নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি জনগোষ্ঠীলৈ স্বায়ত্তশাসিত পৰিষদ উপহাৰ

মৰাণ–মটক–কোচ ৰাজবংশী অটোনমাছ কাউন্সিল বিলত অনুমোদন

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চলি থকা দীঘলীয়া ৰাজনৈতিক প্রক্রিয়াৰ মাজতে বৃহস্পতিবাৰে অসম বিধানসভাই মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিবলগীয়া তিনিখনকৈ স্বায়ত্তশাসিত পৰিষদত অনুমোদন জনায়৷ উজনি অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ লগতে নামনি অসমৰ কোচ ৰাজবংশীৰ আর্থ–সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক বিকাশৰ লক্ষ্যৰে গঠন হোৱা এই স্বায়ত্তশাসিত পৰিষদ তিনিখনত বিধানসভাৰ অনুমোদনৰ পাছতে আনন্দৰ লহৰ পৰিলক্ষিত হৈছে৷ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী বিভাগৰ মন্ত্রী চন্দন ব্রহ্মই গ্রীষ্মকালীন বিধানসভা অধিৱেশনৰ অন্তিম দিনা স্বায়ত্তশাসিত পৰিষদকেইখনৰ বাবে উত্থাপন কৰা বিধেয়ক তিনিখন বৃহস্পতিবাৰে সর্বসন্মতিক্রমে বিধানসভাত গৃহীত হয়৷ উল্লেখ্য যে ছয় জনগোষ্ঠী ক্রমে মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে দীর্ঘদিনৰ পৰা উঠি অহা দাবী ৰাজনৈতিক মেৰপেঁচত এতিয়ালৈ ৰূপায়ণ হোৱা নাই৷ ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কিছু আগুৱাই নিবলৈ সক্ষম হৈছে যদিও একাধিক কাৰিকৰী কাৰণতে এতিয়ালৈ সম্ভৱ হৈ উঠা নাই জনজাতিকৰণৰ প্রক্রিয়া৷ ৰাজনৈতিক গুৰুত্বহীনতাৰ বাবে সম্ভৱ হৈ নুঠা বুলি অভিযোগ কৰি জনজাতিকৰণৰ প্রক্রিয়াক লৈ যোৱা সময়ছোৱাত মুকলিকৈ বিষোদগাৰ প্রকাশ কৰি আহিছে ছয় জনগোষ্ঠীয়ে৷ উল্লেখ্য যে বিগত বর্ষত ‘কা’ আন্দোলনৰ সময়তে জনজাতিকৰণৰ দাবীক অধিক তীব্রতৰ কৰি তুলিছিল জনগোষ্ঠীকেইটাই৷ এনে দাবীৰ পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীক স্বায়ত্ত শাসনৰ জৰিয়তে ৰাজনৈতিক ক্ষমতা প্রদানৰ প্রতিশ্রুতি দিছিল৷ এই প্রতিশ্রুতি অনুসৰিয়েই বৃহস্পতিবাৰে বিধানসভাত গৃহীত হয় ‘মৰাণ অটোনমাছ কাউন্সিল বিল ২০২০’, ‘মটক অটোনমাছ কাউন্সিল বিল ২০২০’ আৰু ‘কমতাপুৰ অটোনমাছ কাউন্সিল বিল ২০২০’৷ বিধানসভাত  এই বিলকেইখন উত্থাপনৰ সময়তে বিৰোধী কংগ্রেছ আৰু এ আই ইউ ডি এফ দলে স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রক্রিয়াক চৰকাৰে অধিক দূৰলৈ ঠেলি দিব বিচাৰিছে নেকি বুলি প্রশ্ণ তোলে৷ কংগ্রেছে এইবুলিও অভিযোগ তোলে যে ৰাজ্যত ৬৯ লাখ কোচ ৰাজবংশী লোক থকাৰ পাছতো মাত্র তিনি লাখ কোচ ৰাজবংশী লোকক লৈহে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ’ল৷ আনকি শাসকীয় দলৰ লগতে বিৰোধীৰ একাংশ বিধায়কে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰিৱর্তে কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদ নামেৰে নামকৰণ কিয় কৰা নহ’ল বুলিও প্রশ্ণ তোলে৷ এইক্ষেত্রত মন্ত্রী চন্দন ব্রহ্মই বিধানসভাক জানিবলৈ দি কয়– ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রক্রিয়া শেষ পর্যায়ত উপনীত হৈছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই প্রক্রিয়া আগুৱাই নিয়াৰ বাবে সকলো পদক্ষেপ গ্রহণ কৰি আছে৷ বৃহস্পতিবাৰে বিধানসভাত অনা স্বায়ত্তশাসিত পৰিষদ বিধেয়ক তিনিখনৰ সৈতে জনজাতিকৰণ প্রক্রিয়াৰ কোনো সম্পর্ক নাই৷ মন্ত্রী ব্রহ্মই ইয়াকো স্পষ্ট কৰি দিয়ে যে এই বিধেয়কক লৈ কোনো এটা জনগোষ্ঠী শংকাত ভুগিব নালাগে৷ একমাত্র মৰাণ, মটক আৰু কোচ ৰাজবংশীৰ আর্থ–সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক উন্নয়নৰ বাবেহে স্বায়ত্তশাসিত পৰিষদ বিধেয়ক অনা হৈছে৷ আনহাতে, কোচ ৰাজবংশীৰ পৰিৱর্তে ঐতিহাসিক দৃষ্টিকোণৰ পৰা কমতাপুৰ নামেৰে স্বায়ত্ত পৰিষদখন গঠন কৰা হৈছে৷ ইয়াৰ দ্বাৰা কমতাপুৰ পৃথক ৰাজ্যৰ দাবীক কোনোধৰণৰ স্বীকৃতি প্রদান কৰা হোৱা নাই৷ মন কৰিবলগীয়া যে উজনি অসমক সামৰি মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে স্বায়ত্তশাসিত পৰিষদ দুখন গঠন কৰাৰ বিপৰীতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন হ’ব অবিভক্ত গোৱালপাৰা জিলাক সামৰি৷ এই পৰিষদৰ এলেকাত অন্তর্ভুক্ত নহ’ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকা আৰু বি টি এ ডি৷ এই কথা স্পষ্ট কৰি দিয়ে মন্ত্রী চন্দন ব্রহ্মই৷ আনহাতে,  গৃহীত হোৱা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন হ’ব ৩০জন সদস্যৰে৷ ইয়াৰে ২৬জন নির্বাচিত সদস্য হোৱাৰ বিপৰীতে আন চাৰিজনক কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা চৰকাৰে মনোনীত কৰিব৷ একেদৰে মটক স্বায়ত্তশাসিত পৰিষদখন গঠন হ’ব ২৫জন সদস্যৰে৷ ইয়াৰে ২২জন নির্বাচিত প্রতিনিধি থকাৰ বিপৰীতে তিনিজন সদস্য ৰাজ্য চৰকাৰে মনোনীত কৰিব৷ মৰাণ স্বায়ত্তশাসিত পৰিষদখনো গঠন হ’ব ২৫জন সদস্যৰে৷ ইয়াৰে ২২জন নির্বাচিত প্রতিনিধি হোৱাৰ বিপৰীতে আন তিনিজনক ৰাজ্য চৰকাৰে জনগোষ্ঠীটোৰ পৰা মনোনীত কৰিব৷ মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদ দুখনৰ ১৭খন আসন জনগোষ্ঠী দুটাৰ বাবে সংৰক্ষিত থাকিব৷ আনহাতে, চাৰিখন আসন মহিলাৰ বাবে সংৰক্ষিত থাকিব৷ ইফালে, তিনিটাকৈ জনগোষ্ঠীৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠনত ৰাজ্য চৰকাৰে গ্রহণ কৰা বিশেষ তৎপৰতাক লৈ আজি বিৰোধী কংগ্রেছ আৰু এ আই ইউ ডি এফ যথেষ্ট সৰৱ হৈ পৰে৷ বিৰোধী দল দুটাই কেইবাটাও সংশোধনী প্রস্তাৱেৰে বিধেয়ককেইখনৰ কেইবাটাও দিশত সালসলনিৰ প্রস্তাৱ আগবঢ়াইছিল যদিও শাসকীয় দলটোৱে ইয়াক অগ্রাহ্য কৰে৷ এনে অৱস্থাত বিৰোধীয়ে নির্বাচনৰ প্রাকক্ষণত চৰকাৰখনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রক্রিয়াক তল পেলাই ৰাখিবলৈ স্বায়ত্তশাসিত পৰিষদ গঠনত খৰখেদা লগাইছে বুলি অভিযোগ তোলে৷ বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীক লক্ষ্য কৰি গঠন হোৱা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে ৰাজ্যৰ আন প্রান্তত থকা কোচ ৰাজবংশীসকলৰ কোনো উন্নয়ন সাধিব নোৱাৰে বুলিও আঙুলিয়াই দিয়ে৷ ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মন্ত্রী চন্দন ব্রহ্মই স্পষ্ট কৰি দিয়ে যে কমতাপুৰৰ ঐতিহাসিক দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই অবিভক্ত গোৱালপাৰা জিলাক সামৰি এই স্বায়ত্ত পৰিষদখন গঠনত সর্বাধিক গুৰুত্ব দিয়া হৈছে৷ আজি মটক জনগোষ্ঠীৰ বাবে স্বায়ত্ত পৰিষদ গঠনত বিধানসভাই অনুমোদন জনোৱাৰ পাছতেই ৰাজ্যজুৰি বিজয় উৎসৱ অনুষ্ঠিত কৰে মটক যুৱ–ছাত্র সন্মিলনে৷
বিধানসভাত গৃহীত হ’ল ১৬খনকৈ বিধেয়ক
গ্রীষ্মকালীন অসম বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা আজি তিনিখন স্বায়ত্তশাসিত পৰিষদ গঠনৰ বিধেয়ককে ধৰি ১৬খনকৈ বিধেয়ক গৃহীত হয়৷ আজি বিধানসভাই দ্য ফেক্টৰিজ (আছাম এমেণ্ডমেণ্ট) বিল ২০২০, দ্য ফেক্টৰিজ (আছাম ছেকেণ্ড এমেণ্ডমেণ্ট) বিল ২০২০, দ্য ইণ্ডাষ্ট্রিয়েল ডিছপিউটছ (আছাম এমেণ্ডমেণ্ট) বিল ২০২০, দ্য কণ্ড্রেক্ট লেবাৰ (ৰেগুলেচন এণ্ড এব’লিচন) (আছাম এমেণ্ডমেণ্ট) বিল ২০২০, দ্য আছাম ইনলেণ্ড ৱাটাৰ ট্রেন্সপ’ট ৰেগুলেটৰী অথ’ৰিটী (এমেণ্ডমেণ্ট) বিল ২০২০, দ্য আছাম মাইক্র’, স্মল এণ্ড মিডিয়াম এণ্টাৰপ্রাইজেছ (ফেচিলিটেচন অৱ এষ্টাব্লিছমেণ্ট এণ্ড অপাৰেচন) বিল ২০২০, দ্য আছাম স্কীল ইউনিভার্ছিটী বিল ২০২০, মৰাণ অটোনমাছ কাউন্সিল বিল ২০২০, মটক অটোনমাছ কাউন্সিল বিল ২০২০, কমতাপুৰ অটোনমাছ কাউন্সিল বিল– ২০২০, দ্য বেংগল, আগ্রা এণ্ড আছাম চিভিল ক’ট (আছাম এমেণ্ডমেণ্ট) বিল ২০২০, দ্য নেচনেল ল’ ইউনিভার্ছিটী এণ্ড জুডিচিয়েল একাডেমী (আছাম এমেণ্ডমেণ্ট) বিল ২০২০, দ্য গুৱাহাটী মেট্র’পলিটান ডেভেলপমেণ্ট অথ’ৰিটী (এমেণ্ডমেণ্ট) বিল ২০২০, দ্য আছাম ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথ’ৰিটী (এমেণ্ডমেণ্ট) ২০২০, দ্য আছাম এগ্রিকালচাৰেল প্রডিউছ এণ্ড লাইফ ষ্টক মার্কেটিং (প্রমোচন এণ্ড ফেচিলিটেচন) বিল ২০২০ আৰু দ্য আছাম মিউনিচিপাল (এমেণ্ডমেণ্ট) বিল ২০২০ত অনুমোদন জনায়৷ শাসক–বিৰোধীৰ সর্বসন্মতিক্রমে তথা কিছু শুধৰণিৰে আজি এই বিধেয়ককেইখন বিধানসভাই পাৰিত কৰে৷

You might also like