কংগ্রেছ–ইউডিএফৰ মিত্রতা
ক’ভিড–১৯ৰ বিভীষিকা চলি থকাৰ সময়তে ৰাজ্যখনত আগন্তুক বিধানসভা নির্বাচনৰ ৰাজনৈতিক তৎপৰতা আৰম্ভ হৈছে৷ ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছ দলে আগন্তুক বিধানসভা নির্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে নির্বাচনী মিত্রতা কৰাৰ সিদ্ধান্ত লৈছে৷ ২০০১ৰ পৰা তিনিটাকৈ কার্যকাল ধাৰাবাহিকভাৱে দিছপুৰৰ ক্ষমতাত থকা কংগ্রেছ দলক ওফৰাই ২০১৬ৰ বিধানসভা নির্বাচনত ৰাজ্যৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল বিজেপি, অসম গণ পৰিষদ (অগপ) আৰু বি পি এফ দল৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনক সহজে ক্ষমতাচ্যুত কৰাটো যে সহজ নহয় সেয়া ৰাজ্যখনৰ বিৰোধী দল–সংগঠনসমূহে উপলব্ধি কৰিছে৷ বিজেপি মিত্রজোঁটৰ চৰকাৰখনক ওফৰাবলৈ কংগ্রেছে মহাজোঁট গঠন কৰাৰ কথা ঘোষণা কৰিছিল যদিও এ আই ইউ ডি এফৰ বাহিৰে কোনো এটা ৰাজনৈতিক দলেই এইক্ষেত্রত আগবাঢ়ি অহা নাই৷ বিজেপিবিৰোধী শক্তিসমূহ সম্প্রতি বহুধাবিভক্ত হৈয়ে আছে৷ এনে পৰিস্থিতিৰ মাজতেই ৰাজ্যখনত কেইবাটাও আঞ্চলিক দল গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ ফলত ক’ৰোনাৰ বিভীষিকাই ৰাজ্যবাসীক পেপুৱা লগোৱাৰ সময়তে ৰাজ্যৰ ৰাজনীতি লক্ষণীয়ভাৱে গৰম হ’বলৈ ধৰিছে৷ কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে মিত্রতা গঢ়াৰ বাবে আগতীয়াকৈ গ্রহণ কৰা তৎপৰতাক লৈ কেইবাটাও প্রশ্ণ উদয় হৈছে ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজৰ মাজত৷ অসমৰ ৰাজনীতিৰ সামান্য জ্ঞান থকা লোকসকলে ভালদৰে জানে এ আই ইউ ডি এফৰ জন্মৰ অন্তৰালৰ কাহিনী৷ ২০০৪ত উচ্চতম ন্যায়ালয়ে আই এম ডি টি আইনখন বাতিল কৰাৰ পিছতে বিশেষকৈ বাংলাদেশী মূলৰ মুছলমানসকলৰ মাজত সৃষ্টি হোৱা নিৰাপত্তাহীনতা দূৰ কৰাৰ লক্ষ্যৰে ২০০৫ৰ শেষার্ধত গঠন কৰা হৈছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটো৷ ২০০৬ৰ বিধানসভা নির্বাচনতে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা এ আই ইউ ডি এফ দলে বিগত ১৫ বছৰত ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত নতুন মাত্রাৰ সৃষ্টি কৰিছে৷ কিন্তু ২০১৬ৰ বিধানসভা নির্বাচনত অভূতপূর্ব সফলতাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখন ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে ধর্মীয় সংখ্যালঘুৰ মাজত এ আই ইউ ডি এফৰ খহনীয়া আৰম্ভ হৈছে৷ ২০১১ৰ বিধানসভা নির্বাচনত দলটোৱে ১৮খনকৈ আসন লাভ কৰিছিল যদিও ২০১৬ৰ বিধানসভা নির্বাচনত দলটোৰ আসনৰ সংখ্যা ১৩খনলৈ হ্রাস হৈছিল৷ একেদৰে ২০১৯ৰ লোকসভা নির্বাচনত দলটোৰ আসনৰ সংখ্যা তিনিখনৰ পৰা এখন হ্রাস হৈছে৷ তৎসত্ত্বেও এ আই ইউ ডি এফৰ সৈতে নির্বাচনী মিত্রতা গঢ়াৰ ক্ষেত্রত কংগ্রেছৰ একাংশ ৰাজ্যিক পর্যায়ৰ নেতাই গ্রহণ কৰা ভূমিকাক লৈ বিৰোধী দলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱা দেখা গৈছে৷ বিশেষকৈ কংগ্রেছৰ উজনি অসমৰ অধিকাংশ নেতাই এ আই ইউ ডি এফৰ সৈতে নির্বাচনী মিত্রতাৰ মুকলিকৈ বিৰোধিতা কৰাও পৰিলক্ষিত হৈছে৷ এ আই ইউ ডি এফৰ সৈতে নির্বাচনী মিত্রতাৰ ফলত কংগ্রেছৰ ধর্ম নিৰপেক্ষ চৰিত্রত আঘাত হনাৰ আশংকাতে উজনি অসমৰ অধিকাংশ নেতা–কর্মী উদ্বিগ্ণ হৈছে৷
