নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগান বীৰাংগনা

সংঘর্ষজর্জৰ আফগানিস্তানত তালিবানৰে শান্তি প্রক্রিয়াৰ বাট মুকলি কৰি তাক নতুন গতি প্রদান কৰিবলৈ চৰকাৰে প্রচেষ্টা চলাই আছে যদিও দেশখনত অব্যাহত আছে নির্বিচাৰ হত্যালীলা৷ শেহতীয়াকৈ দেশখনৰ মানৱাধিকাৰ কর্মী, শিল্পী তথা গণতন্ত্রৰ পোষকতা কৰা ৰাজনৈতিক দলৰ নেতা–সমর্থকসকল ওপৰত আক্রমণৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কিছুদিন পূর্বে দেশখনৰ চৰকাৰে কাবুলত মুকলি সংসদ ‘লয়া জির্গা’ অনুষ্ঠিত কৰি বন্দী হৈ থকা চাৰিশ তালিবান অপৰাধীক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল৷ লয়া জির্গাত অংশগ্রহণ কৰিছিল দেশখনৰ বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিক, বিভিন্ন সম্প্রদায়ৰ নেতা, সাংস্কৃতিক কর্মী, অধিবক্তাকে ধৰি সমাজৰ সকলো শ্রেণী তথা বৃত্তিৰে জড়িত লোকে৷ কেইবাদশক ধৰি দেশখনত চলি থকা অবাধ ৰক্তপাতৰ অৱসান বিচাৰি লয়া জির্গাই তালিবানৰে শান্তি আলোচনাৰ প্রক্রিয়াই নতুন গতি লাভ কৰাটো বিচাৰিছিল৷ কিন্তু অতি জঘন্য হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা চাৰিশ তালিবান বন্দীৰ মুক্তি প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতে কট্টৰ ইছলামিক সংগঠনটোৱে আফগান চৰকাৰৰ বৈধতাক অস্বীকাৰ কৰে৷ তালিবানৰ মতে আফগানিস্তানৰ আশ্রফ ঘানি চৰকাৰ আমেৰিকাৰ আজ্ঞাবাহী এক ব্যৱস্থাহে৷ আফগানিস্তানত আমেৰিকাৰ দখলদাৰীৰ স্বার্থত আশ্রফ ঘানি চৰকাৰে কাম কৰি থকা বুলি অভিযোগ তুলি সংগঠনটোৱে সমগ্র আলোচনা প্রক্রিয়ালৈ অনিশ্চয়তা কঢ়িয়াই আনিছে৷ অকল সেয়াই নহয়, আফগান চৰকাৰৰ বৈধতাক লৈ প্রশ্ণৰ অৱতাৰণা কৰা তালিবানে ইয়াৰ সমান্তৰালকৈ বৃদ্ধি কৰিছে নৰমেধ৷ শেহতীয়াকৈ দেশখনৰ জনপ্রিয় অভিনেত্রী তথা চলচ্চিত্রকাৰ ছাবা ছাহাৰৰ ওপৰত সংঘটিত আক্রমণটোৱে আন্তর্জাতিক মহলত জোকাৰণি তুলিছে৷ ৰাজধানী কাবুলত নিজ বাসভৱনৰ সমীপত দিন দুপৰতে মহিলা চলচ্চিত্রকাৰগৰাকী বন্দুকধাৰীয়ে গুলীয়াই হত্যাৰ চেষ্টা চলোৱা ঘটনাৰ অন্তৰালত তালিবান জড়িত থকা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে৷ অৱশ্যে তালিবানে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ ৪৪ বছৰীয়া ছাহাৰ হৈছে আফগানিস্তানৰ প্রথম মহিলা চলচ্চিত্রকাৰসকল অন্যতম৷ লক্ষণীয় কথাটো হৈছে ছাহাৰক গুলীওৱাৰ আঠ দিন পূর্বে দেশখনৰ মানৱাধিকাৰ কর্মী