মিঞা শব্দৰ অপচর্চা
ড০ বসন্তকুমাৰ গোস্বামী
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অসমত ধম্য় জাতীয়তাবাদ বা সাম্প্রদায়িকতাৰ বৰগছজোপাত বৰকুঠাৰ মাৰি নিশকতীয়া কৰি ধর্ম আৰু সম্প্রদায়ৰ মাজত চকোৱা এখন দি থৈ গৈছিল৷ সেই ওখ চকোৱাখন দেই গৈ কোনো ৰাজনীতিকে ‘পুনৰাগমানয় চ’ কৰে তেন্তে তেওঁলোকলৈ প্রতিজন অসমীয়াই ইন্দ্রই উচ্চশ্রৱা কোবোৱা মাতলিৰ চেকনী এডাল নাইবা কৃষ্ণকিশোৰ কবিৰাজৰ দৰবৰ দোকানৰ খৰৰ দৰবৰ বৰি দুটামান যোগাই থ’ব লাগে৷ বর্তমান খৰৰ দৰে ছালৰ মিঞা মিউজিয়াম বেমাৰৰ এয়া মহৌষধিও হ’ব পাৰে৷ নহ’লে অসমীয়াই শাকৰ ভজা (আজিকালিৰ ভাজি) ‘শাকে–পোকোতে’ খাবই লাগিব৷ শাকে–পোকোতে মানে শাকৰ লগত থকা পোক আৰু জোক উভয়ে৷ তাহানি বেজবৰুৱাই ‘ভোটৰ উপদ্রৱ’ বুলি লিখা কার্টুনত কৈছিল– ‘ভোটৰ বেলিকা বিদেশীজন স্বদেশী হয়… বিদেশী স্বদেশী ভাব ক্ষুদ্র মনৰ চিন৷ সর্বগুণ সর্বদেৱ পূজাত নাই ভিন৷৷…যোগ্যতালৈ চাই ভোট দিব কওঁ মই৷’ ৰাজনৈতিক দলবোৰৰ যোগ্য প্রাথ্ দৰবত বটি দিবলৈও নাই৷ যি দুই–এজন আছে, তেওঁলোকো মিঞাতংক ৰোগগ্রস্ত বগলী৷ গতিকে, তেওঁলোকক ভগৱানে সুমতি দিয়ক আৰু হাঁহৰ শ্রেণীলৈ উন্নীত কৰক৷ তাহানি স্পেন্সাৰে কৈছিল– মানুহে যিটো নাজানে, সেইটো বিষয়ত সহজে তপৰ কৰে নিশ্চিত মত প্রকাশ কৰে৷ তেনেকৈ ছক্রেটিছেও তাহানিয়ে কৈছিল– বোলে জ্ঞানী আৰু মূর্খৰ ভিতৰত প্রভেদ এই যে মূর্খই নিজৰ মূর্খামিৰ কথা নাজানে, জ্ঞানীয়ে জানে৷ সেয়ে মিঞা, বংগমূলীয় এই শব্দবোৰৰ অর্থৰ উত্তৰ দিবলৈ হার্বার্ট স্পেন্সাৰ পেপুৱা লাগিব৷ কিন্তু সনাতন ঘোষ–কেৰামত আলীৰ দৰে ছেৰেপাই তিনিটিলিকিতে তাৰ উত্তৰ দিব পাৰে৷ আলী, ঘোষ এইসকলে কলমৰ খোঁচত নহয় কাগজৰ দাৰে অসমৰ সম্প্রীতিৰ বৰঘৰটো ভাঙিবলৈও কুণ্ঠাবোধ নকৰে ক্ষমতাৰ পাশত বন্দী হৈ৷ শংকৰদেৱে ভাবিছিল বৰুণৰ পাশত কিছুদিন বান্ধি থ’লে সময়ত বুদ্ধি হৈব ভাল (বৰুণৰ পাশে বান্ধি থৈয়ো ক’ত কাল, আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল)৷ গতিকে, গর্গ চেটার্জীৰ দৰে দুই–এজন মেঘনাদে