এছ পি কুমাৰ সঞ্জীত কৃষ্ণক ৬ দিনৰ বাবে ৰঙাঘৰলৈ প্রেৰণ
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক কালি ৬ দিনৰ বাবে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশে৷ ৬ দিনৰ জিম্মা শেষ হোৱাত চি আই ডিৰ তদন্তকাৰী বিষয়াই কালিসঞ্জীত কৃষ্ণক কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়৷
কিন্তু তদন্তকাৰী বিষয়াই পুনৰ চি আই ডিৰ জিম্মাত বিচাৰি আবেদন নকৰাত আদালতে সঞ্জীত কৃষ্ণক ৬ দিনৰ বাবে ৰঙাঘৰলৈ প্রেৰণ কৰে৷ আদালতৰ নির্দেশ অনুসৰি চি আই ডিয়ে অহা ২৭ অক্টোবৰত সঞ্জীত কৃষ্ণক পুনৰ আদালতত হাজিৰ কৰাব লাগিব৷ চি আই ডিৰ তদন্তকাৰী বিষয়াই সঞ্জীত কৃষ্ণক পুনৰ জিম্মাত নিবিচৰাক লৈ উপ–পৰিদর্শক পদৰ সমগ্র কেলেংকাৰিৰ তদন্ত থাপি–থুপি থ’ব বিচৰা বুলি ধাৰণা কৰা হৈছে৷
ইফালে গ্রেপ্তাৰৰ ৬ দিন পাৰ হোৱাৰ পাছতো ধনৰ লুভীয়া আৰক্ষী অধীক্ষকজনক চাকৰিৰ পৰা নিলম্বন নকৰাত ৰাজ্যৰ গৃহ বিভাগৰ ভূমিকাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ আনহাতে, উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ প্রশ্ণকাকত যোগান ধৰাৰ বাবদ দালাল ৰুবুল হাজৰিকাৰ পৰা লোৱা ৪০ লাখ টকা সঞ্জীত কৃষ্ণই ক’ত লুকুৱাই থ’লে, তাৰ সন্ধান উলিয়াব নোৱাৰিলে চি আই ডিয়ে৷ কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষকজনে যোৱা ১৪ অক্টোবৰত এগৰাকী ৰহস্যময়ী মহিলাৰ হাতত ৪০ লাখ টকা জমা থোৱা বুলি চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতে চি আই ডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পর্যায়ৰ এজন বিষয়াৰ নেতৃত্বত ধনৰ সন্ধান উলিয়াবলৈ এটা বিশেষ গোট গঠন কৰি দিছে৷