দেশে স্বাধীনতা লাভ কৰাৰ পিছত ৰাজ্যত অধিকাংশ সময় কংগ্রেছ দল ক্ষমতাত আছে৷ কংগ্রেছৰ ক্ষমতা দখলৰ এনে সাফল্যৰ ৰাজনীতিৰ অন্তৰালত আছিল চাহ জনগোষ্ঠী আৰু ধর্মীয় সংখ্যালঘু ভোটবেংকৰ বিশেষ অৰিহণা৷ এ আই ইউ ডি এফৰ আধিপত্যৰ লগে লগে কংগ্রেছে ধর্মীয় সংখ্যালঘু অধ্যুষিত অধিকাংশ অঞ্চলত বিগত ১৫ বছৰত খোপনি হেৰুৱাইছে৷ একেদৰে বিজেপিৰ উত্থানৰ ফলত কংগ্রেছৰ চাহ জনগোষ্ঠীৰ পৰম্পৰাগত ভোটবেংকতো খহনীয়া আৰম্ভ হৈছে৷ এনে অৱস্থাত ধর্মীয় সংখ্যালঘুৰ ভোটবেংক ঘূৰাই অনাৰ বাবে এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ জৰিয়তে দিছপুৰৰ ক্ষমতা দখলৰ সহজ অংকত মগ্ণ হৈছে কংগ্রেছ৷ ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপি, অগপ আৰু বি পি এফে লাভ কৰিছিল মুঠ ৪১.৯ শতাংশ ভোট৷ ইয়াৰ বিপৰীতে কংগ্রেছে ৩১ শতাংশ আৰু এ আই ইউ ডি এফে ১৩ শতাংশ ভোট লাভ কৰিছিল৷ এ আই ইউ ডি এফ আৰু কংগ্রেছৰ মুঠ ভোট হিচাপ কৰিলে নিশ্চিতভাৱে শাসকীয় মর্চাৰ অংশীদাৰৰ অধিক হ’ব৷ কিন্তু নির্বাচনী ৰাজনীতিৰ অংক ইমান সহজ নহয়৷ এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ ফলত কংগ্রেছে এইবাৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ আস্থা ঘূৰাই অনাৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব৷ কংগ্রেছে ইতিমধ্যে ৰাজ্যখনৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত বিগত ১০ বছৰত খোপনি হেৰুৱাইছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ আস্থা ঘূৰাই অনাৰ বাবে ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে পদক্ষেপ গ্রহণ কৰাৰ বিপৰীতে এ আই ইউ ডি এফৰ সৈতে মিত্রতাক লৈ সর্বসাধাৰণ ৰাইজৰ মাজত সন্দেহ আৰু শংকাৰ সৃষ্টি হোৱাটো স্বাভাৱিক৷ ২০১৬ৰ বিধানসভা নির্বাচনত কংগ্রেছ দলৰ আসনৰ সংখ্যা ৭৮খনৰ পৰা ২৬খনলৈ কিয় হ্রাস পালে সেয়া দলটোৰ নেতৃত্বই সঠিক পর্যালোচনা কৰা বুলি মনে নধৰে৷ বিজেপি তথা হিন্দুত্ববাদী সংগঠনৰ উত্থানৰ লগে লগে ৰাজ্যখনৰ একাংশ বাংলাদেশী মুছলমান তীব্র হেঁচাৰ সন্মুখীন হৈছে৷ এই লোকসকলে সুদীর্ঘ ১৫ বছৰে বদৰুদ্দিন আজমলক অভিভাৱকৰূপে গণ্য কৰিছিল৷ কিন্তু বিপদকালত সহায় কৰাৰ জোখাৰে বদৰুদ্দিন আজমলৰ শক্তি নাই সেয়া বাংলাদেশী মূলৰ মুছলমানসকলে লাহে লাহে উপলব্ধি কৰিছে আৰু কংগ্রেছৰ সপক্ষে থিয় দিছে৷ যোৱা লোকসভা নির্বাচনত বৰপেটা লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল পৰাজিত হৈছে কংগ্রেছ প্রার্থী আব্দুল খালেকৰ হাতত৷ তৎসত্ত্বেও এ আই ইউ ডি এফৰ সৈতে কিয় মিত্রতাৰ বাবে কংগ্রেছ উঠিপৰি লাগিছে সেয়া সন্দেহজনক৷