জিডিপি আৰু দৰিদ্রতা
ক’ৰোনা পৰিস্থিতিত অর্থনৈতিক জটিলতাৰ দিশে গতি কৰিছে দেশ৷ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ১০ শতাংশপর্যন্ত সংকুচিত হোৱাৰ আগজাননী দিছে আন্তঃৰাষ্ট্রীয় মুদ্রা সংস্থা আই এম এফ–এ৷ ইতিমধ্যে আলু–পিঁয়াজ আৰু খোৱা তেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ জনতাৰ দৈনন্দিন জীৱন দুর্বিষহ কৰি তুলিছে৷ স্বাভাৱিকতে প্রশ্ণ উঠিছে– জিডিপিৰ হাৰ যেতিয়া ১০ শতাংশপর্যন্ত সংকুচিত হৈ ঋণাত্মক হ’ব, তেতিয়া খাটি খোৱা মানুহখিনিৰ অৱস্থা বর্তমানৰ তুলনাত কিমান বেছি দুর্বিষহ হৈ পৰিব? আইএমএফৰ মুৰব্বী ক্রিষ্টালিনা জর্জিয়েভাই এক সাক্ষাৎকাৰত প্রকাশ কৰা মতে, ক’ৰোনাৰ সংক্রমণে সৃষ্টি কৰা পৰিস্থিতিৰ ফলত ইতিমধ্যে ৪ কোটি ভাৰতীয়ক দৰিদ্রতাৰ চৰম পর্যায়লৈ ঠেলি দিছে৷ এই তথ্য যদি সত্য হয়, তেন্তে পৰিস্থিতি অধিক জটিলতাৰ দিশে গতি কৰাত বাধা দিবলৈ চৰকাৰে সময়োচিত পদক্ষেপ গ্রহণ কৰিবই লাগিব৷ চৰকাৰে এইক্ষেত্রত কি পদক্ষেপ গ্রহণ কৰে, তাৰ ওপৰত নিশ্চিতভাৱে সমগ্র বিশ্বই দৃষ্টি ৰাখিব৷ কিয়নো ভাৰতীয় অর্থনীতিয়ে বিগত কেইবাবছৰ ধৰি বিশ্বৰ দ্রুত বিকশিত অর্থনীতি হিচাপে স্বীকৃতি লাভ কৰি আহিছিল৷ কিন্তু এইখিনিতে এটা প্রশ্ণৰ উদয় হয়৷ সেয়া হ’ল– দ্রুত বিকশিত অর্থনীতি হিচাপে গৌৰৱ কৰিব পৰা সময়খিনিতে দেশৰ দৰিদ্রতা, অপৰিপুষ্টি, ক্ষুধা আদিৰ সূচকসমূহ আছিল অত্যন্ত দুখ লগা৷ ইয়াৰ অর্থ এয়াই নেকি যে সর্বসাধাৰণ ভাৰতীয়ৰ জীৱন সংগ্রাম জিডিপিৰ হাৰ প্রতিফলিত নহয়? জিডিপিৰ হাৰ উন্নত অৱস্থাত থকাৰ সময়ত খাটি খোৱা মানুহে যিদৰে দৈনন্দিন সংগ্রাম অব্যাহত ৰাখিছিল, এতিয়াও সেই সংগ্রাম অব্যাহত আছে৷ কষ্ট বাঢ়িছে আৰু বাঢ়ি থাকিব, কিন্তু তেওঁলোকে সংগ্রাম কৰি যাবই৷ সেয়ে এই মুহূর্তত চৰকাৰৰ প্রধান কর্তব্য হ’ল– সর্বসাধাৰণ জনতাক সকাহ দিবলৈ সুচিন্তিত পদক্ষেপ গ্রহণ কৰাটো৷ কিয়নো অপৰিপুষ্টি, ক্ষুধা আৰু দৰিদ্রতা ভাৰতৰ দৰে দেশৰ বাবে এতিয়াও আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে৷ জিডিপিক লৈ চিন্তিত হোৱাতকৈ এই দিশসমূহ আৰু বেছি চিন্তাৰ বিষয়৷ দ্রুত হাৰত অর্থনৈতিক বিকাশৰ পিছতো