বিৰুবাৰীত ফেঁটীসাপ উদ্ধাৰ
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ মহানগৰীৰ বিৰুবাৰীত পহিলা নৱেম্বৰত জ্যোতিপ্রসাদ আমচং নামৰ লোক এজনৰ ঘৰত এডাল বিলুপ্তপ্রায় প্রজাতিৰ ধুন্দুলি ফেঁটীসাপ উদ্ধাৰ হয়৷ পিছত বন বিভাগৰ কালাপাহাৰ খণ্ড বন কার্যালয়ৰ বনকর্মীৰ দলে সাপডাল উদ্ধাৰ কৰি ৰাণী বনাঞ্চলত এৰি দিয়ে৷ প্রাপ্ত খবৰ মতে দিনৰ ১০ মান বজাত জ্যোতিপ্রসাদ আমচং নামৰ লোকজনৰ ঘৰৰ এটা কোঠাত প্রায় চাৰে পাঁচফুট দৈর্ঘ্যৰ ধুন্দুলি ফেঁটীসাপডাল প্রত্যক্ষ কৰাৰ পিছত পৰিয়ালটো শংকিত হৈ পৰে৷ তাৰ পিছত এই সন্দর্ভত স্থানীয় কালাপাহাৰ খণ্ড বন বিষয়া অসীম দাসক অৱগত কৰোৱাত তেওঁ কিছু সময় পিছত এটা বনকর্মীৰ দল বিৰুবাৰীলৈ প্রেৰণ কৰে৷ অৱশেষত বনকর্মীৰ দলটোৱে অক্ষত অৱস্থাত বিলুপ্তপ্রায় প্রজাতিৰ হিচাপে পৰিচিত ধুন্দুলি ফেঁটীসাপডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