মিঞামেঘৰ আঁৰ লৈ দুই–এপাট শৰ এৰিছে৷ সেয়ে মিঞা শব্দৰ বিদ্যায়তনিক ব্যাখ্যা দিবলৈ পণ্ডিতসকলৰ চূডান্ত মীমাংসা কপাল আৰু মূৰৰ ঘাম বৈ আহি গোৰোৱা পাবহি৷ কিন্তু ৰাজনৈতিক নেতাৰ সিদ্ধান্তবোৰ পর্বতৰ পৰা জুৰি বৈ অহাদি হুৰহুৰাই বৈ আহে আৰু সর্বসাধাৰণ প্রজাক বিধ্বস্ত (তচনচ)কৰে৷ এইসকলক টিপতে ছেৰেপা নাম দি থলোঁ বেজবৰুৱাক অনুসৰণ কৰি৷
বয়স বঢাৰ লগে লগে আমাৰ ৰাজনৈতিক দলবোৰৰ পৰকিতি লৰিছে আৰু লগতে মুখবোৰো লাওপাত–কচুপাত হোৱা দেখা গৈছে৷ অসমত অসমবাসীৰ সমস্যা সাগৰত বুৰ গৈ আছে৷ তাৰ মাজত ধর্মইহে বৰপীৰাখন পাইছে৷ পিছে ৰাজনীতিকে নাজানে যে নিজৰ দেশৰ নির্মল ধৰম নামঘৰৰ দুৱাৰ মুখতে আছে বুলি বেজবৰুৱাই কৈয়ে গৈছে৷
এতিয়া অসমৰ আকাশে–বতাহে মিঞা মিউজিয়াম বুলি শব্দ এটা ৰাজনীতিৰ অপহুতা–সুৰাসকলে কেহেতালিৰূপে ব্যৱহাৰ কৰিছে৷ সুণীয়া সঁফুৰা অসমৰ বিচিত্রতাৰ মাজত থকা একতাৰ ফৈডালৰ গুণ ছিগোঁ ছিগোঁ, ধৰিবলৈ হেতামাৰিও নাই৷ হেতামাৰিডাল অসমৰ ৰাইজেই সাজি দিব লাগিব৷ ‘মিঞা’ এটা বিশেষণ পদ৷ ই জাতিবাচক নহয়৷ মিঞা জাতি বা মিঞা ভাষা বুলি কোনো শব্দ সৃষ্টি কৰিব পাৰে কোনোবাই উদ্দেশ্যপ্রণোদিতভাৱে৷ কিন্তু কোনো অভিধানে জাতিবাচক বুলি স্বীকৃতি নিদিয়ে৷ মিঞা এটা পাচ্ শব্দ শব্দটো অসমীয়াৰ বাৰাণ্ডাতে (বৰ আম্দা) নাথাকি অচিন মুলুকৰ এই শব্দ বা আন তেনে শব্দ অন্দৰ মহলত বৰপীৰা পাৰি বহা এটা শব্দ৷ শব্দৰ অর্থ সদায় একে হৈ নাথাকিবও পাৰে৷ ইংৰাজীGod-শব্দহ Bread-keeperহে বুজাইছিল, পিছলৈ ‘জগতকীপাৰ’ হ’ল৷ অসমীয়াৰ ‘কুশল’ মানে কুশ ছিঙাত পার্গত লোক৷ এতিয়া অর্থ লৰিল৷ হিন্দীৰ ‘শ্যেৰ’ শব্দই ‘সিংহ’ বুজাইছিল, এতিয়া ‘বাঘ’ বুজোৱাও হ’ল৷ ‘মিঞা’ শব্দৰ অর্থ (১) প্রভু (২) গুৰু (৩) মহাশয় (৪) মুছলমান (৫) স্বামী (৬) মুছলমান ভদ্রলোকৰ সন্মানসূচক ৰূপ (তু. ইংৰাজীMr. অসমীয়া–ডাঙৰীয়া)৷ কিন্তু অসমত শব্দটোৰ মূল অর্থ লৰিল৷ মিঞা শব্দৰ এনে মহান অর্থক নিৰর্থক কৰি প্রথমে চৰ–চাপৰি অঞ্চলৰ এচাম শিক্ষিত, অর্ধশিক্ষিত, অশিক্ষিত ডেকাই গভীৰ বিভেদৰ ষডযন্ত্রত লিপ্ত হৈ অসমৰ ভাষিক আৰু সাংস্কৃতিক ঐক্যক থানবান কৰিবলৈ জাতি আৰু ভাষা অর্থত ব্যৱহাৰ কৰিলে এক শ্রেণীৰprotest poetry লিখি৷ আনহাতে, তথাকথিত বাঙালী নেতা (?) গর্গ চেটার্জীৰ ‘চলো পাল্টাই’ অসমতবসবাস কৰা মুছলমান আৰু হিন্দুবাঙালীক মাতৃভাষা বাংলা বুলি ক’বলৈ আহ্বান কৰা দেখি ‘মিঞা কবিতা’ চলো পাল্টাইৰ ৰক্তবীজ বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ৷ তেওঁ হেনো এজন বুদ্ধিজীৱী, এনে বুদ্ধিজীৱীক তাহানি সাহিত্যাচার্য যজ্ঞেশ্বৰ শর্মাই ‘দেহজীৱী’ৰ লগত তুলনা কৰিছিল৷ কিয়নো এওঁলোক বৌদ্ধিক সমাজত তুলা আগৰ তুঁহ৷ অজলা চৰ–চাপৰিৰ লোকক প্রৱঞ্চনা কৰি নিজৰ অস্তিত্ব ৰজাবলৈ এক শ্রেণীৰ এনে উদ্গনি৷ তেওঁলোকে শীতাতপ নিয়ন্ত্রিত কোঠাত বহি লৈ হাবিৰ দুর্গম অঞ্চলত বসবাস কৰি অনাবাদী মাটিৰ হাবি–বন নিৰাই আবাদী কৰি শস্যপূর্ণ বসুন্ধৰা কৰা শ্রেণীটোৰ কথা নাভাৱে৷ তেওঁলোকৰ নিকা মনক কলুষিত কৰিবলৈ চেষ্টা কৰা কাৰণেই ক’বৰ মন যায়–টেঙৰে ভোজ দিয়ে, অজলা চৰবাসীয়ে খায়৷
নতুন প্রজন্মৰ শিক্ষিত, অল্পশিক্ষিত, অর্ধশিক্ষিত চৰ অঞ্চলৰ যিসকল যুৱকে এনে হঠকাৰী চিন্তাৰে সেইসকলক পৰিচালিত কৰিছে, তেওঁলোকে মনত ৰখা ভাল, কবিতা সৃষ্টিৰ বাবেহে ধবংসৰ বাবে নহয়৷ কবিতা সর্বজনৰ হিতৰ বাবে, উদ্দেশ্যপ্রণোদিত কবিতাৰে নিমগছৰ পুলি হ’ব কিন্তু তাত সোৱাদ ফল নালাগে৷ কবি হোৱাটো ল’ৰা–ধেমালি বা নিবনুৱাৰ বন নহয়৷ এইসকল কবি প্রথমে সজাগ হওক৷ সজাগতাৰ বাবে যোগ্যতা আহৰণৰ প্রয়োজন৷ টলষ্টয়ে আনাকাৰেনিনা লিখি, শৰৎ চন্দ্রই গৃহদাস, দেৱদাস লিখি বিখ্যাত হোৱাৰ যোগ্যতা আহৰণ কৰিছিল৷ জ্যোতিপ্রসাদে কৈছিল– কবি বৈষয়িক লাভ–লোকচান বা শ্রেণী স্বার্থ অনুকৰণত আসক্ত নহয়৷ ‘গাঁৱৰে জুপুৰি ইকৰাৰে সজা, তাতে থাকে ভৱিষ্যতৰ আধাপেটী ৰজা’– এইসকলৰ কথা মিঞা কবিতা লিখাসকলে ভাবক৷ কবিতাৰে ধ্বংস আৰু ষডযন্ত্রৰ অনুশীলন সময়ৰ নিষ্ঠুৰ গতিত বাওকণী বুলি বিবেচিত হ’ব৷
