নির্বাচনী ৰণডংকা
২০১৬ৰ বিধানসভা নির্বাচন ৪ আৰু ১১ এপ্রিলত দুটা পর্যায়ত অনুষ্ঠিত হৈছিল৷ ২০২১ৰ বিধানসভা নির্বাচনলৈ মাজত মাথোঁ পাঁচ মাহ আছে৷ বিগত ছমাহে অব্যাহত থকা ক’ভিড–১৯ৰ বিভীষিকা সত্ত্বেও নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজ্যৰ ৰাজনৈতিক বতাহ উত্তপ্ত হ’বলৈ ধৰিছে৷ দিছপুৰৰ ক্ষমতা সুৰক্ষিত কৰিবলৈ বিজেপিকে ধৰি শাসকীয় ৰাজনৈতিক দলসমূহ তৎপৰ হোৱাৰ সমানে বিৰোধী দল–সংগঠনসমূহে ক্ষমতা দখলৰ বাবে অসমবাসীৰ মন জয় কৰিবলৈ তৎপৰ হৈছে৷ আগন্তুক বিধানসভা নির্বাচনত অসমবাসীয়ে দিছপুৰৰ ক্ষমতাৰ স্থিতাৱস্থা বাহাল ৰাখিবনে এখন নতুন চৰকাৰৰ সপক্ষে জনাদেশ দিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ অসমবাসীৰ মন জয় কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে শেহতীয়াকৈ কেইবাখনো অভিলাষী আঁচনি ঘোষণা কৰিছে৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ ফলত স্তব্ধ হৈ পৰা উন্নয়নমূলক আঁচনিসমূহৰ ক্ষিপ্র ৰূপায়ণতে চৰকাৰখনে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ ২০০১ৰ বিধানসভা নির্বাচনত বিশেষ সাফল্যৰ জৰিয়তে একেৰাহে তিনিটাকৈ কার্যকাল দিছপুৰৰ ক্ষমতাত থকা কংগ্রেছ নেতৃত্বাধীন চৰকাৰখনক ২০১৬ৰ বিধানসভা নির্বাচনত ওফৰাবলৈ সক্ষম হৈছিল বিজেপি নেতৃত্বাধীন মর্চা চৰকাৰখনে৷ বিজেপিয়ে ৬০খন আসনত জয়লাভ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল৷ বিজেপি সহযোগী অগপই ১৪খন আসনত আৰু বিপিএফে ১২খন আসনত জয় লাভ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ শক্তি বৃদ্ধি কৰিছিল৷ বিগত ৫ বছৰৰ ভিতৰত ৰাজ্যত বিজেপিৰ সাংগঠনিক ভেটি বহু পৰিমাণে শক্তিশালী হ’লেও সহযোগী অগপ আৰু বিপিএফৰ অৱস্থা পূর্বৰ দৰে নাই৷ নির্বাচনৰ পূর্বে নতুনকৈ গঢ়ি উঠা আঞ্চলিক ৰাজনৈতিক দলৰ বাবে আগন্তুক বিধানসভা নির্বাচনত অগপ আৰু বিপিএফ দল দুটা যে ৰাজনৈতিকভাৱে ক্ষতিগ্রস্ত হ’ব সেয়া স্পষ্ট হৈছে৷ বিগত ১৫ বছৰে বিটিএডিৰ ৰাজনীতিত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে গুৰিব’ঠা ধৰি আছে৷ দলটোৱে মাথোঁ বিটিএডিতে নহয়, দিল্লী–দিছপুৰৰ ক্ষমতাৰো অংশীদাৰ হোৱাৰ সুযোগ–সুবিধা পাইছে৷ কিন্তু বিটিআৰ চুক্তি স্বাক্ষৰৰ পাছত প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ উত্থানে বিপিএফৰ শক্তি বহু পৰিমাণে হ্রাস কৰিছে৷ এনে অৱস্থাত বিপিএফে আগন্তুক বিধানসভা নির্বাচনত পূর্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব বুলি আশা কৰিব নোৱাৰি৷
ক্ষমতা দখলৰ অংকত কংগ্রেছ আৰু এআইইউডিএফৰ নির্বাচনী মিত্রতাৰ সম্ভাৱনা প্রকট হৈছে যদিও বিজেপি নেতৃত্বাধীন চৰকাৰখনক দিছপুৰৰ পৰা ক্ষমতাচ্যুত কৰাটো যে সহজ নহয় সেয়া দুয়োটা দলে উপলব্ধি কৰিছে৷ বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ দুয়োটা দলে মহাজোঁট গঠনৰ বাবে ৰাজ্যখনৰ দল–সংগঠনসমূহ আহ্বান জনাইছিল যদিও কোনো এটা ৰাজনৈতিক দলে এতিয়ালৈ আগবাঢ়ি অহা নাই৷ কংগ্রেছ–ইউডিএফৰ সমর্থনত ৰাজ্যসভালৈ নির্বাচিত অজিত কুমাৰ ভূঞাই আঞ্চলিক শক্তিসমূহক ঐক্যবদ্ধ কৰাৰ বাবে যি পদক্ষেপ লৈছিল সেয়াও কার্যতঃ অসাৰ প্রতিপন্ন হৈছে৷ আঞ্চলিক গণ মর্চা গঠনেৰে সাংসদ ভূঞাই আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতি আদিৰ সমর্থন আদায় কৰিবলৈ চলোৱা অভিযানক সংগঠনকেইটাই সঁহাৰি নিদিলে৷ ইয়াৰ বিপৰীতে আছু আৰু যুৱ–ছাত্র পৰিষদে জন্ম দিলে অসম জাতীয় পৰিষদ নামৰ ৰাজনৈতিক দলটো৷ একেদৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ বেনাৰতো জন্ম হৈছে ‘ৰাইজৰ দল’৷ এনে অৱস্থাত কংগ্রেছে চিপিএম আৰু চিপিআইৰ সৈতে মিত্রতা গঢ়িবলৈ সাজু হৈছে৷ এই কথা ঠিক যে এসময়ত ৰাজ্যখনৰ বিভিন্ন প্রান্তত বামপন্থী দলসমূহৰ যি সাংগঠনিক ভেটি আছিল সেয়া আজি নাই৷ সাম্প্রতিক ৰাজনীতিত চিপিএম অথবা চিপিআই দলে এককভাৱে বিধানসভা নির্বাচনত জিকাৰ ক্ষমতা হেৰুৱাইছে৷ কংগ্রেছ আৰু এআইইউডিএফৰ স’তে মিত্রতাৰ জৰিয়তে বামপন্থী দল দুটাই সঞ্জীৱনী সুধা লাভ কৰিবলৈ চেষ্টা চলাব পাৰে৷ এইক্ষেত্রত কংগ্রেছে বাঁওপন্থীৰে মর্চা গঠনত সফল হ’লেও ক্ষমতাৰ দখলৰ জোখাৰে শক্তি আহৰণ কৰিব পাৰিব বুলি আশা কৰিব নোৱাৰি৷