সর্বসাধাৰণ ৰাইজৰ অর্থনৈতিক অনিশ্চয়তাৰ কাৰণ কি, তাৰ তথ্য সহজলভ্য৷ উদাহৰণস্বৰূপে, ১০ শতাংশ ভাৰতীয়ৰ মাজতে ধন–সম্পত্তি পুঞ্জীভূত হৈ আছে৷ ইয়াৰ বিপৰীতে সর্বসাধাৰণে দৈনন্দিন জীৱনত সংগ্রাম অব্যাহত ৰাখিবলৈ বাধ্য হৈছে৷ তেওঁলোকৰ জীৱনত জিডিপিৰ উত্থানে কোনো নির্ণায়ক প্রভাৱ পেলোৱা নাছিল৷ কিন্তু জিডিপিৰ বর্তমান যি অৱস্থা, তাৰ প্রভাৱ যাতে তেওঁলোকৰ ওপৰত নপৰে, তাৰ উপায় উদ্ভাৱন কৰাটো চৰকাৰৰ কর্তব্য৷
মন কৰিবলগীয়া কথাটো হ’ল– জিডিপিৰ হাৰ গৌৰৱ কৰিব পৰাকৈ উন্নত অৱস্থাত থকাৰ সময়তো ভাৰতত নিবনুৱাৰ সমস্যাই জ্বলন্ত ৰূপ ধাৰণ কৰি আছিল৷ যি অর্থনৈতিক বিকাশে নিয়োগ সৃষ্টি কৰিব নোৱাৰে, তাৰ ডাঙৰ কেৰোণ থাকিবই লাগিব৷ ক’ৰোনাসৃষ্ট পৰিস্থিতিয়ে এতিয়া এই সকলোবোৰ সমস্যাক কাষ চপাই আনি চৰকাৰৰ সন্মুখত ডাঙৰ প্রত্যাহ্বানৰ সৃষ্টি কৰিছে৷ এই জটিল পৰিস্থিতিৰ পৰা সকলো শ্রেণীৰ ভাৰতীয়ই শিক্ষা লোৱাৰ চেষ্টা কৰাটো অত্যন্ত প্রয়োজনীয়৷ ৰাষ্ট্রসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ৰ প্রতি ভাৰত প্রতিশ্রুতিবদ্ধ হৈ আছে৷ ইয়াৰ অন্যতম লক্ষ্য হ’ল– ২০৩০ৰ ভিতৰত সমগ্র বিশ্বৰ পৰা দৰিদ্রতা নির্মূল কৰা৷ কিন্তু এই লক্ষ্যত উপনীত হোৱাটো যে এতিয়া কঠিন হ’ব, সেয়া প্রায় নিশ্চিত৷ ক’ৰোনাই যি তাণ্ডৱ সৃষ্টি কৰিলে, তাৰ পিছত এই লক্ষ্যৰ সময়সীমা পুনৰ নির্ধাৰণ কৰাৰ বাবে অহা প্রস্তাৱক কোনেও নস্যাৎ কৰিব পৰা নাই৷ ক্ষুধা আৰু দৰিদ্রতা দূৰীকৰণৰ ক্ষেত্রত ৰাজনৈতিক নেতাৰ বাক্পটুতাতকৈ এতিয়া বহুগুণে প্রয়োজন হৈ পৰিছে যুক্তিসংগত কার্যব্যৱস্থাৰ৷ শেহতীয়াকৈ প্রকাশ পোৱা বিশ্ব ক্ষুধা সূচকত ৯৪ নম্বৰ স্থানলৈ অৱনমিত হোৱাটোয়েই প্রমাণ কৰে ভাৰত এইক্ষেত্রত কিমানদূৰ পিছপৰি আছে৷ নেপাল (৭৮), বাংলাদেশ (৭৫), পাকিস্তানৰ দৰে দেশে এইক্ষেত্রত ভাৰতৰ তুলনাত উন্নত অৱস্থাত আছে৷ যিখন দেশৰ মানুহে দৰিদ্রতা, ক্ষুধা আৰু অপৰিপুষ্টিত কক্বকাই থাকে, সেইখন দেশে জিডিপিৰ হাৰক লৈ গৌৰৱ কৰাৰ কোনো যুক্তিযুক্ততা নাই৷ চৰকাৰে অর্থনীতি সবল কৰাৰ পদক্ষেপ গ্রহণ কৰাৰ সময়ত এই বঞ্চিত শ্রেণীটোক এলাগী কৰিলে সামগ্রিক বিকাশ সদায় আকাশত চাং পতা কথাৰ দৰে হৈ থাকিব৷