নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতন্ত্রত বিৰোধী পক্ষৰ ভূমিকা

সংসদীয় গণতান্ত্রিক চৰকাৰ ব্যৱস্থাত এক কর্মঠ, শক্তিশালী, দক্ষ, কর্মক্ষম আৰু সজাগ–সচেতন বিৰোধী পক্ষৰ অতিকৈ প্রয়োজন৷ কার্যতঃ ব্রিটিছ সংসদক সাধাৰণতে ‘সংসদসমূহৰ মাতৃ’ বুলি আখ্যা দিয়া হয়৷ এই সংসদীয় ব্যৱস্থাত বিৰোধী পক্ষক চৰকাৰীভাৱে মহামহিম মহাৰাণীৰ বিৰোধী পক্ষ বুলি স্বীকৃতি প্রদান কৰা হৈছে৷ ব্রিটিছ সংসদত বৃহৎ সংখ্যালঘু ৰাজনৈতিক দলক চৰকাৰী বিৰোধী পক্ষৰ মর্যাদা প্রদান কৰা হয় আৰু তেওঁলোকৰ নিজৰ পৰিষদ গঠন কৰা হয় যাক ‘ছাঁ কেবিনেট’(Shadow Cabinet) বুলি জনা যায়৷ ইংলেণ্ডত প্রধান বিৰোধী দলৰ দলপতিক চৰকাৰী স্বীকৃতি প্রদান কৰা হয় আৰু এগৰাকী কেবিনেট মন্ত্রীয়ে লাভ কৰা সকলোবোৰ চৰকাৰী সা–সুবিধা লাভ কৰে যাতে তেওঁ বিৰোধী পক্ষৰ যাৱতীয় দায়িত্ব আৰু কর্তব্য সুচাৰুৰূপে পালন কৰিব পাৰে৷ বিৰোধী দলপতিগৰাকীক দেশখনৰ ভৱিষ্যতৰ প্রধানমন্ত্রী ৰূপে মান্যতা প্রদান কৰা হয়, যেতিয়াই তেওঁৰ দলে তেওঁক দলপতিৰ দায়িত্ব দিয়ে আৰু দিনটোৰ বাবে চৰকাৰৰ উপযুক্ত বিকল্প বুলি সম্ভাৱনা প্রকট কৰে৷ একে ধৰণেৰে ভাৰতৰ সংসদীয় গণতান্ত্রিক ব্যৱস্থাতো চৰকাৰৰ বিৰোধী পক্ষৰ দলপতিক কেবিনেট মন্ত্রীৰ মর্যাদা প্রদান কৰাৰ লগতে চৰকাৰী সকলো ধৰণৰ সা–সুবিধা প্রদান কৰা হয়৷
এখন চৰকাৰৰ কাম–কাজ সুস্থ, সঠিক, নিকা, স্বচ্ছ আৰু কল্যাণকামী হোৱাৰ ক্ষেত্রত শক্তিশালী বিৰোধী পক্ষৰ ভূমিকা নিতান্তই প্রয়োজন৷ বিৰোধী পক্ষই চৰকাৰৰ নীতি, আঁচনি আৰু কাম–কাজবোৰ ৰাইজৰ স্বার্থত সঠিক দিশত আগবাঢ়িছেনে নাই তাক সূক্ষ্মভাৱে পর্যবেক্ষণ কৰে আৰু অনিয়ম, দুর্নীতিৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্রহণ কৰে৷ ফলত শাসকীয় দলৰ চৰকাৰে সুশাসন প্রদানত গুৰুত্ব দিবলৈ বাধ্য হয়৷ যেতিয়া চৰকাৰে জনগণবিৰোধী নীতি বা পদক্ষেপ গ্রহণ কৰে বা জনস্বার্থৰ বিৰুদ্ধে কাম কৰে তেতিয়া বিৰোধী পক্ষৰ তীক্ষ্ণ সমালোচনা আৰু গঠনধর্মী পৰামর্শই চৰকাৰক উচিত পদক্ষেপ ল’বলৈ বাধ্য কৰায়৷ চৰকাৰে দায়িত্ব পালনত হেমাহি বা অৱহেলা কৰিবলৈ সাহস নকৰে আৰু ৰাইজৰ স্বার্থত প্রশাসনিক ব্যৱস্থা নিকা আৰু শক্তিশালী কৰিবলৈ বাধ্য হয়৷ সংসদীয় গণতন্ত্রত চৰকাৰে খুব সাৱধানেৰে আৰু সমভাবেৰে প্রশাসন যন্ত্র নিয়ন্ত্রণ কৰিব লাগে, কাৰণ এই ব্যৱস্থাত প্রধানকৈ দুটা ৰাজনৈতিক দল থাকে, প্রধান বিৰোধী দলে সদায় চৰকাৰ পতন হোৱালৈ বা সংখ্যালঘু পৰিণত হোৱালৈ অপেক্ষা কৰে যাতে কিবা কাৰণত শাসকীয় সদস্যই পদত্যাগ কৰি দল ত্যাগ কৰে আৰু চৰকাৰ সংখ্যালঘুত পৰিণত হয়৷ তেনে অৱস্থাত চৰকাৰ পতন হয় আৰু প্রধান বিৰোধী দলে তৎপৰতাৰে তাৰ সুযোগ গ্রহণ কৰিবলৈ আগবাঢ়ে৷ আনহাতে সংখ্যাগুৰু আৰু সংখ্যালঘু দলৰ মাজত টনা–আঁজোৰা লগাৰ ফলত চৰকাৰ অস্থিৰ হয় যদিও ইয়াৰ ফলত ভাল চৰকাৰ আশা কৰিব পাৰি৷ অর্থাৎ বিৰোধী পক্ষই সমালোচনা, তীক্ষ্ণ দৃষ্টি আৰু ভুল ত্রুটি আঙুলিয়াই দিয়াৰ ফলত চৰকাৰ কার্যক্ষম আৰু জনমুখী হ’বলৈ বাধ্য হৈ পৰে৷
চৰকাৰক প্রতিদিনে সজাগ–সচেতন আৰু সক্রিয় হৈ থাকি কার্যকৰী ভূমিকা পালন কৰিবলৈ সাধাৰণতে বিৰোধী পক্ষই বাধ্য কৰায়৷ এইক্ষেত্রত সজাগ ৰাইজৰ তদাৰক আৰু পর্যবেক্ষণৰ ভূমিকাও অন্যতম৷ মুঠৰ ওপৰত গণতন্ত্র হৈছে দায়িত্বশীলভাৱে প্রশাসনত অংশগ্রহণৰ প্রক্রিয়া৷ বিখ্যাত ধাৰাভাষ্যকাৰ লিণ্ডছেই কৈছে–‘ গণতান্ত্রিক সমস্যা’ হৈছে সাধাৰণ মানুহৰ দ্বাৰা সংগঠিত শক্তিৰ নিয়ন্ত্রণ ব্যৱস্থা৷’ গণতান্ত্রিক ৰাষ্ট্রৰ নাগৰিকসকলে ‘পুৰুষ আৰু মহিলা সম্পর্কে চিন্তা’ কৰিবই লাগিব, স্বতন্ত্র মতামত প্রকাশ কৰা আৰু ৰাজহুৱা পৰিক্রমাৰ ক্ষেত্রত বুদ্ধিদীপ্ত স্বার্থ ৰক্ষাৰ ক্ষেত্রত সক্ষমতা থাকিব লাগিব৷ এখন গণতান্ত্রিক চৰকাৰ বা গণতন্ত্রৰ সফলতা নির্ভৰ কৰে ইয়াৰ কাম কৰাৰ সক্ষমতা, সু–বিবেচনাৰ চৰিত্র (আচৰণ) আৰু শক্তিৰ ওপৰত যিবোৰ স্বাভাৱিকতে জনসাধাৰণে বিচাৰে৷ জনগণৰ সামূহিক স্বার্থ ৰক্ষাত গুৰুত্ব দিলেহে গণতন্ত্রই সফলতাৰ দিশত আগুৱাই যাব পাৰিব৷ দৰাচলতে, যদিহে শাসকীয় দল চৰকাৰে বা নেতাসকলে গণতন্ত্রৰ নামত একনায়কত্ববাদী শাসন চলাবলৈ ধৰে আৰু জনসাধাৰণক ভেড়াৰ দৰে, নির্বোধ গৰুৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু কাপুৰুষৰ দৰে মানসিকতাই গা কৰি উঠে, তেতিয়াই গণতন্ত্র প্রহসনত পৰিণত হয় তথা ফোঁপোলা স্বৰূপ নগ্ণৰূপত উন্মুক্ত হৈ পৰে৷
