নার্ছিং হোমেও সুস্থ হৈ উঠা ক’ভিড ৰোগীৰ পৰা সংগ্রহ কৰক প্লাজমা
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: ব্যক্তিগত খণ্ডৰ চিকিৎসালয়কো সুস্থ হৈ উঠা ক’ভিড ৰোগীৰ পৰা প্লাজমা সংগ্রহৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ কালি দিছপুৰত সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয় যে চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীক প্রয়োজন সাপেক্ষে প্লাজমা প্রদান কৰা হৈছে৷ কিন্তু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত থকা ক’ভিড ৰোগীক চৰকাৰৰ তৰফৰ পৰা প্লাজমা যোগান ধৰিবলৈ স্বাস্থ্য বিভাগৰ হাতত পর্যাপ্ত প্লাজমা নাই৷ সেয়ে তেওঁ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়কো নিজাববীয়াকৈ প্লাজমা সংগ্রহৰ বাবে আহ্বান জনাই এইক্ষেত্রত প্লাজমা সংগ্রহৰ বাবে প্রয়োজন হোৱা যন্ত্রপাতি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহক স্থাপনৰ পৰামর্শ আগবঢ়ায়৷
আনহাতে, ৰাজ্যখনত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাই অহাৰ পৰিপ্রেক্ষিতত জনসাধাৰণক অধিক সজাগ আৰু সচেতন হ’বলৈ তেওঁ পুনৰ আহ্বান জনায়৷ বাহিৰত চলা–ফুৰা কৰাৰ সময়ত জনসাধাৰণক মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখা, সঘনাই হাত ধোৱাৰ অভ্যাস বাহাল ৰাখি ক’ৰোনাৰ সংক্রমণ প্রতিৰোধ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