নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আধুনিক গুৱাহাটীৰ বাবে আজি এটা সোণোৱালী দিন, অসমৰ অলংকাৰ এই ৰোপ–ৱে’

নদীৰ ওপৰত নির্মিত দেশৰ ভিতৰত দীর্ঘতম গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপ–ৱে’ উদ্বোধন ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  অসমৰ যাতায়াত ব্যৱস্থাত এক নতুন অধ্যায়ৰ সংযোজন ঘটাই মঙলবাৰে মুকলি কৰা হ’ল ব্রহ্মপুত্রৰ ওপৰেৰে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপ ৱে’৷ নদীৰ ওপৰেৰে নির্মাণ কৰা এইটোৱে হ’ল দেশৰ ভিতৰত আটাইতকৈ বেছি দৈর্ঘ্যৰ ৰোপ ৱে’৷ যাৰ দৈর্ঘ্য ২ কিলোমিটাৰ৷ গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই নির্মাণ কৰি উলিওৱা এই অত্যাধুনিক ৰোপ ৱে’টো আজি মংগল ধ্বনিৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰে ৰাজ্যৰ বিত্ত–স্বাস্থ্য–শিক্ষা তথা গডকপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷মহানগৰীৰ কাছাৰীত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ উপস্থিতিত ৰোপ ৱে’টো মুকলি কৰি দিয়া ভাষণত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে মঙলবাৰে দিনটো মহানগৰীৰ বাবে এটা অতি গুৰুত্বপূর্ণ দিন৷ ৰোপ ৱে’ থকা ৰাজ্যৰ তালিকাত আজিৰ পৰা সংযোজন হ’ল অসমৰ নাম৷ আধুনিক অসম আৰু আধুনিক গুৱাহাটীৰ বাবে আজিৰ দিনটো এটা গুৰুত্বপূর্ণ আৰু সোণোৱালী দিন হিচাপে পৰিগণিত হৈ ৰ’ব৷ তেওঁ লগতে কয় যে জালুকবাৰী সমষ্টিৰ পৰা নির্বাচিত হোৱাৰ পিছত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলং, ৰোপ ৱে’ আদিৰ পৰিকল্পনা লৈ তেওঁ নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল৷ ২০০৩ চনত তেতিয়াৰ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এটা ৰোপ ৱে’ প্রকল্পৰ পৰিকল্পনা প্রস্তুত কৰিবলৈ নির্দেশ দিছিল৷ উপায়ুক্তগৰাকীয়ে প্রথমতে গুৱাহাটী আৰু উমানন্দ সংযোগী ৰোপ ৱে’ এটাৰ ডিজাইন প্রস্তুত কৰিছিল৷ পৰৱর্তী সময়ত এটা প্রকল্পটোক উত্তৰ গুৱাহাটীলৈ সম্প্রসাৰিত কৰি জি এম ডি এৰ অধীনলৈ অনা হয়৷ ২০০৬ চনত অতি খৰতকীয়াকৈ ৰোপ ৱে’ প্রকল্পৰ কাম আৰম্ভ কৰি ২০১১ চনত সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হয়৷ কিন্তু সেই সময়ত প্রত্নতাত্ত্বিক বিভাগে ৰূপায়ণ কৰা এখন নতুন আইনৰ বাবে উমানন্দত খুঁটা স্থাপনৰ কামত বাধা আহি পৰে৷ ইয়াৰ পৰৱর্তী সময়ত প্রত্নতাত্ত্বিক বিভাগৰ ওচৰত আবেদন কৰা হয় যে যিহেতু ৰোপ ৱে’ প্রকল্প আৰম্ভ কৰাৰ পিছত নতুন আইনখন আহিছে গতিকে উমানন্দৰ মাজেৰে প্রকল্পটো ৰূপায়ণৰ বাবে অনুমতি দিব লাগে৷ বহু আবেদন– নিবেদনৰ পিছত ভাৰত চৰকাৰৰ প্রত্নতাত্ত্বিক বিভাগে উমানন্দত স্থাপন কৰিবলগীয়া খুঁটাৰ আর্হি সলনি কৰি প্রকল্পটো ৰূপায়ণৰ বাবে অনুমতি দিলে৷ কিন্তু ২০১১ চনত এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ’ল যে জালুকবাৰী সমষ্টিৰ লগত সম্পর্ক থকা কোনো প্রকল্পকে তেতিয়াৰ কংগ্রেছ চৰকাৰখনে আগবাঢ়িব নিদিয়া হ’ল৷ ড০ শর্মাই তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈ আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অজন্তা নেওগক ৰাজনীতিৰ ঊর্ধ্বত থাকি ৰোপ ৱে’ৰ কাম আগবঢ়াবলৈ আহ্বান জনাই গ’ল৷ তাৰ পিছতো কিন্তু কাম আগবঢ়োৱা নহ’ল৷ ২০১৬ চনত নতুন চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব লৈয়ে পুনৰ ৰোপ ৱে’ৰ আধৰুৱা কাম সম্পূর্ণ কৰাৰ কামত তেওঁ নামি পৰিল আৰু কম দিনৰ ভিতৰতে সমগ্র কামটোক পুনৰ ট্ৰেকলৈ ওভতাই আনিবলৈ সক্ষম হ’ল৷ এটা সময়ত বিভাগটোৰ দায়িত্ব সিদ্ধার্থ ভট্টাচার্যৰ হাতত তুলি দিবলগীয়া হ’ল৷ সেই সময়ত তেওঁ ভট্টাচার্যক এটাই অনুৰোধ কৰিছিল যে ৰোপ ৱে’ প্রকল্পটো যেন যেনে–তেনে সম্পূর্ণ কৰি উলিয়ায়৷ সেইমতে সোমবাৰে ৰোপ ৱে’ প্রকল্পটো ৰাইজৰ হাতত তুলি দিয়া হ’ল৷ এইটোৱে হ’ল নদীৰ ওপৰত নির্মাণ কৰা প্রথমটো ৰোপ ৱে’৷ ২০০৬–২০১১ৰ ভিতৰত গুৱাহাটী উন্নয়নৰ বাবে লোৱা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই পুনৰ কয় যে সেই সময়ছোৱাতে জাইকাৰ পৰা পানী যোগান প্রকল্প ৰূপায়ণৰ অনুমোদন লাভ কৰা হৈছিল৷ যাৰ মূল্যও তেওঁ পাছৰ পর্যায়ত ভৰিবলগীয়া হ’ল৷ এটা সময়ত ৰাষ্ট্রীয় ক্রীডা অসমৰ পৰা উভতি যোৱাৰ উপক্রম হৈছিল আৰু তেতিয়াও জি এম ডি এ আগুৱাই আহি অত্যন্ত কম সময়ৰ ভিতৰত গেমছ ভিলেজ নির্মাণ কৰি নেচনেল গেমছ অসমত অনুষ্ঠিত কৰাৰ পৰিৱেশ সৃষ্টি কৰিলে৷ একেদৰে ভাৰতীয় ৰে’লৱেৰ লগত উচ্চতম ন্যায়ালয় পর্যন্ত যুঁজ দি গুৱাহাটী ক্লাবৰ ৰ’টাৰী নির্মাণ কৰি উলিয়ালে৷ ইয়াৰ পিছত ২০১১ চনৰ পৰা ২০১৬ চন পর্যন্ত কামবোৰ স্থবিৰ হৈ থাকিল৷ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত গুৱাহাটীৰ দ্রুত উন্নয়নৰ প্রসংগৰ কথা উল্লেখ কৰি তেওঁ কয়– ‘২০১৬ চনত নতুন চৰকাৰ শাসনলৈ অহাৰ পিছত জু–ৰোডত পানী ডাইভার্ট কৰা প্রকল্প সম্পূর্ণ কৰিবলৈ সক্ষম হ’ল৷ কংগ্রেছ চৰকাৰে শ্বপিং কমপ্লেক্স স্থাপন কৰিব খোজা পুৰণি কাৰাগাৰৰ চৌহদত পৰিৱেশৰ লগত সম্পর্ক থকা ব’টানিকেল গার্ডেন আৰু বহু মহলীয়া পার্কিং কমপ্লেক্স নির্মাণৰ কাম হাতত লোৱা হ’ল৷ যোৱা বছৰ অক্টোবৰ মাহত গণেশগুৰি উৰণীয়া সেতুৰ কাম আৰম্ভ কৰি পৰৱর্তী পূজাৰ আগে আগে সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হ’ল আৰু এইবেলি দুর্গা পূজাৰ ষষ্ঠীৰ দিনটোত এই ফ্লাইভাৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব৷ একেদৰে ব’হাগ বিহুৰ আগে আগে সম্পূর্ণ কৰাৰ লক্ষ্যৰে ছুপাৰ মার্কেট ফ্লাইভাৰ নির্মাণৰ কাম চলি আছে৷ বিহুৰ আগতে এই ফ্লাইভাৰখনো ৰাইজৰ হাতত তুলি দিব পাৰিব বুলি এই মুহূর্তত গড়কাপ্ঢানী বিভাগ ৮০ শতাংশ বিশ্বাসী৷ আজিৰ দিনটোত গুৱাহাটীত একেলগে ৯খন এক্সেলেটৰ থকা ফুট অভাৰব্রিজৰ কাম চলি আছে আৰু ১ ফেব্রুৱাৰীৰ দিনটোত আটাইকেইখন ব্রিজ উদ্বোধন কৰা হ’ব৷ আনহাতে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলং নির্মাণৰ কামো ২৫ শতাংশ সম্পূর্ণ হৈছে৷ দলংখন নির্মাণ হৈ উঠিলে মাত্র ১৫ মিনিটত গুৱাহাটীৰ পৰা গৈ চাংসাৰিৰ এইম্ছত উপস্থিত হ’ব পৰা যাব৷ এই দলঙৰ কাম সম্পূর্ণ হোৱাৰ পিছত ব্রহ্মপুত্রৰ মাজেৰে ভৰলুৰ পৰা ৰাজভৱন পর্যন্ত আন এটা পথ নির্মাণ কৰা হ’ব৷ গোপীনাথ বৰদলৈ পথৰ সমান্তৰালভাৱে ব্রহ্মপুত্রৰ ওপৰেৰে এই পথ নির্মাণৰ পৰিকল্পনা ইতিমধ্যে গডকাপ্ঢানী বিভাগে প্রস্তুত কৰি উলিয়াইছে৷ তদুপৰি ১ জানুৱাৰীৰ দিনা পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ উঠিব পৰা আন এটা পথো মুকলি কৰি দিয়া হ’ব৷ এতিয়াৰ পৰা বিমানবন্দৰৰ ফালৰ পৰা অহা ভক্তসকল পাণ্ডুৰ পৰাই কামাখ্যা মন্দিৰলৈ আহিব পাৰিব৷ ড০ শর্মাই লগতে কয় যে যোৱা বছৰকেইটাত চৰকাৰৰ বিৰামহীন পৰিশ্রমৰ বাবে গুৱাহাটীয়ে উন্নয়নৰ নতুন দিগন্ত চুবলৈ সক্ষম হৈছে৷ সোমবাৰে উদ্বোধন কৰা ৰোপ ৱে’ অসমৰ অলংকাৰ হৈ জিলিকি ৰ’ব৷ যোৱা ৩টা বছৰৰ ভিতৰত গুৱাহাটীৰ কৃত্রিম বানো নিয়ন্ত্রণলৈ আহিছে৷ এতিয়া গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নির্মাণ সম্পূর্ণ হোৱাৰ লগে লগে মহানগৰীৰ সম্প্রসাৰণেও নতুন ৰূপ ল’ব৷ যাৱতীয় ধন উপলব্ধ হ’লে ৰাজধানী ক্ষেত্র জাগীৰোড, মঙলদৈ আৰু ৰঙিয়ালৈ সম্প্রসাৰিত কৰা হ’ব আৰু তেতিয়া ভাৰতৰ ভিতৰতে গুৱাহাটী এখন ডাঙৰ মহানগৰ হিচাপে পৰিগণিত হ’ব৷ দেশৰ ৰাজধানী দিল্লীৰ আর্হিৰে গুৱাহাটীকো ৰিং ৰোডেৰে বান্ধি লোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ৫ বছৰৰ পৰিশ্রমৰ ফচল অহা এপ্রিলৰ আগতে কাটিব পৰা হ’ব বুলি