গণতান্ত্রিক দেশত চৰকাৰে উপযুক্তভাৱে শিক্ষিত জনগণক ৰাজহুৱা কাম–কাজ তথা সমাজৰ কল্যাণকামী কামত সক্রিয়ভাৱে অংশগ্রহণৰ সুযোগ প্রদান কৰিব লাগে৷ অৱশ্যে চৰকাৰী কার্যপ্রণালী বা প্রশাসনত শিক্ষা নথকা লোকৰ অংশগ্রহণ বা বুদ্ধিদীপ্ত ধীমান আলোচনা সম্ভৱ নহয়৷ শিক্ষাই প্রকৃতার্থত ৰাষ্ট্রীয় মানৱ সম্পদ গঢ়ি তোলে আৰু ভাল বেয়াৰ বিষয়ে সু–বিবেচনাৰে সিদ্ধান্ত গ্রহণ কৰিবলৈ সক্ষম কৰি তোলে৷ গণতান্ত্রিক শাসন ব্যৱস্থাত এজন নাগৰিকে সকলো নির্দেশক হয়তো পালন কৰিবলৈ বাধ্য নহয়, তেওঁ পালন কৰিব লগা আদেশ প্রকৃতার্থত শুদ্ধ আৰু দৰকাৰী হয়নে নহয় সেয়া বিবেচনা কৰিব পাৰে বা সেয়া তেওঁৰ অধিকাৰ৷ এজন নাগৰিকে ভাল কি, বেয়া কি তাক বিবেচনা কৰি সিদ্ধান্ত ল’ব পৰা শক্তি আহৰণ কৰিব পাৰে, অমৃত আৰু গৰলৰ পার্থক্য কি তাক পর্যবেক্ষণ কৰা আৰু স্পষ্টভাৱে বিবেচনা কৰিব পাৰে৷ বেনথামৰ আপ্তবাক্য আৰু পটন্তৰক সমর্থন জনোৱা লোকেই গণতান্ত্রিক ৰাষ্ট্রৰ নিভাজ নাগৰিক৷ বেনথামৰ পটন্তৰ হৈছে–‘মই যেতিয়াই তৎপৰতাৰে বাধ্য হ’ম, তেতিয়াই মুক্তভাৱে ভর্ৎসনা কৰিম’৷ এই প্রকৃত বা নিভাজ নাগৰিকসকলেই সমাজত ঘটি থকা ভুল আৰু শুদ্ধ নিৰূপণ কৰাৰ ক্ষমতা লাভ কৰে আৰু সমালোচনা কৰাৰ সক্ষমতা পায়৷ এই প্রক্রিয়াৰে দায়িত্বশীল তথা সৃষ্টিশীল সমালোচনাৰ দ্বাৰা সুস্থ সবল গণতন্ত্র প্রতিষ্ঠা হোৱা সম্ভৱ৷ ভাল–বেয়া আৰু সঁচা–মিছাৰ বিচাৰ কৰা ক্ষমতা নাগৰিকৰ আছে আৰু সমাজৰ পৰা অন্যায়, অবিচাৰ আৰু বৈষম্য দূৰ কৰাৰ ক্ষেত্রত দায়িত্বশীল নাগৰিকৰ ভূমিকা অপৰিহার্য৷
সাধাৰণতে জনসাধাৰণেই গণতন্ত্রত দৰকাৰী আৰু গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ সুস্থ–গঠনমূলক সমালোচনা আৰু গঠনমূলক পৰামর্শক কোনো গণতান্ত্রিক চৰকাৰে গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰে অর্থাৎ ৰাইজৰ মতামত আৰু সমালোচনাক চৰকাৰে অৱজ্ঞা কৰিব নোৱাৰে৷ কিন্তু চৰকাৰে যদিহে মুর্খামি কৰে তেতিয়া ই ক্রমান্বয়ে জনগণৰ জনপ্রিয়তা হেৰুৱাই পেলাব, ৰাইজৰ বিশ্বাস আৰু আস্থা হেৰুৱাই পেলাব আৰু আনকি বিধানসভাতো সংখ্যাগৰিষ্ঠতা হেৰুৱাব লাগিব৷ এই গতি অব্যাহত থাকিলে বিৰোধী পক্ষই সুযোগ লাভ কৰিব আৰু গণভিত্তি হেৰুৱাই শাসনৰ বাঘজৰী হেৰুৱাই পেলোৱাৰ উপক্রম হ’ব৷ ফলত বিৰোধী পক্ষই শাসনৰ গাদী দখল কৰাৰ সুবিধা পাব৷ গতিকে, শাসনত থকা দলৰ ভূমিকাও ওলোটা হোৱাৰ আশংকা থাকে আৰু শাসন ক্ষমতা হেৰুৱাই বিৰোধী আসনত অৱস্থান গ্রহণ কৰিব লগাত পৰিব পাৰে৷ আনহাতে কালিলৈকে বিৰোধীৰ আসনত বহি থকা দল হঠাতে শাসকীয় দলত পৰিণত হ’ব পাৰে৷ কিন্তু দেখা যায় যে এনেধৰণৰ গতি–বিধি বা পৰিৱর্তন স্বাভাৱিক বুলিব নোৱাৰি আৰু স্থায়িত্ব নহ’বও পাৰে৷ যদিহে শাসন ক্ষমতা লাভ কৰা দল–চৰকাৰে ৰাইজৰ আশা–আকাংক্ষা পূৰণত ব্যর্থ হয় আৰু নতুন বিৰোধী পক্ষ যদি শক্তিশালী আৰু দূৰদর্শী হয় তেতিয়া সেই দলে পুনৰ ক্ষমতা দখল কৰিব৷ বিধান সভাত শাসকীয় পক্ষৰ পৰা বিৰোধী পক্ষলৈ হোৱা সৰল স্থান পৰিৱর্তন আৰু বদলিকৰণ গণতন্ত্রৰ বাবে অতি মূল্যৱান বৈশিষ্ট্য৷ একনায়কত্ববাদী শাসকৰ শাসনত স্থান পৰিৱর্তন কদাচিৎহে হোৱা দেখা হয়, তেনেক্ষেত্রত সঘনাই বিদ্রোহৰ উদ্ভৱ হয়, প্রতি বিদ্রোহৰ সৃষ্টি হয়, ৰক্তক্ষয়ী ঘটনা আৰু বিপ্লৱৰ ৰূপ লয় আনকি জীৱনৰ প্রতি ভাবুকি আহে, বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্বাভাৱিক কর্মসূচী বিঘ্ণিত হৈ পৰে৷
গণতন্ত্রই জনসাধাৰণৰ ক্ষোভ আৰু হতাশাক প্রকাশ কৰিবলৈ সুযোগ দিয়ে আৰু সুবিধা প্রদান কৰে৷ এই সুযোগ বা অধিকাৰ হ’ল চৰকাৰে অনিয়ম, অন্যায়, অবিচাৰ কৰিলে জনগণে সমালোচনা কৰিব পাৰে আৰু চৰকাৰক সঠিক দিশত পদক্ষেপ দিয়াৰ বাবে দাবী জনাব পাৰে৷ জনস্বার্থত জনসাধাৰণে এনেদৰে বিৰোধী পক্ষৰ ভূমিকা পালন কৰে৷ গণতন্ত্রত সংবাদ মাধ্যমৰ ভূমিকাও অতি গুৰুত্বপূর্ণ বুলি সর্বজন স্বীকৃত৷ সংবাদ মাধ্যমে জনসাধাৰণৰ চকু মেল খুৱায় আৰু সজাগ–সচেতন হ’বলৈ শিক্ষা দিয়ে৷ গণতন্ত্রত সংবাদ মাধ্যমে একমাত্র জনসাধাৰণৰ মতামতকে প্রতিফলিত নকৰে বা জনমতক উপস্থাপন নকৰে, ইয়াৰ দ্বাৰা জনগণৰ মতামত সংগঠিত ৰূপত দাঙি ধৰা হয়৷ অর্থাৎ সংবাদ মাধ্যমে জনমত তৈয়াৰ কৰিব পাৰে৷ জনগণৰ অধিকাৰ, বিশেষাধিকাৰ, স্বাধীনতা আদি বর্তাই ৰখাৰ বাবে সংবাদ মাধ্যমে এক সতর্ক অভিভাৱকৰ ভূমিকা পালন কৰে৷ বিধানসভাত বিৰোধী পক্ষই যিদৰে ৰাজহুৱা স্বার্থত চৰকাৰৰ কাম–কাজৰ ওপৰত সততে চকু ৰাখে, ঠিক সেইদৰে জনগণৰ উমৈহতীয়া স্বার্থ ৰক্ষাৰ ক্ষেত্রত বাতৰিকাকতে সতর্ক দৃষ্টি ৰাখি অভিভাৱকৰ দায়িত্ব পালন কৰে৷
প্রণিধানযোগ্য যে বিৰোধী দলৰ কামেই হৈছে চৰকাৰৰ বিৰোধিতা কৰা, কিন্তু যেতিয়া এয়া সংসদৰ মজিয়াত কৰা বিৰোধী পক্ষৰ ভূমিকা হয় বা ৰাজহুৱা স্থানত চৰকাৰক সমালোচনা কৰা সমালোচক হয় বা দেশৰ বাতৰিকাকত হয়, এই সকলোবোৰ সমালোচনা আৰু বিৰোধী পক্ষৰ দায়িত্বশীল আৰু ৰুচিশীল মতামত গণতন্ত্রৰ বাবে শুভ লক্ষণ৷ কিন্তু যদিহে বিৰোধী পক্ষই দায়িত্বহীন, অস্বাস্থ্যকৰ, অৰুচিশীল