গোপন প্ৰেমৰ মাজতে চাঞ্চল্য; শচীনকন্যা চাৰা পত্নী হ’ল শুভমন গিলৰ!
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ ভাৰতৰ অধিনায়ক বিৰাট কোহলিৰ নহয়, বৰঞ্চ আফগান ক্রিকেটাৰ ৰাছিদ খানৰহে (Rashid Khan) পত্নী অনুষ্কা শর্মা বুলি কিছুদিন পূৰ্বে ভুল তথ্য দেখুৱাই চৰ্চালৈ আহিছিল জনপ্রিয় চার্চ ইঞ্জিন গুগল। কিন্তু সেই একেই ভুল পুনৰবাৰ কৰি গুগলে কলকাতা নাইট ৰাইডাৰ্ছৰ ক্রিকেটাৰ শুভমন গিলৰ পত্নী ৰূপে দেখুৱাইছে শচীন তেণ্ডুলকাৰৰ চিকিৎসক কন্যা চাৰা তেণ্ডুলকাৰৰ নাম।
উল্লেখ্য যে মুম্বাইৰ বিৰুদ্ধে আইপিএলৰ প্রথম মেচত শুভমনৰ দুৰ্দান্ত ফিল্ডিংৰ প্রশংসা কৰি এক প’ষ্ট কৰিছিল চাৰাই। লগতে সেই প’ষ্টত চাৰাই ‘লাভ ৰিয়েক্ট’ কৰিছিল। যাৰপাছতে গোপন প্ৰেমৰ প্ৰসংগ উত্থাপন হৈছিল দুয়োৰে মাজত।