নির্বাচনত আজমলৰ দলে বিচাৰিব ৩০খনকৈ আসন
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে আনুষ্ঠানিকভাৱে এআইইউডিএফৰে মিত্রতা কৰাৰ পোষকতা কৰাৰ লগতে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক মুখ্যমন্ত্রী হ’বলৈ নিদিয়াৰ যি ঘোষণা কৰিছে, সেয়া মানি লৈছে এআইইউডিএফে৷
অৱশ্যে মুখ্যমন্ত্রিত্বৰ দৌৰৰ পৰা এআইইউডিএফ আঁতৰি থাকিলেও আসন্ন বিধানসভা নির্বাচনত আজমলৰ দলে নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাত ৩০টা সমষ্টিত দলীয় প্রার্থী থিয় কৰোৱাৰ একপ্রকাৰ দৰ–দাম আৰম্ভ কৰিছে৷ এআইইউডিএফৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যতে স্পষ্ট হৈ পৰিছে সেই ছবিখন৷
কংগ্রেছে আজমলক মুখ্যমন্ত্রী হ’বলৈ নিদিয়ে বুলি কৰা মন্তব্য সম্পর্কত এআইইউডিএফৰ সাধাৰণ সম্পাদক ইছলামে কয় যে সাংবিধানিকভাৱে আজমল মুখ্যমন্ত্রী হোৱাত কোনো বাধা নাই যদিও আজমল মুখ্যমন্ত্রীৰ দৌৰত নাই৷ এই মুহূর্তত তেওঁলোকৰ প্রধান উদ্দেশ্য হৈছে বিজেপিক ক্ষমতাৰ পৰা অপসাৰণ কৰা৷
বিজেপিক ক্ষমতাচ্যুত কৰাৰ স্বার্থতে কংগ্রেছকে ধৰি ধর্মনিৰপেক্ষ, গণতান্ত্রিক শক্তিসমূহ ঐক্যবদ্ধ হোৱাত গুৰুত্ব দিয়া হৈছে৷ কংগ্রেছে ইতিমধ্যে তেওঁলোকৰ সৈতে মিত্রতাৰ পোষকতা কৰিছে৷ এআইইউডিএফেও মিত্রতা হোৱাটো বিচাৰে৷ অৱশ্যে এই সম্পর্কত পৰৱর্তী পর্যায়ত আলোচনা অনুষ্ঠিত হ’ব আৰু সেই আলোচনাতেই মিত্রতা চূড়ান্ত হ’ব৷ বর্তমান দুয়োটা দলেই মিত্রতাৰ পোষকতা কৰি আহিছে৷
আনহাতে কংগ্রেছৰে মিত্রতা হ’লে আসন্ন বিধানসভা নির্বাচনত তেওঁলোকে নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাৰ ৩০টা সমষ্টিত প্রার্থিত্ব প্রদানৰ ইংগিত দি তেওঁ কয় যে ২০০৬ চনৰ পৰা বর্তমানলৈকে তেওঁলোকৰ দখলত থকা সমষ্টি আৰু যোৱা বিধানসভা নির্বাচনত সামান্য ভোটত পৰাজিত হোৱা সমষ্টিসমূহ বিচাৰিব এআইইউডিএফে৷
এই প্রসংগতে উল্লেখনীয় এয়ে যে সমষ্টিক কেন্দ্র কৰিয়েই কংগ্রেছত ইতিমধ্যে এআইইউডিএফৰে মিত্রতাক লৈ একাংশ সংখ্যালঘু নেতা অসন্তুষ্ট হৈ পৰিছে৷ এইক্ষেত্রত প্রাক্তন সাংসদ আব্দুল হামিদ, প্রাক্তন মন্ত্রী নজিবুল ওমৰ, মহিবুল হক, নুৰজামাল সৰকাৰ, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, আফতাবুদ্দিন মোল্লা, মকবুল হুছেইন, গুল আখতাৰা বেগম, আব্দুৰ ৰহিম খান আদিয়ে মিত্রতাবিৰোধী স্থিতিত অৱস্থান কৰিছে৷ তেওঁলোকে অহা ২৪ আগষ্টত গুৱাহাটীত এখন বৈঠকৰো আয়োজন কৰিছে৷ সেই বৈঠকতে তেওঁলোকে পৰৱর্তী কার্যপন্থা নিৰূপণ কৰিব৷
এনে অৱস্থাত এআইইউডিএফে বিচৰা ধৰণে কংগ্রেছে তেওঁলোকক কিমানটা সমষ্টি দিব পাৰে, সেয়া সময়তহে ক’ব পৰা যাব৷ ইপিনে এআইইউডিএফৰে মিত্রতাক লৈ উজনি অসমৰো একাংশ কংগ্রেছ নেতা সাংঘাতিক ধৰণে নাৰাজ৷ দলটোৰ জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে প্রকাশ্যে সেই মিত্রতাৰ বিৰুদ্ধাচৰণ কৰাৰ লগতে প্রয়োজনত তেওঁ দল ত্যাগ কৰিব বুলিও ইতিমধ্যে ঘোষণা কৰিছে৷ বিধায়ক কুর্মীয়ে এআইইউডিএফৰে কৰা মিত্রতাৰ বাবে কংগ্রেছ লাভান্বিত নহয়, বৰং ক্ষতিগ্রস্তহে হ’ব বুলি উল্লেখ কৰি উজনিত ব্যাপক প্রভাৱ পৰিব বুলি মন্তব্য কৰে৷
এই সম্পর্কত আজি দিছপুৰত আয়োজিত এখন সংবাদ মেলত বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে ৰূপজ্যোতি কুর্মীয়ে দল এৰি যাব নালাগে৷ দলৰ স্বার্থতে তেওঁ দলত থাকক৷ কুর্মীৰ সৈতে তেওঁ নিজেই আলোচনাত মিলিত হৈ দলত থাকিবলৈ বুজাব৷ বিৰোধী দলপতি শইকীয়াই আৰু কয় যে আসন্ন বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বার্থতে ধর্মনিৰপেক্ষ গণতান্ত্রিক ৰাজনৈতিক দল–শক্তিৰ সৈতে কংগ্রেছে মিত্রতা কৰাৰ পোষকতা কৰি আহিছে৷
মিত্রতা হ’লে প্রতিটো দলৰ নেতৃত্বই কমন মিনিমাম প্র’গ্রেম যুগুতাই কার্যক্ষেত্রত অগ্রসৰ হ’ব৷ সেই মহাজোঁট গঠন হ’লেও কংগ্রেছৰ পৰাই মুখ্যমন্ত্রী হ’ব বুলি স্পষ্ট কৰি দি তেওঁ কয় যে আজমল মুখ্যমন্ত্রী হ’ব বুলি অযথা বিতর্ক কৰি থকা হৈছে৷ কাৰণ কংগ্রেছৰ সৈতে এআইইউডিএফে ফেৰ মাৰিব নোৱাৰে৷ তদুপৰি নির্বাচনত কোন জিকিব, কোন হাৰিব সেয়া যিহেতু পূর্বানুমান কৰাটো সম্ভৱ নহয়, তেনে অৱস্থাত কোন মুখ্যমন্ত্রী হ’ব, কোন নহ’ব সেয়া কোৱাটো সমীচীন নহয়৷