অসমীয়া সম্প্রীতি দেখি তাহানি চাহাবুদ্দিন তালিছে কৈছিল যে অসমৰ মুছলমানে অসমীয়াৰ লগত সম্পর্ক স্থাপন কৰিবলৈহে আগ্রহী৷ অসমৰ মুছলমান সমাজ নামত মুছলমান, তেওঁলোকৰ সমাজখনো অসমীয়া সমাজ ৰূপেই চিহ্ণিত হ’ল৷ এই কথা সকলোৰে জ্ঞাত৷ ড০ মঈদুল ইছলাম বৰাই বৰচুৰীয়া পিন্ধি মছজিদলৈও গৈছিল৷ আনকি চৰ অঞ্চলৰ মুছলমানসকলে ১৯৫১ চনৰ লোকপিয়লত নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ উপৰি ভাষা আন্দোলনত যোগ দিছিল৷ অসমৰ চৰ অঞ্চলৰ বিদ্যালয়ৰ অসমীয়া মাধ্যমত পঢা–শুনা কৰি বহুতো প্রতিষ্ঠিত সাহিত্যিক ৰূপে চিহ্ণিত হৈছে৷ অসমৰ মাটি–পানী– বায়ুৰে পুষ্ট এচাম চৰ অঞ্চলৰ ডেকাই এনআৰচি প্রস্তুতি সময়ৰ পৰাই এই প্রক্রিয়াৰ মানৱতাবিৰোধী বুলি প্রচাৰ কৰাৰ লগতে অসমীয়া জাতিক আন্তঃৰাষ্ট্রীয় স্তৰত অপদস্থ কৰাৰ ষডযন্ত্রতো লিপ্ত হোৱা দেখা গৈছে৷ অসমৰ সর্বশ্রেণীৰ লোকে শুদ্ধ এনআৰচি এখন হোৱাটো আন্তৰিকতাৰে ৪০ বছৰীয়া সমস্যাটো সমাধান হোৱাটো কামনা কৰে৷ তেনে অৱস্থাত এটা বিশেষ চক্রৰ দ্বাৰা প্রৰোচিত হৈ নতুন সমস্যা সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, যাতে এনআৰচি বিফল হয়৷ আনহাতে, এনআৰচি উন্নীতকৰণত অকল চৰবাসীয়েই হাৰাশাস্তিৰ সন্মুুখীন হোৱা নাই, থলুৱাও ভুক্তভোগী৷ এনে এটা বৃহৎ কামত ভুল হোৱাটো স্বাভাৱিক, কিন্তু শুদ্ধ তথ্য–পাতি দাখিল কৰিব পৰা এজনো এনআৰচিৰ পৰা বাদ নপৰে বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে লগতে বিভিন্ন দল–সংগঠনেও ইয়াৰ লগত সহমত পোষণ কৰিছে৷
অসমীয়া মানুহ ধম্য় জাতীয়তাবাদত বিশ্বাসী নহয় আৰু অসমীয়া ধম্য় গোডামিৰ বহু ঊধর্বত৷ অসমবাসী ভাষিক জাতীয়তাবাদত বিশ্বাসী৷ ভাষিক জাতীয়তাবাদক নিঃশেষ কৰাৰ এয়া ষডযন্ত্র বুলি ভাবিবলগীয়া হৈছে৷ অসমত থকা হিন্দু বাঙালী এতিয়া কেৱল বাঙালী নহৈ অসমীয়া সংস্কৃতিকো আঁকোৱালি লৈছে৷ সেয়ে অসমত সম্প্রীতিৰ সেতু সুদৃঢ কৰিবলৈ আগ্রহী অসমৰ বাঙালী সমাজে ‘চলো পাল্টাই’ক প্রত্যাহ্বান জনালে তেওঁলোকৰ আহ্বানক প্রত্যক্ষভাৱে নাকচ কৰি৷ কিন্তু ‘মিঞা কবিতা’ ছ’চিয়েল মিডিয়াৰ যোগেদি আন্তঃৰাষ্ট্রীয় স্তৰত উত্থাপন কৰা