নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইমান আঞ্চলিক দল কিয়

‘কা’ (পূর্বতে কেব)ৰ বিৰুদ্ধে আন্দোলন এটা গঢ়ি নুঠাহেঁতেন, অসমত আঞ্চলিক ৰাজনৈতিক দল গঠনৰ তাগিদাও সিমান প্রবল নহ’লহেঁতেন৷ কিন্তু সেই তাগিদাই এতিয়া বিপৰীত আৰু বিভ্রান্তিকৰ পৰিস্থিতি এটাহে অসমত সৃষ্টি কৰিলে৷ একেটা বিষয়ক লৈ ৰাজ্যখনত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাৰ দিশে আগবাঢ়িছে৷ ইতিমধ্যে তেজপুৰৰ বাণ থিয়েটাৰত সংযুক্ত আঞ্চলিক দল, অসম নামৰ এটা ৰাজনৈতিক দলৰ আত্মপ্রকাশ ঘটিছে৷ দলটোত অসমৰ সাহিত্য–সাংসৃকতিক– ক্ষেত্রখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সমাৱেশ ঘটিছে৷ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বতো এটা ৰাজনৈতিক মঞ্চ গঠনৰ প্রক্রিয়া তীব্রতৰ হৈছে৷ কৃষক মুক্তি সংগ্রাম সমিতিয়ে অখিল গগৈক মুখ্যমন্ত্রী পদৰ প্রার্থী হিচাপে প্রক্ষেপ কৰি আন এটা আঞ্চলিক দল গঠন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ আনহাতে, সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত বহুচর্চিত আঞ্চলিক ৰাজনৈতিক দলটোৰো সমাগত কিছুদিনৰ ভিতৰত অসমৰ ৰাজনৈতিক ক্ষেত্রখনত আৱির্ভাৱ ঘটিব পাৰে৷ দলটোৰ আঁৰত থকা দুই প্রধান শক্তি আছু আৰু যুৱ–ছাত্র পৰিষদৰ ৰাজ্যখনত কিছু সাংগঠনিক শক্তি আছে৷ তেনেদৰে কৃষক মুক্তি সংগ্রাম সমিতিৰো ঠায়ে ঠায়ে সাংগঠনিক শক্তি নথকা নহয়৷ অৱশ্যে সেই শক্তিৰে বিজেপি–কংগ্রেছ–গপ্ তথা বিপিএফকে ধৰি আন ৰাজনৈতিক দলৰ বিৰুদ্ধে যুঁজ দি নির্বাচনী সফলতা লাভ কৰিব পৰা যাব নে নাই, সেইটো অন্য প্রসংগ৷ কিন্তু সমস্যাটো হৈছে, ‘কা’ৰ বিৰোধিতাৰে ৰাজ্যখনত যি হাৰত আঞ্চলিক ৰাজনৈতিক দল গঠনৰ ধুম ডঠিছে, সি অৱশেষত বুমেৰাং হৈ ডঠিব নেকি? অসমত এতিয়ালৈকে যিকেইটা আঞ্চলিক ৰাজনৈতিক দল বা মঞ্চ গঠনৰ খবৰ ওলাইছে, তাৰে মাজত অন্তঃবিৰোধ কিন্তু লক্ষণীয়ভাৱে স্পষ্ট৷ আছু আৰু যুৱ–ছাত্র পৰিষদৰ দলটোৱে সাংসদ অজিত কুমাৰ ভূঞাৰ মঞ্চৰ সৈতে হাত মিলোৱাৰ সম্ভাৱনা কম৷ একেদৰে বিগত সময়ছোৱাৰ ইতিহাসলৈ লক্ষ্য কৰিলে আছুৰ সৈতে কৃষক মুক্তি সংগ্রাম সমিতিৰো ৰাজনৈতিক বুজা–পৰাৰ সম্ভাৱনা ক্ষীণ৷ ৰাজনৈতিক দল হিচাপে তেজপুৰত নতুনকৈ গঠন হোৱা সংযুক্ত আঞ্চলিক, অসমৰ সাংগঠনিক শক্তিয়ে সীমিত সময়ছোৱাত ৰাজ্যখনত কিমান দূৰ শিপাব পাৰে, তাক লৈ এতিয়াই একো ক’ব নোৱাৰি৷ দলটোৱে সেইসকল লোকৰ কাষলৈয়ে যাব লাগিব, যাক লৈ আছু, কৃষক মুক্তি সংগ্রাম সমিতি, অজিত কুমাৰ ভূঞাৰ মঞ্চই ৰাজনীতি কৰিম বুলি মন বান্ধি আছে৷ অৱশ্যে কৃষক মুক্তি সংগ্রাম সমিতিৰ ধর্মীয় সংখ্যালঘু জনসাধাৰণৰ মাজত কিছু জনপ্রিয়তা আছে৷ কিন্তু সমস্যাটো হ’ব, ইমানকেইটা দলৰ মাজত অসমত ‘কা’বিৰোধী শিবিৰত থকা ভোটাৰে কাৰ ওপৰত আস্থা ৰাখিব? নির্বাচনত দল বাছনিৰ সমস্যাই ভোটাৰসকলক বিভ্রান্ত কৰিলে, শেষত গৈ কাৰ লাভ হ’ব?
