নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপণীত মাত্র ১০ শতাংশ গ্রাহক

লকডাউন শিথিল কৰিলেও সঁহাৰি নাই গ্রাহক–ক্রেতাৰ

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে ঘোষণা কৰা লকডাউন আৰু আন আন কঠোৰ ব্যৱস্থাই ক্ষতিগ্রস্ত কৰিছে ৰাজ্যৰ অর্থনীতিক৷ দীর্ঘদিনীয়া লকডাউনত ব্যাপকভাৱে লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ব্যৱসায়ীসকল৷ একেৰাহে বহুদিন ধৰি ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ ৰাখিবলগীয়া হোৱা বাবে একপ্রকাৰ উপার্জনহীন হৈ পৰিছে ব্যৱসায়ীসকল৷ ক্রমাৎ লকডাউন শিথিল কৰি আনলক প্রক্রিয়া আৰম্ভ কৰিলেও ৰাজ্যৰ বাণিজ্যলৈ স্বাভাৱিক পৰিস্থিতি এতিয়াও ঘূৰি অহা নাই৷ ইয়াৰ প্রভাৱ বিদ্যমান ৰাজ্যৰ ব্যৱসায়িক ক্ষেত্রত৷ এই জটিল সময়ত সমাগত দুর্গাপূজা, বিশ্বকর্মা পূজাকে ধৰি এই উৎসৱৰ বতৰৰ প্রাকক্ষণতো ৰাজ্যৰ বজাৰত মন্দাৱস্থা পৰিলক্ষিত হৈছে৷ শাৰদীয় দুর্গোৎসৱৰ সময়ত জাকজমকীয়া হৈ পৰা ৰাজধানী চহৰ গুৱাহাটীতো নাই পূর্বৰ দৰে ভাল লগা পৰিৱেশ৷ লকডাউন শিথিল কৰি নৈশ কার্ফিউৰ সময়সীমা হ্রাস কৰিলেও বজাৰলৈ উভতি অহা নাই স্বাভাৱিক পৰিৱেশ৷ ইয়াৰ বিপৰীতে সম্প্রতি ব্যৱসায়িক প্রতিষ্ঠানসমূহলৈ আগমন ঘটিছে ১০ শতাংশ গ্রাহকৰহে৷ এই কথা সদৰী কৰিছে ফাঁচীবজাৰৰ একাংশ ব্যৱসায়ীয়ে৷ উল্লেখ্য যে দুর্গাপূজাৰ সময়ত মন পছন্দৰ কাপোৰ, আ–লংকাৰ আদি কিনিবলৈ গ্রাহকে বজাৰত ভিৰ কৰা পৰিলক্ষিত হয়৷ বিশেষকৈ পূজাৰ সময়ত কেইবাশ কোটি টকাৰ কাপোৰ ৰাজ্যৰ বজাৰত বিক্রী হয়৷ কিন্তু এইবেলি বজাৰত নাই দুর্গোৎসৱৰ তেনে উছাহ৷ এনে পৰিস্থিতিত পূজাৰ প্রাকক্ষণত নতুন কাপোৰৰ ষ্টক আনিবলৈ এতিয়াও সাহস কৰিব পৰা নাই ব্যৱসায়ীসকলে৷ কিয়নো কিদৰে দুর্গাপূজা উদ্যাপন কৰিবলৈ অনুমতি প্রদান কৰা হ’ব, সেয়া এতিয়াও অনিশ্চয়তাত৷ এই প্রসংগত ফাঁচীবজাৰৰ ব্যৱসায়ী সুশীল কায়েলে কয় যে ছেপ্ঢেম্বৰৰ প্রথম সপ্তাহৰ পৰাই পূজাৰ বাবে গুৱাহাটীসহ ৰাজ্যৰ ভিন্ন প্রান্তলৈ নতুন কাপোৰ আহে৷ ব্যৱসায়ীসকলে দিল্লী, কলকাতা আদি স্থানৰ পৰা এই কাপোৰ আমদানি কৰে৷ কিন্তু এইবাৰ কোনো ব্যৱসায়ীয়ে নতুন কাপোৰ আনিবলৈ সাহস কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয়– ‘পূজা কি ধৰণে উদ্যাপন হ’ব, সেয়া এতিয়াও নিশ্চিত নহয়৷ বিহুৰ বাবে অনা কাপোৰ এতিয়াও বিক্রী হোৱা নাই৷ সেয়েহে নতুনকৈ কাপোৰ আনিবলৈ সাহস কৰা নাই ব্যৱসায়ীসকলে৷ তথাপি আমি আশা ৰাখিছোঁ, পূজাৰ আগে আগে কিছু ব্যৱসায় ভাল হ’ব৷ অন্ততঃ অতি কমেও ৩০ শতাংশ বিক্রী পূজাৰ সময়ত হ’ব বুলি আমি আশাবাদী৷’ লকডাউন প্রত্যাহাৰ কৰাৰ লগতে নিশা ৯ বজালৈ কার্ফিউ আৰম্ভৰ সময় হ্রাস কৰাৰ পাছত পূর্বৰ তুলনাত ১০ শতাংশ গ্রাহক বজাৰলৈ আহিছে বুলি তেওঁ উল্লেখ কৰে৷ ইপিনে, ফাঁচীবজাৰৰ আন এগৰাকী ব্যৱসায়ী নেকিব শইকীয়াই কয় যে ক্ষুদ্র ব্যৱসায়ীসকল লকডাউনৰ বাবে ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে৷ বহু ব্যৱসায়ীয়ে নিজৰ প্রতিষ্ঠান বন্ধ কৰিবলগীয়া হৈছে৷ সামগ্রিকভাৱে চাবলৈ গ’লে বজাৰলৈ ৫ৰ পৰা ১০ শতাংশ গ্রাহকহে আহিবলৈ আৰম্ভ কৰিছে৷ ইপিনে দীর্ঘদিনীয়া লকডাউনৰ অন্তত নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ খুলিবলৈ অনুমতি প্রদান কৰিছে ৰাজ্য চৰকাৰে৷ কিন্তু এতিয়াও ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ৰেষ্টুৰেণ্টসমূহত গ্রাহক আহিবলৈ সমীহ কৰি চলা পৰিলক্ষিত হৈছে৷ গুৱাহাটীৰ আমবাৰীস্থিত মম’ হাউছৰ স্বত্বাধিকাৰী তপন কুমাৰ বৰুৱাই কয় যে কার্ফিউৰ সময় হ্রাস কৰাৰ পাছত ক্রমাৎ গ্রাহক আহিবলৈ আৰম্ভ কৰিছে৷ সম্প্রতি ৪০ শতাংশ গ্রাহক ৰেষ্টুৰেণ্টসমূহলৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘ডাইনিঙৰ ব্যৱস্থা থকা ৰেষ্টুৰেণ্টসমূহত গ্রাহকৰ সংখ্যা এতিয়াও কম৷ অৱশ্যে আমাৰ প্রতিষ্ঠানসমূহৰ পৰা খাদ্য–সামগ্রী কিনি নি খাবলৈ মানুহে পছন্দ কৰে৷ সেয়েহে কিছু গ্রাহক আহিবলৈ আৰম্ভ কৰিছে৷ পূর্বে ৰেষ্টুৰেণ্টসমূহত নৈশ আহাৰ অথবা দিনৰ সাঁজ খাবলৈ পৰিয়ালসহ অহা গ্রাহক উদ্বেগজনকভাৱে হ্রাস পাইছে৷’ উল্লেখ্য যে সম্প্রতি গুৱাহাটীত ৫০০ৰ পৰা ৭০০খন ৰেষ্টুৰেণ্ট আছে৷ ইপিনে, দীর্ঘদিনীয়া লকডাউন আৰু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্রভাৱ পৰিলক্ষিত হৈছে ইলেক্ট্রিকেল সামগ্রীৰ বজাৰত৷ মালিগাঁৱৰ ব্যৱসায়ী কমল ভৰালীয়ে প্রকাশ কৰা অনুসৰি নির্মাণকার্যসমূহ বন্ধ হৈ থকা বাবে ইলেক্ট্রিকেল সামগ্রীৰ গ্রাহক হ্রাস পাইছে৷ অৱশ্যে দোকান–বজাৰসমূহ খুলিবলৈ অনুমতি প্রদান কৰাৰ পাছত কিছু গ্রাহকৰ আগমন ঘটিছে৷ তৎসত্ত্বেও যাতায়াত ব্যৱস্থা স্বাভাৱিক নোহোৱা বাবে গ্রাহকৰ পূর্বৰ দৰে আগমন ঘটা নাই বুলি তেওঁ উল্লেখ কৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে লকডাউন শিথিল কৰাৰ পাছত স্মার্ট ফোন আৰু চাইকেলৰ বিক্রী যথেষ্ট বৃদ্ধি পাইছে৷ বিশেষকৈ লকডাউনৰ সময়ছোৱাত আৰু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে অপ্রয়োজনীয়ভাৱে বাহিৰলৈ ওলোৱাত বাধাৰ সৃষ্টি হোৱাৰ ফলত জনসাধাৰণ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷ সেয়েহে স্মার্ট ফোনৰ ব্যৱহাৰ সাধাৰণ ৰাইজৰ মাজত বৃদ্ধি পাইছে৷ একে সময়তে লকডাউনৰ সময়ছোৱাত চাইক্লিঙৰ প্রতি একাংশৰ বৃদ্ধি পোৱা আগ্রহৰ ফলত বজাৰত চাইকেলৰ বিক্রী বৃদ্ধি পাইছে৷

You might also like