নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ জালত পৰিল বৰপেটাৰ কংগ্ৰেছ নেতা, মাজনিশা গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ অসম আৰক্ষী উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰিৰ শিপা ক’লৈকে শিপাই আছে, তাক লৈ বহু প্ৰশ্ন উদয় হৈছে। আৰক্ষী, বিজেপি নেতাৰ পিছত এইবাৰ জালত পৰিছে কংগ্ৰেছ নেতা। নলবাৰী আৰক্ষীয়ে দেওবাৰে মাজনিশা ২ বজাত বৰপেটাৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে এগৰাকী শীৰ্ষ কংগ্ৰেছ নেতাক।

বৰপেটাৰ ভবানীপুৰ কংগ্ৰেছৰ নেতা আতাব আলীক বৰপেটাৰোডৰ নিজা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কংগ্ৰেছ নেতাগৰাকীৰ ঘৰত তালাচীৰ সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰে এছ আই পৰীক্ষাৰ এখন এডমিট কাৰ্ড।

এডিজিপি জি পি সিঙে অলপতে সংবাদ মেলযোগে নলবাৰী অঞ্চলত পুনৰ অভিযান চলোৱাৰ ইংগিত দিয়াৰ পিছতে নলবাৰীৰ লগতে কালি নিশাৰ ভাগত ভবানীপুৰৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে আৰু মাজনিশা ২ বজাত কংগ্ৰেছ নেতাজনক গ্ৰেপ্তাৰ কৰে।

কংগ্ৰেছ নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ পিছতে এছ আই কেলেংকাৰিৰে এটা বৃহৎ দালাল চক্ৰ জড়িত থকাৰ সম্ভাৱনা প্ৰকট হৈছে।

You might also like