ৰাজপথৰ আন্দোলন এটাৰ কাংক্ষিত সফলতাৰ বাবে ৰাজনৈতিক সমর্থনৰ দৰকাৰ৷ অর্থাৎ সংসদীয় ৰাজনীতিত আন্দোলনকাৰীৰ প্রৱেশ এটা অস্পৃশ্য কথা নহয়৷ ছবছৰীয়া অসম আন্দোলনৰো সফল পৰিসমাপ্তি বিচাৰি অসমৰ সংগ্রামী জনসাধাৰণে সংসদীয় ৰাজনীতিৰ আশ্রয় লৈছিল৷ গোলাঘাটত অসম গণ পৰিষদ গঠন হৈছিল৷ সেই পৰিৱেশ আছিল সুকীয়া৷ আজিৰ দৰে এটাৰ পাছত এটাকৈ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ ধুম ডঠা নাছিল৷ সকলোৱে আছুৰ তদানীন্তন নেতৃত্বৰ বেনাৰত একত্র হৈ ৰাজনৈতিক দলটো গঠন কৰিছিল৷ ১৯৮৫ চনত নতুন দলটোৱে কাণে কাণ মাৰি কোনোমতে সংখ্যাগৰিষ্ঠতা লাভ কৰি দিছপুৰ দখল কৰিছিল৷ তাৰ পাছত কিন্তু অসমত সামাজিক আৰু ৰাজনৈতিকভাৱে বহু পৰিৱর্তন ঘটে৷ ১৯৮৫ চনৰ পাছত অসমৰ ৰাজনৈতিক মঞ্চৰ পৰা চিৰবিদায় ঘটিব বুলি বহুতে ভবাৰ বিপৰীতে ১৯৯১ চনৰ নির্বাচনত কংগ্রেছৰ প্রত্যাৱর্তন ঘটে৷ ২০০১ চনৰ পৰা দলটোৱে ধাৰাবাহিকভাৱে তিনিটা শাসনকালৰ বাবে অসম শাসন কৰে৷ এই সময়ছোৱাত দলটোৰ ভোটাৰৰ ভেটিটোৰ যথেষ্ট সলনি হয়৷ অগপৰ ব্যর্থতাত ক্ষুব্ধ লোকে জাতীয়তাবাদী শিবিৰ এৰি কংগ্রেছৰ কাষ চাপে৷ ইয়াৰ মাজতে বিজেপিৰ ডত্থান ঘটে৷ অগপ এৰি কংগ্রেছমুখী হোৱা ভোটাৰ বিজেপিৰ ফালে ঢ়াপলি মেলে৷ তদুপৰি বিগত সময়ছোৱাত ৰাজ্যখনত জনজাতি–জনগোষ্ঠীয় দল–সংগঠনৰ শক্তিশালী ৰূপত আৱির্ভাৱ ঘটিবলৈ ধৰে৷ এই সকলো মিলি অসমত ‘কা’ৰ দৰে বিষয় এটাক লৈ বহুধাবিভক্ত শিবিৰ এটাই ৰাজ্যখনত প্রতিষ্ঠিত ৰাজনৈতিক শক্তিসমূহক প্রত্যাহ্বান জনোৱাৰ সম্ভাৱনা কিমান, সেইটো প্রশ্ণৰ বিষয়৷ বাস্তৱ কথাটো হ’ল, অসমত ‘কা’বিৰোধী শক্তি নতুবা দল–সংগঠনৰ ভেটিটোৰ পৰিসৰ সমগ্র ৰাজ্যব্যাপী নহয়৷ ইয়াৰ পৰিসৰ যথেষ্ট সীমিত৷ সেই সীমিত পৰিসৰ আৰু বিজেপিৰ দৰে শক্তিমান ৰাজনৈতিক দল এটাৰ প্রত্যাহ্বান নেওচি অসমত চৰকাৰ এখন গঠন কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ অসমখন ক্ষেত্রভেদে বহুধাবিভক্ত৷ বৰাক ডপত্যকাৰ ৰাজনীতি, বিটিচিৰ ৰাজনীতি, পাহাৰীয়া জিলা দুখনৰ ৰাজনীতি নতুবা ডজনি অসমৰ জিলাকেইখনৰ ৰাজনীতিৰ মিল কম৷ একেদৰে মধ্য, ডত্তৰ আৰু নামনি অসমতো ক্ষেত্রভেদে একেটা বিষয়ে সমানে প্রভাৱ নেপেলায়৷ ২০১৪ চনত নৰেন্দ্র মোদীৰ সপক্ষে প্রবল ঢ়ৌ থকা সত্ত্বেও কোকৰাঝাৰ লোকসভা সমষ্টিত নির্দলীয় প্রার্থী নৱ কুমাৰ শৰণীয়া জয়ী হৈছিল৷ পৰৱর্তী বিধানসভা নির্বাচনত আকৌ বিপিএফৰ সাফল্য আছিল চকুত লগা ধৰণৰ৷ ৰাজ্যখনৰ এনে জটিল সমীকৰণৰ মাজত যদি এটাৰ পাছত এটাকৈ আঞ্চলিক ৰাজনৈতিক দল গঠন হৈ থাকে, লাভ কিন্তু তেওঁলোকে প্রতিপক্ষ বুলি ভবা দলৰেই হ’ব৷ লগতে এটা কথা ঠিক যে ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপি এটা শক্তিশালী প্রতিদ্বন্দ্বী ৰূপে নির্বাচনী যুঁজখনত থাকিব৷ দলটোৰ নেতৃত্বই ইতিমধ্যে এশখন আসন লাভ কৰিব বুলি ঘোষণা কৰি থৈছে৷ বিভ্রান্তিকৰ পৰিস্থিতিত দলটো অধিক শক্তিশালী হৈহে ডঠিব পাৰে৷

You might also like