৰকে ধৰি সংখ্যাগুৰু শিবিৰৰো গৰিষ্ঠসংখ্যকেই এআইইউডিএফৰে মিত্রতা বিচৰা নাই৷ এইক্ষেত্রত দলৰ বিধায়ক ৰোজলিনা তির্কী, দুর্গা ভূমিজ আদিকে ধৰি বিভিন্নজনে এআইইউডিএফৰে মিত্রতাৰ বিৰোধী শিবিৰত অৱস্থান কৰি আছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি অহা ২৪ আগষ্টত হ’বলগীয়া দলৰ সংখ্যালঘু সম্প্রদায়ৰ জ্যেষ্ঠ নেতাসকলৰ বৈঠকে গ্রহণ কৰা সিদ্ধান্তৰ প্রতি সকলোৱে উৎসুকতাৰে অপেক্ষা কৰি আছে৷ কংগ্রেছক উদ্ধাৰৰ স্বার্থত প্রয়োজনসাপেক্ষে তেওঁলোকে নতুন দল গঠনৰ চিন্তা–চর্চাও অব্যাহত ৰাখিছে বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ মুঠতে এআইইউডিএফক কেন্দ্র কৰি কংগ্রেছ এতিয়া একপ্রকাৰ দ্বিখণ্ডিত হোৱাৰ পথত বুলি ক’ব পাৰি৷

You might also like