আচৰণ কৰে, গঠনমূলক সমালোচনাৰ পৰিৱর্তে ধ্বংসাত্মক সমালোচনাত লিপ্ত হয়, তেতিয়া সমগ্র গণতান্ত্রিক পৰিকাঠামো সংকটত পৰে৷ গতিকে শাসকীয় দল আৰু বিৰোধী দল উভয় পক্ষই দলীয় নীতি–নিয়ম তথা সংবিধানৰ নির্দেশ মানি চলা উচিত৷ তেওঁলোকে কোনেও ভুল কৰা উচিত নহয়, এটা ভুলৰ পিছত আন এটা ভুল কৰিবলৈ বাধ্য হোৱা বা উদ্যত হোৱাৰ ফলত সমগ্র পৰিৱেশ দূষিত হৈ পৰে আৰু গণতন্ত্র এক প্রহসনত পৰিণত হয়৷ এনে অৱস্থাত গণতন্ত্র অস্থিৰ আৰু বিপন্ন হোৱাৰ আশংকাই অধিক৷ এইটো সর্বজনবিদিত যে জনসাধাৰণ যদিহে সজাগ–সচেতন নহয়, তেতিয়া চতুৰ পেছাধাৰী ৰাজনীতিবিদৰ হাতত ক্ষমতা কুক্ষিগত হ’ব আৰু অবোধ জনগণক শোষণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব৷ এনে সন্ধিক্ষণত ধুৰন্ধৰ নেতাই নিজৰ স্বার্থত ক্ষমতা ব্যৱহাৰ কৰিব আৰু অপশাসন চলাই নিব৷
যিহেতু গণতন্ত্র সুস্থ আৰু শক্তিশালী কৰাৰ ক্ষেত্রত বিৰোধী পক্ষই দক্ষতাৰে নিজৰ দায়িত্ব পালন কৰা জৰুৰী, এনেধৰণৰ বিৰোধী পক্ষ দায়িত্বশীল আৰু শক্তিশালী হয়৷ বিৰোধী পক্ষৰ প্রধান উদ্দেশ্য হ’ল চৰকাৰে যাতে কোনোপধ্যে ক্ষমতাত অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্রতি সজাগ–সতর্ক হোৱা আৰু চৰকাৰক ৰাইজৰ স্বার্থত কাম কৰিবলৈ বাধ্য কৰোৱা৷ কিন্তু বিৰোধী পক্ষৰ কাম–কাজ তেতিয়াহে পাৰদর্শী বা উৎকৃষ্ট হ’ব যেতিয়া তেওঁলোকে নিজেই নীতি আচৰণ মানি চলি শিষ্টাচাৰ ৰক্ষা কৰিব, সর্বদিশতে দায়িত্বশীলতাৰ পৰিচয় দিব পাৰিব দলীয় স্বার্থ বা ব্যক্তিগত স্বার্থৰ বিপৰীতে জনসাধাৰণৰ স্বার্থত নিজকে উচর্গিত কৰিব পাৰিব লাগিব৷ গণতান্ত্রিক পৰিকাঠামো সুস্থিৰ আৰু শক্তিশালী কৰি ৰাখিবলৈ সকলো পক্ষৰ শিষ্টাচাৰ, দায়িত্ববোধ আৰু কর্তব্যনিষ্ঠাৰ অতিকৈ প্রয়োজন৷ গণতান্ত্রিক প্রমূল্যবোধ অক্ষুণ্ণ ৰখা আৰু বিকাশৰ ক্ষেত্রত প্রচলিত আচৰণবিধি সকলোৱে মানি চলা উচিত৷ কিন্তু শিষ্টাচাৰহীনতা, আচৰণহীনতা, অভব্য কাম–কাজ আদি অশুভ পৰম্পৰাই গণতান্ত্রিক ব্যৱস্থাক অস্থিৰ আৰু বিশৃংখল কৰি তোলে৷ তদুপৰি অর্থনৈতিক উন্নয়ন স্থবিৰ হোৱাৰ লগতে সমাজত এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ হয়৷ গতিকে সুস্থ সবল গণতন্ত্রৰ বাবে কঠোৰ আচৰণবিধি আৰু শিষ্টাচাৰ বর্তাই ৰখাটো অতিকৈ আৱশ্যক বুলি ভাবিব নোৱাৰিনে?

You might also like