মন্তব্য কৰে৷ মন্ত্রীগৰাকীয়ে কয় যে গুৱাহাটীৰ ওপৰত কৰা আঘাতে তেওঁৰ মনত দুখ দিয়ে৷ ‘কা’ আন্দোলনৰ সময়ত যেতিয়া এচাম দুষৃকতিকাৰীয়ে মহানগৰীৰ পদপথসমূহ ভাঙি পেলাইছিল তেতিয়াও নিশা ১–২ বজাত আহি সেইবোৰ চাফা কৰাইছিল৷ দেৱালত অদৰকাৰী শ্লোগানবোৰ লিখি দিয়া দেখি ভাবিছিল যে ধ্বংসৰে সমস্যাৰ সমাধান নহয়৷ আধুনিকতাৰ মাজতো গুৱাহাটীৰ পুৰণি গৰিমা ওভতাই আনিবৰ বাবে কাম কৰি যাব বুলি আজিৰ অনুষ্ঠানত তেওঁ সদৰী কৰে৷ ইফালে, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কয় যে গুৱহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপ ৱে’ ড০ হিমন্ত বিশ্ব শর্মাৰ এটা সপোনৰ প্রকল্প আছিল৷ এই কথা বিভাগটোৰ দায়িত্ব হস্তান্তৰৰ সময়তে উল্লেখ কৰিছিল৷ সেয়ে ড০ শর্মাৰ মানসপুত্র স্বৰূপ প্রকল্পটো আজি তেওঁৰ হাতেৰেই মুকলি কৰা হ’ল৷ বহু ঘাত–প্রতিঘাতেৰে সম্পূর্ণ কৰি উলিওৱা প্রকল্পটোৰ প্রতি সদায় দেখুৱাই অহা আগ্রহৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকো ধন্যবাদ জ্ঞাপন কৰে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ পৰৱর্তী সময়ত আধৰুৱা প্রকল্পসমূহ সম্পূর্ণ কৰাৰ লগতে দুই–চাৰিটা নতুন প্রকল্পও হাতত লোৱা হ’ব বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ সোমবাৰৰ এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ উপৰি গুৱাহাটী উন্নয়ন বিভাগ আৰু জি এম ডি এৰ বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে এই ৰজ্জুপথেৰে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীত উপস্থিত হ’বলৈ সময় লাগিব মাত্র ৮ মিনিট৷ এই যাত্রা হ’ব ১০০ শতাংশ নিৰাপদ৷ এই ৰোপ ৱে’ত কেবিন যোগান ধৰিছে ছুইজাৰলেণ্ডৰ গানগ্ল’ভ নামৰ কোম্পানীটোৱে৷ সুৰক্ষা সম্পর্কীয় প্রমাণ–পত্র দিছে গাৰাভেণ্টা এ জি নামৰ প্রতিষ্ঠানটোৱে৷ ছুইজাৰলেণ্ডৰ অত্যাধুনিক প্রযুক্তিৰে নির্মাণ কৰা এই প্রকল্পটোৰ ব্যয় ৫৬ কোটি টকা৷ পুৱা সাত বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অবিৰতভাৱে ৰোপ ৱে’ সেৱা চলি থাকিব৷ অৱশ্যে চিকিৎসাজনিত জৰুৰী কাৰণত এই সময়ৰ পিছতো যাতায়াত কৰিবলৈ দিয়াৰ কথা বিবেচনাধীন হৈ আছে৷ এগৰাকী যাত্রীৰ এবাৰ যাত্রাৰ ভাৰা হ’ব ৬০ টকা আৰু ৰাউণ্ড ড্রিপৰ বাবে দিব লাগিব ১০০ টকা৷ কেব্ল কাৰত একেলগে ৩০গৰাকী যাত্রী উঠাৰ সুবিধা আছে যদিও ক’ভিড প্রট’কলৰ বাবে বর্তমান এবাৰত ১৫গৰাকী যাত্রীকহে যাত্রা কৰিবলৈ দিয়া হ’ব৷

You might also like