আমাৰ সকলোৰে হাবিয়াস থাকে নিজৰ প্রিয় লেখক, গায়ক, অভিনেতাসকলৰ সান্নিধ্য পাবলৈ৷ হয়তো মানুহৰ ই এক স্বাভাৱিক আকাংক্ষা৷ বহু সময়ত ভয়, উৎকণ্ঠাৰ এক সংমিশ্রিত অনুভৱে আমাক তেওঁলোকৰ সান্নিধ্যৰ সুযোগৰ পৰা আঁতৰাই ৰাখে৷ এইক্ষেত্রত ময়ো ব্যতিক্রম নহয়৷ অসমীয়া সাহিত্যিক, লেখকসকলৰ ভিতৰত ময়ূৰ বৰাৰ বাদে আন কাৰোৰে লগত ঘনিষ্ঠভাৱে যোগাযোগ ৰখাৰ সৌভাগ্য মোৰ হোৱা নাই৷ হোমেন বৰগোহাঞিৰ লগত কথা পতাৰ হাবিয়াস বহু বছৰৰ পৰাই আছিল৷ কিন্তু কিবা–কিবি কাৰণত সম্ভৱ হৈ উঠা নাছিল৷ কিবা–কিবি কাৰণবোৰৰ ভিতৰত মোৰ নিজৰেই অলসতা, ভয়, উৎকণ্ঠাই যে প্রধান কাৰণ আছিল তাত কোনো সন্দেহ নাই৷
হোমেন বৰগোহাঞিৰ বহুবোৰ লেখাই পঢ়িছোঁ৷ হয়তো অসমীয়া মাধ্যমত পঢ়িছিলোঁ বাবে অসমীয়া ভাষাৰ প্রতি এটা টান সৰুতেই গঢ়ি উঠিছিল৷ বৰগোহাঞিৰ লেখাৰ মাজেৰে চিনাকি হৈছিলোঁ পশ্চিমীয়া দেশৰ দার্শনিক, বিজ্ঞানীসকলৰ লগত৷ অৱশ্যে সেইখিনি হয়তো আন কিতাপ পঢ়িলেও শিকিলোহেঁতেনে, জানিলোহেঁতেনে কিন্তু, বৰগোহাঞিৰ যেতিয়া আত্মানুসন্ধানখন পঢ়িলোঁ, কিতাপখনে বিবেক conscience’ সম্পর্কে যি এক ধাৰণা দিলে সেয়া মোৰ দৰে বহুতৰ চিন্তাবোৰক পূৰঠ কৰাত যথেষ্ট অৰিহণা হয়তো যোগালে৷ হোমেন বৰগোহাঞিৰ লেখাই বহু সময়ত আমাৰ দৰে বহু লোকক হতাশাৰ পৰা উদ্ধাৰ কৰি আহিছে৷
২০১৭ চনত আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ত আছিলোঁ৷ তেতিয়াই ফেচবুকত এটা প’ষ্ট দিছিলোঁ তেওঁৰ ‘চিন্তা তৰংগ’ কিতাপখন পঢ়ি৷ লিখিছিলোঁ, …‘চিন্তা তৰংগ’ত বৰগোহাঞিয়ে উল্লেখ কৰিছে, ‘তীব্র যন্ত্রণা সহ্য কৰিবলৈ বিশ্বৰ সমস্ত দর্শনেও মানুহক সহায় কৰিব নোৱাৰে, তথাপি প্রাচীন গ্রীকসকলৰ ষ্টইক দর্শন এইক্ষেত্রত ব্যতিক্রম আছিল বুলি ক’ব পাৰি৷ ষ্টইক দর্শনৰ শিক্ষাক সম্পূর্ণৰূপে আত্মস্থ কৰিব পৰা লোকসকলে সকলো ধৰণৰ শাৰীৰিক যন্ত্রণাক জয় কৰিবলৈ অসাধাৰণ নৈতিক শক্তি আহৰণ কৰিছিল৷’ ষ্টইচিজম সম্পর্কে মোৰ এইখন কিতাপ পঢ়াৰ আগলৈকে কোনো ধাৰণাই নাছিল৷ আজি ষ্টইক ফিল’ছফাৰসকলৰ লেখা পঢ়োঁ, মার্কাছ আৰেলিয়াছ, এপিক্টোছৰ লেখা পঢ়োঁ৷ ক’ৰোনাৰ দৰে মহামাৰীৰ সময়ত ষ্টইচিজম কিমান লাভদায়ক, সেয়া কেৱল তেওঁলোকেহে বুজিব, যি এই দর্শনৰ লগত পৰিচিত৷ মোৰ ক্ষেত্রত ইয়াৰ সকলো ক্রেডিট কেৱল বৰগোহাঞিকে দিব লাগিব৷ বৰগোহাঞিৰ আন এটা লেখাই মোক আকর্ষিত কৰিছিল৷ য’ত তেওঁ লিখিছিল, – ‘মানুহৰ দয়া আৰু কৰুণাৰ অনুভূতি বয়সৰ লগে লগেহে বৃদ্ধি পায়৷ শিশু সাধাৰণতে নির্দয় হয়৷ শ্বেইক্সপীয়েৰে যেতিয়া লিখিছিল–As flies to wanton boys, so are we to the gods they kill us for their sport. তেতিয়া তেওঁ শিশুৰ এই স্বভাৱসুলভ নিষ্ঠুৰতাৰ কথাই কৈছিল৷ এই গোটেইবোৰ কথা মনলৈ আহিছে গুৱাহাটীৰ কুকুৰা চৰাইৰ দোকানবোৰত চৰাইবোৰৰ অবর্ণনীয় যন্ত্রণাৰ দৃশ্য দেখি৷’ স্বভাৱতে মানুহৰ আনৰ দুখত সমভাগী হোৱাৰ সক্ষমতা ভিন ভিন৷ জীৱ–জন্তুৰ অধিকাৰৰ প্রতি থকা মোৰ দৰে আৱেগপ্রৱণ আৰু সংবেদনশীল পাঠকে এনে এটা লেখা পঢ়াৰ পাছত সেই লেখকৰ লগত এক আৱেগিক সম্পর্ক গঢ়ি নোতোলাৰ প্রশ্ণই নাহে৷
মূল প্রসংগৰ পৰা হয়তো কিছু বিচ্যুত হৈছোঁ৷ হোমেন বৰগোহাঞিৰ লগত কথা পতাৰ হাবিয়াস যোৱা চাৰিটা বছৰে কঢ়িয়াই ফুৰিছিলোঁ৷ কথা প্রসংগত শিখা মহন্ত বাইদেৱে এই কথা জানিব পাৰিলে আৰু মোক হোমেন বৰগোহাঞি ছাৰৰ ফোন নম্বৰটো দিলে৷ অৱশ্যে ফোন নম্বৰটোৱে জানো যথেষ্ট হয়? ভয়, উৎকণ্ঠা, আলস্য এই সকলোকে নেওচি তেওঁলৈ ফোন কৰিব লাগিব৷ বাইদেৱে বাৰে বাৰে সুধি আছিল, ‘ছাৰলৈ ফোন কৰিলানে, ছাৰে ভাল পাব ফোন কৰিলে৷’ অৱশ্যে, মই ভাবি আছিলোঁ, ফোন কৰিলে কিজানি তেওঁ আমনি পায়৷ এইটো হয়তো এক স্বাভাৱিক অনুভৱ৷ বাইদেউক জনালোঁ, ‘এই সপ্তাহতে কৰিম৷’ ৰাতিপুৱা উঠাত আজি অলপ দেৰি হৈছিল, প্রায় দহমান বাজিল৷ অসমত তেতিয়া সময় ৰাতি আঠ বাজিছে৷ ছাৰলৈ ফোন লগালোঁ৷ অলপ সময়ৰ পাছত ছাৰৰ কণ্ঠস্বৰ শুনিবলৈ পালোঁ৷ তেওঁ সুধিলে, ‘কানাডাত এতিয়া কিমান সময়?’, মই ক’লোঁ, ‘পুৱা দহ বাজিছে৷’ আমি কথা পাতিবলৈ আৰম্ভ কৰিলোঁ৷ মই কেতিয়াও ভবাই নাছিলোঁ যে তেওঁৰ লগত মুকলিকৈ এনেদৰে কথাৰ মহলা মাৰিব পাৰিম৷ মোৰ ঘৰ যিহেতু যোৰহাটত, কথা প্রসংগত জানিব পাৰিলোঁ যে তেওঁও যোৰহাটত বহু বছৰ আছিল৷ ছাৰে মোৰ গৱেষণাৰ কথা সোধোঁতে কথা প্রসংগত মই ন’বেল বিজয়ী এলিজাবেথ ব্লেকবার্নৰ কথা ক’লোঁ৷ ছাৰে তেওঁৰ বিষয়ে পঢ়িছে ৷ ব্লেকবার্নে telomere’ৰ ওপৰত গৱেষণা কৰিছিল৷ ই ক্রম’জমৰ এটা অংশ যি ক্রম’জমক ৰক্ষা কৰে৷ এনে গৱেষণা হৈছে যে প্রাণায়ামৰ দ্বাৰাও এই টেলোমেৰ ক্ষয়প্রাপ্ত হোৱাৰ পৰিমাণ কমাব পাৰি৷ এই বিষয়ে মই টৰণ্টোৰ আন গৱেষকৰ লগতো আলোচনা কৰিছোঁ, আকৌ এবাৰ একেই কথা আলোচনা কৰাৰ সৌভাগ্য হ’ল হোমেন বৰগোহাঞি ছাৰৰ লগত৷ ছাৰক সুধিছিলোঁ আপোনাৰ বয়স কিমান? মোৰ যদি সঠিক মনত আছে ছাৰে কৈছিল মাত্র ৮৭ বছৰ৷ ছাৰৰ লগত আলোচনা কৰিছিলোঁ এই দীর্ঘজীৱনৰ বাবে হয়তো তেওঁৰ জেনেটিক্স আৰু জীৱনশৈলী দায়ী৷ কথা প্রসংগত জাপানিজ Ikigai’ৰ কথাও আলোচনা কৰিলোঁ৷ এই শব্দৰ অর্থ হৈছে, a reason for being’ জীয়াই থকাৰ কাৰণ৷ হয়তো, বৰগোহাঞি ছাৰৰ যি লিখাৰ হেঁপাহ, নতুন কথা জনাৰ হাবিয়াস, জীয়াই থকাৰ হেঁপাহ সিও তেওঁৰ জীৱনটো দীঘলীয়া কৰাত অৰিহণা যোগাইছে৷ কথা প্রসংগত কৈছিলোঁ, ‘ছাৰ আপুনি নিজেও এক গৱেষণাৰেই বিষয় হ’ব পাৰে৷’ আন এটা প্রশ্ণ দুজন ব্যক্তিক সুধিছোঁ৷ এজন হৈছে ইংলেণ্ডৰ এজন গৱেষক চাচেক্স বিশ্ববিদ্যালয়ৰ আৰু আনজন হোমেন বৰগোহাঞি৷ প্রশ্ণটো আছিল, আপুনি ঈশ্বৰ বিশ্বাস কৰেনে? চাচেক্সৰ অধ্যাপকজনৰ উত্তৰ আছিল, – ‘নকৰোঁ’৷ বৰগোহাঞি ছাৰে কৈছিল, তেওঁৰ স্থিতি অজ্ঞেয়বাদী অর্থাৎ Agnostic’৷ মোৰ নিজৰ দৃষ্টিৰেও বৰগোহাঞিৰ দৃষ্টিভংগী বেছি বিজ্ঞানসন্মত৷ কথা প্রসংগতে আমি আলোচনা কৰিছিলোঁ নাস্তিক আৰু বিজ্ঞানী ৰিছার্ড ডকিন্সৰ কিতাপৰ বিষয়েও৷
