নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি সংস্কাৰ আৰু কৃষক কল্যাণ

সংসদত গৃহীত হোৱা তিনিখন কৃষি সংস্কাৰ বিধেয়কক লৈ দেশজুৰি প্রতিবাদৰ জোৱাৰ উঠিছে৷ পঞ্জাব–হাৰিয়ানাৰ লগতে উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু তেওঁৰ কেবিনেট মন্ত্রীসকলে আশ্বাস দিছে যে কৃষি সংস্কাৰৰ পিছত নতুন আইন প্রণয়ন হোৱাৰ লগে লগে কৃষিসকল অভূতপূর্বভাৱে উপকৃত হ’ব৷ তিনিওখন বিধেয়ক সূক্ষ্মভাৱে চালি–জাৰি চালে দেশৰ সামগ্রিক কৃষি উৎপাদন উৎসাহজনক হোৱাৰ আশা দেখা পোৱা যায়৷ কৃষিখণ্ডত আধুনিকীকৰণৰ জৰিয়তে বিপ্লৱ অনাৰ প্রতিশ্রুতি আছে বিধেয়ককেইখনত৷ কিন্তু মূল প্রশ্ণটো হৈছে– কৃষি সংস্কাৰ বিধেয়ককেইখন আইনত পৰিণত হোৱাৰ পিছত কৃষকসকল প্রকৃতার্থত উপকৃত হ’বনে? বহুতেই আশংকা প্রকাশ কৰিছে যে ইয়াৰ ফলত দেশৰ কৃষকসকল পুনৰ জমিদাৰী প্রথাৰ বলি হোৱাৰ দৰে অৱস্থাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই বেছি৷ অৱশ্যেই সংস্কাৰ আইনে ভূমিৰ মালিকানা কৃষকৰ পৰা কাঢ়ি লোৱাৰ ব্যৱস্থা কৰা নাই৷ কিন্তু এই ভূমিত উৎপাদিত কৃষি সামগ্রীৰ সঠিক মূল্য কৃষকসকলে লাভ কৰিব নে নাই, সেইটোৱে হ’ল আটাইতকৈ ডাঙৰ প্রশ্ণ৷ প্রধানমন্ত্রীৰ প্রতিশ্রুতিৰ পিছতো কৃষক ৰাইজ শংকাৰ পৰা মুক্ত নোহোৱাৰ কাৰণটোও হ’ল সেইটোৱেই৷ ইয়াৰ পূর্বেও কৃষকসকলে উৎপাদিত সামগ্রীৰ উচিত মূল্য লাভ কৰাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল প্রায় প্রতি বছৰে৷ চৰকাৰে নূ্যনতম সমর্থন মূল্য (এমএছপি) নির্ধাৰণ কৰি দিলেও সামগ্রী বিক্রীৰ সময়ত ইয়াতকৈ কম মূল্য লাভ কৰাটো নিয়মিত ঘটনাত পৰিণত হৈ আহিছে৷ চৰকাৰৰ দাবী– নতুন আইনৰ দ্বাৰা মাণ্ডি ব্যৱস্থাৰ অৱসান ঘটোৱা হ’ব আৰু কৃষকৰ বাবে চৰকাৰে এমএছপি নির্ধাৰণ কৰিব৷ কৃষকসকলেও নিজৰ পছন্দ অনুসৰি ক্রেতাৰ সৈতে দৰ–দাম কৰি উচিত মূল্যত সামগ্রী বিক্রী কৰাৰ সুযোগ পাব৷ কিন্তু এই আইনকেইখনৰ জৰিয়তে যিহেতু ব্যক্তিগত খণ্ডক কৃষি সামগ্রী ক্রয়ৰ অবাধ স্বাধীনতা প্রদান কৰা হৈছে, তেনে পৰিস্থিতিত ব্যৱসায়িক গোষ্ঠীয়ে উচিত মূল্য বা আনকি এমএছপি কৃষকসকলক প্রদান কৰিবলৈ দায়বদ্ধ হৈ থাকিবনে? উদ্বেগৰ বিষয় এইটোৱে যে বিধেয়ককেইখনত এই সন্দর্ভত কোনোধৰণৰ স্পষ্ট উল্লেখ নাই৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে এটা দশকৰ পূর্বে ভাৰতৰ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানে হিমাচল প্রদেশৰ ফল–মূলৰ বজাৰত প্রৱেশ কৰিছিল৷ আৰম্ভণিতে তেওঁলোকে কৃষকসকলক সন্তুষ্ট কৰি বর্ধিত মূল্যত সামগ্রী ক্রয় কৰিছিল৷ কিন্তু যেতিয়াই ফল–মূলৰ বজাৰত তেওঁলোকে নিয়ন্ত্রণ দখল কৰিলে, কৃষকসকল এলাগী হোৱাৰো প্রক্রিয়া এটা আৰম্ভ হৈ গ’ল৷ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানসমূহে কেৱল উৎকৃষ্টমানৰ ফল–মূলহে ক্রয় কৰাৰ ফলত কৃষকসকল মহাসংকটৰ সন্মুখীন হ’লে তেওঁলোকে পানীৰ দামত ফল–মূল বিক্রী কৰিবলৈ বাধ্য হ’ল৷ ব্যক্তিগত খণ্ডৰ ব্যৱসায়ীসকলৰ শোষণৰ পৰা কৃষকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই চৰকাৰে বিভিন্ন ব্যৱস্থা গ্রহণ কৰি আহিছে৷ ইয়াৰ ভিতৰত কৃষি বিপণন পৰিষদসমূহো অন্যতম৷ কিন্তু এই ব্যৱস্থাসমূহ অৱলুপ্ত কৰি আইনৰ জৰিয়তে চৰকাৰে যদি কৃষি সংস্কাৰ আৰু কৃষক কল্যাণৰ কথা ভাবিছে, তেন্তে দেশৰ কৃষক ৰাইজৰ ৰক্ষণাবেক্ষণৰ বাবে কৃষক সুৰক্ষা আইন এখনো প্রণয়ন কৰাটো অত্যন্ত জৰুৰী৷ কিয়নো সাধাৰণ অভিজ্ঞতাৰ পৰাই কৃষক আৰু সর্বসাধাৰণ লোক সন্দেহৰ বশৱর্তী হোৱাটো স্বাভাৱিক যে তেওঁলোক বণিক গোষ্ঠীৰ ষড়যন্ত্র আৰু শোষণৰ সন্মুখত অসহায় অৱস্থাত পৰিব পাৰে৷
চৰকাৰে কৃষিখণ্ডৰ আধুনিকীকৰণৰ স্বার্থত ব্যক্তিগত খণ্ডক মুকলি পথাৰ এৰি দিয়াৰ কথা চিন্তা কৰিলেও ইয়াৰ সমান্তৰালভাৱে কৃষক সুৰক্ষাৰ দিশটোকো সমানেই গুৰুত্ব দিব লাগে৷ ভাৰতৰ কৃষিখণ্ডত আধুনিকীকৰণ অত্যন্ত প্রয়োজনীয়৷ সেই যুক্তিতে চৰকাৰৰ শেহতীয়া পদক্ষেপসমূহো পেলাই দিবলগীয়া ধৰণৰ নহয়৷ চৰকাৰে যি সকলো কৃষি উৎপাদনৰ বাবে নূ্যনতম দৰ বাধ্যতামূলক কৰে আৰু ইয়াতকৈ কম মূল্যত সামগ্রী ক্রয় নিষিদ্ধ কৰে, তেন্তে সংস্কাৰ আইনকেইখনৰ প্রতি কৃষক ৰাইজৰ আস্থা বুটলিবলৈ সক্ষম হ’ব৷ কৃষি বাণিজ্যত স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰিবলৈ হ’লে চৰকাৰে বণিকৰ লগতে কৃষক ৰাইজকো সমান গুৰুত্ব প্রদান কৰিব লাগিব৷

You might also like