নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত আৰক্ষীৰ তালাচীত ৩১৮ কাৰ্টন বিলাতী সুৰা জব্দ

 নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ চিৰাং আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত  কালি ৩১ ‘গ’ নম্বৰ ৰাষ্ট্ৰীয় পথত তালাচী চলাই এখন ট্ৰাকৰ পৰা ৩১৮ কাৰ্টন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, অৰুণাচলত প্ৰস্তুত কৰা এই বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ কাৰ্টনসমূহ এখন ট্ৰাকত বাঁহৰ তলত লুকাই বহিঃৰাজ্যলৈ অবৈধভাৱে সৰবৰাহ কৰাৰ সময়তে চিৰাং আৰক্ষীৰ অতিৰিক্ত অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত আৰক্ষীৰ এটি অভিযানকাৰী দলে ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰিত এই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।

আৰক্ষীৰ দলে বঙাইগাঁও জিলাৰ ৰাখালডুবি দিশৰ পৰা ৩১ ‘গ’ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে শ্ৰীৰামপুৰ অভিমুখে গৈ থকা আৰ জে-২৭ জি বি ০৮১০ নম্বৰ ট্ৰাকখনক ৰখিবলৈ সংকেত দিয়ে। আৰক্ষীৰ সংকেত অমান্য কৰি চালকে তীব্ৰ গতিত ট্ৰাকখন লৈ উধাও হ’বলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ দলে ট্ৰাক খন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিবলৈ সক্ষম হয়। ট্ৰাকখনৰ পৰা বাঁহবোৰ আঁতৰ কৰাত বাঁহৰ তলত বস্তাত ভৰাই লুকুৱাই ৰখা অৱস্থাত ৩১৮ কাৰ্টন বিলাতী সুৰা উদ্ধাৰ কৰি জব্দ কৰে। ট্ৰাক চালকজনক ৰাজস্থানৰ উদয়পুৰৰ সমীপৱৰ্তী শৰ্মাতালাব গাঁও নিৱাসী মাৱা ৰামজীৰ পুত্ৰ কমলেশ মিনা (৩৬) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

বৈধ নথিপত্ৰ অবিহনে সুৰা মাফিয়া চক্ৰই এইদৰে অৰুণাচলত প্ৰস্তুত কৰা বিলাতী সুৰাসমূহ বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল বুলি চিৰাং আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সন্দেহ প্ৰকাশ কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে চালকজনক সোধাপোছা কৰে।

You might also like