নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপত যোগদান কৰক ড০ সমুজ্জ্বল ভট্টাচার্যই

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ ‘সদৌ অসম ছাত্র সন্থাক সন্মুখৰ পৰা নেতৃত্ব প্রদান কৰি ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই এক মহান জাতীয় দায়িত্ব পালন কৰিলে৷ অসম আৰু অসমীয়াৰ স্বার্থত এতিয়া সমুজ্জ্বল কুমাৰ ভট্টাচার্যই সক্রিয় ৰাজনীতিত অংশগ্রহণ কৰা উচিত৷ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই অসম গণ পৰিষদৰ দুৱাৰেৰে প্রৱেশ কৰক সক্রিয় ৰাজনীতিত চোতালত৷’ – কালি কামৰূপ জিলাৰ কমলপুৰত ছাত্র নেতাগৰাকীৰ একালৰ সতীর্থ তথা কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্রত কলিতাই এই আহ্বান জনায়৷

কমলপুৰ সমষ্টিৰ বাইহাটা গাঁও পঞ্চায়তৰ অত্যাধুনিক পঞ্চায়ত গৃহ মুকলি কৰি বিধায়কগৰাকীয়ে ছাত্র সন্থাৰ অন্যতম ধবজাবাহকগৰাকী বহু পূর্বেই সক্রিয় ৰাজনীতিত অংশগ্রহণ কৰা উচিত আছিল বুলিও তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ ছাত্র সন্থাৰ মজিয়াত ছাত্র নেতাগৰাকী এলাগী হোৱাৰ যি বু বু–বা বা চলিছে, সেই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি বিধায়কগৰাকীয়ে কয়– সমাগত আছুৰ অধিৱেশনত স্পষ্ট হ’ব সমুজ্জ্বল কুমাৰ ভট্টাচার্য এলাগী হৈছে নে নাই৷ কিন্তু অসমীয়া জাতিৰ স্বার্থত নেতাগৰাকীৰ ৰাজনীতিত অংশগ্রহণ কৰা উচিত৷ বাইহাটা গাঁও পঞ্চায়তত প্রায় ৪১ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা অত্যাধুনিক পঞ্চায়ত গৃহ মুকলি কৰি বিধায়কগৰাকীয়ে এই পঞ্চায়ত গৃহটোৰ যোগেৰে অঞ্চলটোৰ অর্থনৈতিক বিকাশ হ’ব বুলিও মন্তব্য কৰে৷ পঞ্চায়ত গৃহটোত সংলগ্ণ হৈ থকা বিৱাহ ভৱন আৰু প্রেক্ষাগৃহই অঞ্চলটোৰ এক দীর্ঘদিনীয়া সমস্যাৰ সমাধান কৰিলে বুলিও তেওঁ মত প্রকাশ কৰে৷ পঞ্চায়ত গৃহ মুকলি অনুষ্ঠানত বাইহাটা গাঁও পঞ্চায়তৰ সভানেত্রী অনিমা বেগম, সচিব দ্বিজেন কলিতা, অগপ নেতা গগণ ডেকা, নুৰুল ইছলাম, নজিম আহমেদকে প্রমুখ্য কৰি ভালেসংখ্যক নেতা–কর্মী উপস্থিত থাকে৷ ইফালে, সমষ্টিটোৰ কেন্দুকোণা আৰু পিয়লিখাটাত  দলটোৰ দুখনকৈ যোগদান সমাৱেশ অনুষ্ঠিত হয়৷ দলটোৰ প্রতি আনুগত্য প্রকাশ কৰি শতাধিক লোকে অগপত যোগদান কৰে৷

You might also like