তথা তালিবান–আমেৰিকাৰ আলোচনাত মধ্যস্থতাকাৰী হিচাপে নিয়োজিত মহিলা ফাউজিয়া কুফিৰ ওপৰতো সন্ত্রাসবাদীয়ে আক্রমণ চলাইছিল৷ কিন্তু ফাউজিয়া কুফি কথমপি ৰক্ষা পৰে৷ দুয়োগৰাকী মহিলাৰ ওপৰত সংঘটিত আক্রমণৰ ঘটনাক আন্তর্জাতিক মানৱাধিকাৰ সংস্থাসমূহে গৰিহণা দিছে৷ প্রশ্ণটো হৈছে সাংস্কৃতিক কর্মী, মানৱাধিকাৰ আন্দোলনত জড়িত লোকসকলক কিয় আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছে৷ মুক্ত চিন্তাৰ ওপৰত আঘাত হনাটোৱেই মৌলবাদী সংগঠনসমূহৰ মূল উদ্দেশ্য৷ আফগানিস্তানত তালিবানৰ পাশৱিক শাসনত মহিলা হৈ পৰিছিল গৃহবন্দী৷ পশুৰ ওপৰত চলা আতিশয্যতকৈও ভয়াৱহ আতিশয্য চলোৱা হৈছিল নাৰীৰ ওপৰত৷ একালৰ স্বাধীন আফগান নাৰীক তালিবানে ক্ষমতালৈ আহিয়েই বোর্খা পৰিধান কৰিবলৈ বাধ্য কৰাইছিল৷ বন্ধ কৰি দিয়া হৈছিল নাৰী শিক্ষা৷ এই মৌলবাদী শাসন তালিবানে পুনৰ প্রতিষ্ঠা কৰিব বিচাৰিছে আফগানিস্তানত৷ ইয়াৰ উপৰি কট্টৰ ইছলামপন্থাৰ জাল ফালি মহিলাসকলক উদাৰ মুক্ত সমাজ এখন দিয়াৰ পৰা অহৰহ কাম কৰি গৈছে সাংস্কৃতিক কর্মীসকলে৷ এইক্ষেত্রত চলচ্চিত্রকর্মীসকল্ ভূমিকা আটাইতকৈ গুৰুত্বপূর্ণ৷ প্রসংগক্রমে ইৰানৰ কথা উল্লেখ কৰিব পাৰি৷ ইৰানত কট্টৰ ইছলামিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে চলচ্চিত্রক হাতিয়াৰ কৰি লৈছে মহিলা চলচ্চিত্রকাৰসকলে৷ ইৰানৰ চলচ্চিত্রই সাম্প্রতিক সময়ত বিশ্বজুৰি সমাদৰ লাভ কৰিছে৷ আফগানিস্তানতো ছাৰা ছাহাৰৰ নেতৃত্বত চলিছে কট্টৰ মৌলবাদী চিন্তাৰ বিৰুদ্ধে উদাৰ এক সাংস্কৃতিক আন্দোলন৷ ইফালে দুর্নীতি–পশাসনকো চলচ্চিত্রৰ জৰিয়তে উদঙাই দিয়াৰ প্রচেষ্টা চলাইছে ছাহাৰে৷ এক নতুন সাংস্কৃতিক আন্দোলন আৰু মহিলাৰ অধিকাৰ দাবীয়ে আফগানিস্তানত সকলো মৌলবাদী গোটক শংকিত কৰিছে৷ গতিকে এই আন্দোলনৰ নেতৃত্বত থকা ব্যক্তিক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছে৷ কিন্তু কোনো জেহাদী গোট বা কুখ্যাত সন্ত্রাসবাদী সংগঠনে আফগান নাৰীৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে৷ দীর্ঘদিনীয়া দমন–আতিশয্যৰ বিৰুদ্ধে আফগান নাৰীয়ে আজি মূৰ তুলি থিয় দিবলৈ লৈছে৷ তালিবান, ইছলামিক ষ্টেটৰ বিৰুদ্ধে আফগান নাৰীয়ে আজি বীৰাংগনাৰ দৰে যুঁজিছে৷ ছাৰা ছাহাৰ, ফাউজিয়া কুফিৰ ওপৰত সংঘটিত আক্রমণে আফগান নাৰীক শংকিত নহয়, সাহসীহে কৰি তুলিব৷ কাৰণ বিশ্ববাসীৰ সমর্থন আছে আফগান বীৰাংগনাসকলৰ প্রতি৷

You might also like