হৈছে৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমতো বিষয়টোৱে চর্চা লাভ কৰিছে৷ বিবিচিৰ সাংবাদিক সুবীৰ ভৌমিকৰ ভূমিকাও সন্দেহৰ আৱর্তত বুলি চর্চা হৈছে৷ সবাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– এই ষডযন্ত্রকাৰীসকলে আন্তঃৰাষ্ট্রীয় স্তৰত অসমীয়া সংস্কৃতিৰ প্রতি ঘৃণা আৰু বিদ্বেষৰ মানসিকতা গঢ দিবলৈ ‘জেন’ ফবিক’ শব্দটো ব্যৱহাৰ কৰিছে৷ অসমীয়া মাত্রেই উন্মাদ হত্যাকাৰী বুলি নেলীৰ হত্যাকাণ্ডৰ বিষয়েও চর্চা কৰিছে৷ সেয়ে এনআৰচিক লৈ ৰাষ্ট্রসংঘইReligious intolerance বুলি ক’বলৈ বাধ্য হৈছে৷
যিসকলে ‘মিঞা কবিতা’ লিখিছে, সেইসকলে মিঞা বসবাস কৰা অঞ্চলত সঘনে হৈ থকা হাজাৰটা অপৰাধৰ বিষয়ে কিন্তু নিমাত৷ ভাবোঁ তেওঁলোক মিঞাৰ শুভচিন্তক নহয়৷ এইসকলৰ মাজত চলি থকা অপৰাধক লৈ কাব্য চর্চা কৰিলে বা সেই সমাজখন জঘন্য অপৰাধ প্রৱণতাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব৷ সেই কাৰণে গর্গ চেটাজ্ৰ পৰা সুবীৰ ভৌমিকলৈ এই সকলো ভঁজুৱা৷ শুনামতে মানৱ অধিকাৰ আয়োগ আৰু লোকদর্শনী সমাজকমও এনে ভূমিকাত অৱতীর্ণ হৈছে৷
এইসকলে বৃহৎ পৰিকল্পনা ৰচনা কৰিবলৈ অশোকা বিশ্ববিদ্যালয়, চিমলা, দিল্লী, মুম্বাই আই আই টিক নির্বাচন কৰি লৈছে৷ এনে আলোচনা, মিঞা কবিতাৰ চর্চা, নেদাৰলেণ্ডছ আদি ঠাইলৈ ছাত্র–ছাত্রীক পঠিয়াবৰ বাবে বৃহৎ পুঁজি ক’ৰ পৰা আহিছে৷ পৰিকল্পতিভাৱে অসমক দ্বিতীয় কাশ্মীৰলৈ ৰূপান্তৰ কৰাৰ বাবে অহা এই পুঁজিৰ উৎস চৰকাৰে অনুসন্ধান কৰা উচিত৷ এইক্ষেত্রত চৰকাৰে তীক্ষ্ণ দৃষ্টি নাৰাখিলে তেওঁলোক তুলাপতীয়া বুলি বিবেচিত হ’ব৷
মিঞাসকলৰ ক্ষোভ যদি আছে, তেনেহ’লে তাক প্রকাশ কৰাৰ অধিকাৰ তেওঁলোকৰ আছে৷ যিকোনো মাধ্যমত তাক প্রকাশ কৰক৷ প্রথমে বিচাৰৰ ৰায় দি বিচাৰৰ প্রহসন নকৰা ভাল৷ দুর্বল এই শ্রেণীটোক সংগঠিত কৰি মানুহ হিচাপে জীয়াই থকা, আল্লাৰ দান বুলি ১০০টা পর্যন্ত সন্তান জন্ম দিয়া মানসিকতাৰ পৰিৱর্তন কৰিব পাৰিলে এই চেষ্টাক অসমৰ ৰাইজে আদৰি ল’ব৷ তদুপৰি সেই অঞ্চলৰ মাতব্বৰৰ অপৰাধ জগতৰ কথা গর্গ চেটাজ্, সুবীৰ ভৌমিকে আন্তঃৰাষ্ট্রীয় স্তৰত উত্থাপন নকৰে কিয়৷ কিয় ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগৰ কাষ চপা নাই? ‘মিঞা কবিতা’ৰে বিদ্বেষৰ জুই জ্বলাব পাৰি, কিন্তু তেওঁলোকক মানুহ কৰি জীৱনৰ অনুসন্ধানেৰে উপভোগ কৰিবলৈ দিব নোৱাৰে৷ মিঞাসকলক সাংস্কৃতিকভাৱে সজাগ কৰিবলৈ মিঞা কবিতা লেখকসকল নিজকে যোগ্য কৰি তোলক৷ সৃষ্টি, আহৰণ আৰু সম্ভোগৰ বাবে নিজে সজাগ হ’লেই নহ’ব, যোগ্যতাও লাগিব৷ যোগ্যতাৰে সমৃদ্ধ নহ’লে কেৱল সজাগতা নিষ্ফল৷ বিবেক আৰু অদমনীয় চিন্তাশক্তিৰে পৰিচালিত হৈ তেওঁলোকে মিঞা সমাজৰ পৰিৱেশৰ অধীন হোৱাতকৈ সেই পৰিৱেশক আয়ত্ত কৰিবলৈ যত্ন কৰা উচিত৷ তেওঁলোকে আল্লাই নির্মাণ কৰি থোৱা পথেৰে আগবাঢি আল্লাৰ বাণী ঐকান্তিকভাৱে কাণ পাতি শুনক, কেৱল ধর্ম স্বাস্থ্য তাত উপপদৰূপে মিঞা বা মুছলমান শব্দটো বহুৱাই দিলে সি ব্যাধিলৈ ৰূপান্তৰ হয়৷ মিঞা কবিতা সমাজৰ বাবে ব্যাধি নোহোৱাটো অসমৰ সমস্তজনে বিশ্বাস কৰে৷
চৰকাৰে আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমক লজ্জানত কৰাসকলক ৰঙাঘৰত থোৱাৰ ব্যৱস্থা শীঘ্রে কৰা উচিত৷ নহ’লে ২০২১ চনত অসম থাকিব অসমীয়া নাথাকে৷
‘মিঞা মিউজিয়াম’ ৰাজনীতিকসকলৰ টিকনিৰ আগৰ গাঁঠিত তলফালৰ পৰা উজাই গৈ ৰৈছেগৈ? বোধহয় এনে কাৰণতে বাঘবৰৰ কোনো ধূর্ত সৰুমতা–কেঁচুমতাই দিলে উলিয়াই কুবুদ্ধিৰ ভুৰুকাটো, কিন্তু পগলা গাৰাদত চৰকাৰে তুলি থোৱা হ’লে ভাল আছিল৷ পিছে নথয়, থ’লে অসমীয়াই চকুৰ ফেচকুৰি ধুই শব্দটোৰ ব্যুৎপত্তি দেখিবলৈ সুবিধা পাব৷ বাঘবৰৰ সৰুমতাজনে আজানপীৰ ক্ষেত্রৰ বিষয়ে চৰকাৰৰ পৰিকল্পনাৰ বিষয়টো নজনাটো বিশ্বাসযোগ্য নহয়৷ চৰকাৰে ‘কেব’, ‘কা (আ)’বিৰোধী আন্দোলনৰ পৰা অসমীয়ামখাক সাঙুৰিবলৈ অসম চুক্তিৰ ৬ নং দফাৰ পোহাৰ মেলাৰ দৰে বিবিধ সমস্যাত বুৰ গৈ থকা অসমৰ সমস্যাৰ পৰা মনটো ছেৰাসুঁতিৰ ফালে ঢলুৱাবলৈ সেই সুবিধাটো হেকাই টিলিকি কওঁ বুলি সাবটি লৈ চুপতি আৰম্ভ কৰিলে৷ অসমৰ মানুহ এতিয়া খুঁতি খাব পৰা হ’ল গতিকে, এনে মোহনি ভাঙৰ চিলিমত মুখ নিদিয়ে৷ বৰ দুখ আৰু পৰিতাপৰ কথা ‘আমছু’ৰ পোষ্যপুত্র যুৱ সংগঠনে ৩৬০খন মিঞা পাব্লিক স্কুল খুলিবলৈ বদ্ধপৰিকৰ হৈছে৷ গুৰুজনাৰ এই পীঠস্থানতেই ৬খন এনে বিদ্যালয় স্থাপন হ’ল৷ কিন্তু জাতীয় সংগঠনবোৰ মৌন৷ সজাগ জাতীয় সংগঠনেহে নিজৰ ভাষা–সাহিত্য–সংস্কৃত্ অধিকাৰক সুৰক্ষা দিব পাৰে৷ অসম সাহিত্য সভাকে মুখ্য কৰি জাতীয়তাবাদী সংগঠনে জনা ভাল– কর্তব্যৰ পথটো হাত দিলে পোৱা যায়, অন্ধলাৰ দৰে বিচাৰিলে কিন্তু হাত দিলেও নাপায়৷ এই সংগঠনবোৰৰ চেতনা আহিবনে? ব্যক্তি চেতনা, বিশ্বচেতনা আৰু বিশ্বাতীত চেতনাৰে পুষ্ট নহ’লে কোনো জাতীয় সংগঠন বর্তি থাকিব নোৱাৰে৷ এই কথা সকলোৱেই জানে যে আন্তর্জাতীয়তাবাদৰ পূর্ব চর্ত যদি জাতীয়তাবাদ হয়, তেনে অসমীয়াৰ জাতীয়তাবাদীয়ে এই বিদ্যালয় বন্ধ কৰিবলৈ সবল আৰু প্রবল প্রতিবাদ কিয় কৰা নাই? কৈ থওঁ যি জাতিয়ে এনে ষডযন্ত্র বিফল কৰিবলৈ দাবী কৰিব নোৱাৰে, তেওঁলোকে আনৰ দাবী মানি চলিয়েই জীৱনৰ অন্ত পেলায়৷ সাহিত্য সভাই এই দিশটো অৱজ্ঞা নকৰি জাতীয় চেতনাৰ লগত অনুষ্ঠানটোক আত্মনিয়ন্ত্রণেৰে আগবঢাই নিবলৈ লগতে অসমীয়া থলুৱা মুছলমানসকলেও বেজবৰুৱাই দি থৈ যোৱা সেই ডাঙৰ চিঞৰটো সকলোৱে মাৰক৷
‘মিঞা মিউজিয়াম’ৰ চর্চা শালীনতাৰ সীমা পাৰ হৈছে৷ এইটো ৰাজান্তিকৰ চুৱাপাতনিৰ বস্তু বা অবস্তু কিন্তু সেই লৈ যি কৰে কৰক, কোনোবাই মুখৰ খজুৱতি মাৰক, কিন্তু আচৰণত কোনোবাই শোগে ধৰিলে অসমীয়াৰ ভাবীকালৰ সাধকসকলৰ বাবে বেয়া আর্হি এটা হ’ব৷ কিন্তু মিঞা পাব্লিক স্কুল কি কাৰণে লগা হ’ল? ইয়াৰ পাঠ্যক্রম কি, এই বিষয়ে অৱগত হ’বলৈ আৰু পৰিস্থিতি অধ্যয়ন কৰিবলৈ সভাৰ এটি দল যোৱা উচিত৷ ইয়াকে নকৰিলে ইয়াৰ ভয়াৱহ নেতিবাচক দিশে অসমীয়া জাতীয় জীৱন, ভাষা–সংস্কৃতিক বিপন্ন কৰিব, ই নিশ্চিত৷ সভাৰ এসময়ৰ প্রধান সম্পাদক আৰু সভাপতিয়ে ছমাহত বাৰ লাখ টকা ভ্রমণ বানচ ল’ব পাৰে যেতিয়া বর্তমানৰ মাননীয় সভাপতিগৰাকীয়ে এহেজাৰ মান টকা খৰচৰ ভিতৰতে এই জাতীয় দায়িত্ব পালন কৰিব পাৰিব বুলি আমি আশা কৰিব নোৱাৰোঁনে?
ফোন- ৮৪৭৩৯–০৭১৯৪