নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ চলিত সংসদৰ বর্ষাকালীন অধিৱেশনত কৃষি বিধেয়ক গৃহীত হোৱাত সদনৰ ভিতৰৰ লগতে বাহিৰতো বিৰোধীয়ে প্রতিবাদী কার্যসূচী গ্রহণ কৰাক লৈ বিৰোধী দলক কঠোৰ সমালোচনা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ২১ শতিকাৰ বাবে কৃষি বিধেয়ক ঐতিহাসিক আৰু অতি আৱশ্যকীয় বুলি কংগ্রেছসহ বিৰোধীক প্রধানমন্ত্রী মোদীয়ে সমালোচনা কৰি কয় যে বিৰোধী বিতর্কৰ সৃষ্টিকাৰক, নিজৰ নিয়ন্ত্রণ হেৰুওৱাৰ ভয়ত কৃষকক ভুল তথ্যৰে উৎসাহিত কৰি আহিছে৷ ইপিনে কেন্দ্রীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাত বিৰোধীৰ অসন্তুষ্টিক আওকাণ কৰি গৃহীত কৰা কৃষি বিধেয়ক সন্দর্ভত মোদীয়ে কয় যে নতুন কৃষি বিধেয়কে দেশৰ কৃষকৰ অর্থনৈতিক স্থিতি সলনি কৰিব৷ মান্দি (কৃষি বজাৰ) আৰু এম এছ পি (নূ্যনতম সমর্থন মূল্য) অব্যাহত থাকিব৷ ভিডি’ কনফাৰেঞ্চযোগে বিহাৰত কেইবাটাও প্রকল্প উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এই বিধেয়কখনৰ জৰিয়তে কৃষকে এতিয়া তেওঁলোকৰ উৎপাদিত সামগ্রী যিকোনো মূল্যত য’তে–ত’তে বিক্রী কৰিব পাৰিব৷ কৃষকসকলক আশ্বাস দি প্রধানমন্ত্রীগৰাকীয়্ পুনৰ কয় যে কৃষি বিধেয়কখন মান্দি আৰু চৰকাৰে তেওঁলোকৰ উৎপাদিত সামগ্রী ক্রয় কৰা আৰু এম এছ পি অব্যাহত ৰাখিব৷ তাৎপর্যপূর্ণ যে কৃষি বিধেয়কক লৈ বিজেপি নেতৃত্বাধীন এন ডি এৰ সহযোগী শিৰোমণি আকালি দলৰ একমাত্র মন্ত্রী হৰছিম ৰাট কৌৰ বাদলে পদত্যাগ কৰাৰ পাছতে দিল্লী ৰাজনীতি উত্তাল হৈ পৰিছে৷ আনপিনে পঞ্জাব, হাৰিয়ানাকে ধৰি ভিন্ন প্রান্তত কৃষকসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰি আছে৷ এনে সময়তে আজি প্রধানমন্ত্রীগৰাকীয়্ কয়–কালি সংসদত দুখন কৃষি বিধেয়ক গৃহীত হৈছে৷ মই কৃষকসকলক অভিনন্দন জনাইছোঁ৷ ইয়ে বর্তমান সময়ৰ আৱশ্যক অনুযায়ী কৃষিখণ্ডত পৰিৱর্তন আনিব৷ কৃষকৰ কাৰণেই আমাৰ চৰকাৰখনে এই সংস্কাৰ আনিছে৷ এই বিধেয়কে কৃষকক সবলীকৰণ কৰি মুক্তভাৱে তেওঁলোকৰ উৎপাদিত সামগ্রী বাণিজ্য কৰাত সহায় কৰিব৷ দেশৰ মান্দি আধুনিকীকৰণৰ বাবে একমাত্র এন ডি এ চৰকাৰেই অহৰহ কাম কৰি আছে বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ বিধেয়ক সন্দর্ভত কৃষকসকলক বিৰোধীৰ অপপ্রচাৰৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনোৱাৰ সমান্তৰালকৈ বিৰোধীক কঠোৰ শব্দৰে সমালোচনা কৰে প্রধানমন্ত্রীগৰাকীয়্৷ তেওঁ কয় যে দেশজুৰি কৃষকক বিৰোধীয়ে বিপথে পৰিচালিত কৰি আছে৷ যিসকলে কৃষকক বিধেয়কখনৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ উচটাই আছে, সেইসকলে কেতিয়াও স্বামীনাথন কমিটীৰ প্রতিবেদন বলৱৎ কৰিবলৈ চেষ্টা নকৰিলে বুলি কটাক্ষ কৰে৷ তদুপৰি বিগত ৫ বছৰত কৃষকৰ উৎপাদিত সামগ্রী অভিলেখসংখ্যক চৰকাৰে ক্রয় কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে ক’ৰোনা ভাইৰাছ সৃষ্ট পৰিৱেশৰ মাজতো কৃষকে উৎপাদন কৰা ঘেঁহু অভিলেখসংখ্যক ক্রয় কৰিছে চৰকাৰে৷ কৃষকক এম এছ পি ১.১৩ লাখ কোটি টকা প্রদান কৰিছে৷ এই মূল্য বিগত বর্ষৰ তুলনাত ৩০ শতাংশ অধিক৷
এমএছপিৰ বৃদ্ধিত অনুমোদন কেন্দ্রীয় কেবিনেটৰ
নতুন কৃষি বিধেয়কৰ জৰিয়তে চৰকাৰে এমএছপি প্রত্যাহাৰ কৰিব বুলি দেশজুৰি কৃষকে শংকিত হৈ থকাৰ সময়তে আজি এমএছপি (নূ্যনতম সমর্থন মূল্য) বৃদ্ধিত অনুমোদন জনালে কেন্দ্রীয় কেবিনেটে৷ বিৰোধীয়ে চলিত বর্ষাকালীন অধিৱেশনৰ সদনৰ ভিতৰৰ লগতে বাহিৰতো প্রতিবাদ কৰি কৃষকক এমএছপিক লৈ অপপ্রচাৰ চলাই থকাৰ পৰিপ্রেক্ষিততে আজি কেন্দ্রীয় কেবিনেটে এমএছপি বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰি চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্রমাৰ কেবিনেট কমিটী (চিচিইএ)ৰ বৈঠকত ৰবিশস্যৰ এমএছপি বৃদ্ধিত অনুমোদন জনায়৷ আজি সন্ধিয়া বৈঠকত কেবিনেটে স্বামীনাথন আয়োগৰ অনুমোদনৰ ভিত্তিতেই ৰবিশস্যৰ এমএছপি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয় বুলি প্রকাশ কৰা হৈছে৷ ৰবিশস্যৰ এমএছপি বৃদ্ধি অনুসৰি প্রতি কুইণ্টল ঘেঁহুত ৫০ টকা কৰা হৈছে৷ ইয়াকে লৈ ঘেঁহুৰ প্রতি কুইণ্টলত মূল্য হ’ব ১৯৭৫ টকা৷ তাৎপর্যপূর্ণ যে কৃষি বিধেয়কক লৈ পঞ্জাব, হাৰিয়ানাত কৃষকসকলে প্রতিবাদ সাব্যস্ত কৰি থকাৰ পৰিপ্রেক্ষিততেই ঘেঁহুৰ এমএছপি বৃদ্ধিত কেবিনেটে গুৰুত্ব দিয়ে৷ এনেদৰে সৰিয়হত প্রতি কুইণ্টলত ২২৫ টকাকৈ বৃদ্ধি কৰাত প্রতি কুইণ্টল সৰিয়হৰ মূল্য হ’ব ৪,৪৫০ টকা৷ ইয়াৰ উপৰি বুটৰ প্রতি কিলোগ্রামত ২২৫ টকাকৈ বৃদ্ধি কৰাত মূল্য হ’ব ৫,১০০ টকা৷ দাইলত প্রতি কুইণ্টলত ৩০০ টকা বৃদ্ধি কৰাত নতুন মূল্য হ’ব ৫,১০০ টকা৷