ছাৰে কৈছিল, ধর্মৰ লগত নিজক সংপৃক্ত কৰাতকৈ আধ্যাত্মিকতাৰ প্রতিহে তেওঁ বেছি আকর্ষিত৷ আধ্যাত্মিকতা এক ব্যক্তিগত অনুভূতি, মানৱসৃষ্ট ধর্মবোৰৰ লগত ইয়াৰ সম্পর্ক কম৷ ছাৰে এটা প্রশ্ণ উত্থাপন কৰিছিল৷ ডাৰউইনৰ থিয়’ৰী সঁচা ঠিকেই, কিন্তু প্রকৃতি কি? প্রকৃতিয়ে এইটো কৰিছে, সেইটো কৰিছে, কিন্তু এই প্রকৃতি কি? এইটো প্রশ্ণই এজন চিন্তা কৰি ভাল পোৱা মানুহক মানসিক খাদ্যৰ যোগান ধৰিবলৈ যথেষ্ট৷ মোৰ ব্যক্তিগত অভিমত আছিল যে বিৱর্তন যদিও সঁচা, কিন্তু এই বিৱর্তনৰ আঁৰত যে এক বুদ্ধিমান পৰিকল্পনা Intelligent design’ নাই, তাক প্রমাণ কৰাটো প্রায় অসম্ভৱ৷ অনুভৱ কৰিছিলোঁ যে ঈশ্বৰ সম্পর্কে ছাৰৰ যি অনুভৱ, ঠিক অনুৰূপ ধাৰণাই মোৰ দৰে লোকেও পোষণ কৰে৷ নিজৰ প্রশংসা কৰা যেন আপাতদৃষ্টিত লাগিলেও এই কথা নিলিখাকৈ নোৱাৰোঁ যে ছাৰে যেতিয়া কৈছিল, ‘তোমাৰ প্রায়বোৰ প্রকাশিত প্রবন্ধই পঢ়িছোঁ’, তেতিয়া একধৰণৰ সুখানুভূতিয়ে মোৰ মন–মগজু চুই গৈছিল৷ তেওঁৰ অগতানুগতিক আৰু ব্যতিক্রমী ব্যক্তিত্বই হয়তো মোৰ দৰে বহুতকে তেওঁৰ প্রতি আকর্ষিত কৰে৷ এজন সৰু ল’ৰাৰ দৰে মই ঘৰলৈ ফোন কৰি দেউতাক কৈছিলোঁ যে আজি মই হোমেন বৰগোহাঞি ছাৰৰ লগত কথা পাতিলোঁ৷ এই যে অনুভৱটোৱে ইমান আহ্লাদিত, সুখী কৰিলে যে এতিয়া যেন মন যায় এই মানুহজনৰ কথা ঘণ্টাৰ পাছত ঘণ্টা কেৱল মন দি শুনি থাকিম৷ বিশ্বৰ সাহিত্যৰ পৰা তেওঁ বুটলি অনা মুকুতাবোৰ যেন যিমান পাৰি গোটাই যাম৷ বিদেশত তেওঁৰ কিতাপবোৰ পাবলৈ টান, হয়তো ‘মোৰ হূদয় এখন যুদ্ধক্ষেত্র’ কিতাপখন গোটাই পঢ়িম, আত্মানুসন্ধানখন আকৌ এবাৰ পঢ়িম৷
এই প্রবন্ধটোত হোমেন বৰগোহাঞিৰ লগত প্রথমবাৰ টেলিফোনত কথা পতাৰ অভিজ্ঞতা আৰু অনুভৱবোৰ মনলৈ যেনেকৈ আহিছিল, তেনেকৈয়ে প্রকাশ কৰিলোঁ৷ আশাকৰোঁ বৰগোহাঞিয়ে সু–স্বাস্থ্য বর্তাই ৰাখি আৰু নতুন নতুন সৃষ্টি ৰচি নতুন প্রজন্মক অনুপ্রাণিত কৰি থাকিব৷