কেনেকৈ সঞ্জিত কৃষ্ণৰ ঘৰৰ পৰা ফাদিল হৈছিল SI নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত?
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰঃ SI নিযুক্তি কেলেংকাৰিৰ পুনৰ এক ক’লা অধ্যায় পোহৰলৈ আহিছে। এই কেলেংকাৰীৰ অন্যতম অভিযুক্ত SP সঞ্জিত কৃষ্ণ। আজি DGP কাৰ্যালয়ত উপস্থিত হয় SP গৰাকী। কিন্তু কেনেকৈ ফাদিল হৈছিল প্ৰশ্নকাকত?
এছ আই পদৰ আনুষ্ঠানিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূর্বে অর্থাৎ যোৱা ১৮ ছেপ্টেম্বৰত সেই সময়ৰ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই চৰকাৰী বাসগৃহত গুৱাহাটীৰ পৰা এখন গাড়ীৰে লৈ যোৱা প্ৰশ্নকাকতৰ ট্রাংক খুলি উলিয়াই দিছিল৷ প্রশ্নকাকত উলিয়াই দিয়াৰ পাছতে অক্ষয় টেলিকমিউনিকেচনৰ অংশীদাৰ ৰুবুল হাজৰিকা আৰু বিজেপি নেতা দিবন ডেকাই ম’বাইল ফোনেৰে ফটো তুলিছিল ৷ প্রাপ্ত
অভিযোগ মতে, যোৱা ১৭ ছেপ্টেম্বৰত অর্থাৎ এদিন পূর্বে কৰিমগঞ্জত গৈ বাহৰ পাতি আছিল অভিযুক্তই ৷ ১৮ ছেপ্টেম্বৰত প্ৰশ্নকাকত লৈ কৰিমগঞ্জত উপস্থিত হৈছিল সঞ্জিত কৃষ্ণ। গুৱাহাটীৰ পৰা প্ৰশ্নকাকত লৈ যোৱা হৈছিল ৷ প্রশ্নকাকত লৈ যোৱা গাড়ীৰ পিছে পিছে গৈছিল দালাল ৰুবুল ৷ সিদিনা কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক ৪০ লাখ টকা আদায় দি অধীক্ষকজনৰ বাসগৃহত প্ৰশ্নকাকতৰ ফটো তুলি ৰুবুল আৰু দিবনে গুৱাহাটীলৈ আহে৷
ইয়াৰ পাছতে ১৯ ছেপ্টেম্বৰত দুই মাষ্টাৰ মাইণ্ডে গণেশগুৰিৰ থেংক ইউ লজ আৰু বেতকুছিস্থিত ভার্গৱ হোটেল গ্রেণ্ডত এছ আই পদৰ ৰিহার্চেল পৰীক্ষাৰ আয়োজন কৰে কৰিমগঞ্জৰ পৰা ম’বাইলত তুলি অনা প্ৰশ্নকাকতৰে ৷ ধৃত ৰুবুল হাজৰিকাই আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক প্ৰশ্নকাকতৰ বাবদ ৪০ লাখ টকা দিয়া বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে। আনহাতে আজি DGP কাৰ্যালয়ত উপস্থিত হয় SP কুমাৰ সঞ্জিত কৃষ্ণ।