নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয়ৰ পথত বাইডেন

বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্র আমেৰিকাত আটাইতকৈ ভাল গণতন্ত্র চলি থকা বুলি দাবী কৰা হয়৷ যুক্তৰাষ্ট্রীয় গাঁথনিৰ ক্ষেত্রতো দেশখন অন্য দেশৰ বাবে অনুকৰণীয়৷ কিন্তু মহত্তম গণতন্ত্রৰ দাবী কৰা আমেৰিকাত এইবাৰ ৰাষ্ট্রপতি নির্বাচনে প্রকৃতার্থত দেশখনত কি চলি আছে সেয়া উন্মোচন কৰিছে৷ শতিকাৰ ভিতৰত গৰিষ্ঠসংখ্যক নাগৰিকে ভোটদান কৰা এই ৰাষ্ট্রপতি নির্বাচনত ধনৰ পয়োভৰ ঘটিছে অভাৱনীয় হাৰত৷ দেশখনৰ এই মহত্তম গণতন্ত্রক লৈ বৃহৎ অংকৰ ধনৰাশিৰ জুৱা চলিছে৷ মানুহৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ এই যুঁজখনত শ শ কোটি ডলাৰ ধন খৰচ হৈছে৷ দেশখনৰ সংবাদ মাধ্যমৰ সমীক্ষা অনুসৰি এইবাৰ নির্বাচনত অভিলেখসংখ্যক ১৪০০ কোটি ডলাৰ খৰচ হৈছে৷ লক্ষণীয়ভাৱে নির্বাচনত ভুৱা ভোটাৰে ভোটদান কৰাৰ অভিযোগো আনিছে বিভিন্ন মহলে৷ ইয়াৰ মাজতো আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন বিশ্ববাসীৰ বাবে এক গুৰুত্বপূর্ণ ঘটনা৷ আমেৰিকাৰ এই নির্বাচনৰ ওপৰতে নির্ভৰ কৰিছে বিশ্ব ৰাজনীতি তথা অর্থনীতি৷ বিশ্ব শান্তিৰ বিভিন্ন দিশ এই নির্বাচনৰ ওপৰতে নির্ভৰ কৰে৷ অভাৱনীয়ভাৱে এইবাৰ নির্বাচনত ৰাষ্ট্রপতি ট্রাম্প তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ ক্ষমতাত থকা ৰাষ্ট্রপতি এগৰাকী প্রথমটো কার্যকালৰ পিছত সাধাৰণতে দ্বিতীয়টো কার্যকাললৈ নির্বাচিত হোৱাটো আমেৰিকাত এক নিয়ম৷ দেশখনৰ জনসাধাৰণে প্রথমটো কার্যকালৰ পিছত দ্বিতীয়টো কার্যকালৰ বাবে একেগৰাকী নেতাক এই কাৰণেই সুযোগ দিয়ে যাতে নেতাগৰাকীয়ে প্রথমটো কার্যকালত গ্রহণ কৰা বিভিন্ন আঁচনি বাস্তৱায়িত কৰিবলৈ সক্ষম হয়৷ কিন্তু ড’নাল্ড ট্রাম্প প্রথমটো কার্যকালৰ বাবে নির্বাচিত হোৱাৰ পিছৰে পৰা আমেৰিকাজুৰি সৃষ্টি হৈছিল নজিৰবিহীন বিক্ষোভ, প্রতিবাদ৷ ৰাজনৈতিক ক্ষেত্রখনত এক অদক্ষ নেতা হিচাপে পৰিচিত ট্রাম্পে হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰাৰ পিছৰে পৰা ৰাজনৈতিক ক্ষেত্রখনত এনে কিছুমান অকল্পনীয় কাম কৰিছিল যে আমেৰিকাবাসী লজ্জানত হ’বলগীয়া হৈছিল৷ কূটনৈতিক ক্ষেত্রত কেবল ব্যর্থতা প্রতিপন্ন হৈছিল ট্রাম্পৰ আমোলত৷ বিদেশ নীতিৰ ক্ষেত্রত ট্রাম্পৰ ব্যর্থতা বাৰে বাৰে প্রতিপন্ন হৈছিল৷ আঁকোৰগোজভাৱে ট্রাম্পে এনে কিছুমান নীতি গ্রহণ কৰিছিল, যাৰ ফলত আন্তর্জাতিক ক্ষেত্রখনতে আমেৰিকা হৈ পৰিছিল হাঁহিয়াতৰ পাত্র৷ ইয়াৰ প্রতিশোধ হিচাপেই যেন এইবাৰ দেশবাসীৰ গৰিষ্ঠসংখ্যকে ট্রাম্পক প্রস্থানৰ পথ দেখুৱাইছিল এই নির্বাচনত৷
সম্পাদকীয় স্তম্ভ যুগুতোৱাৰ সময়লৈকে নির্বাচনী ফলাফল ঘোষণা হোৱা নাই যদিও ডেমক্রেটিক প্রার্থী তথা দুটা কার্যকালৰ উপ–ৰাষ্ট্রপতি জ’ বাইডেন এইবাৰ ৰাষ্ট্রপতি নির্বাচনত বিজয়ৰ দুৱাৰমুখত থিয় হৈছে৷ হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰিবলৈ বাইডেনক আৰু মাত্র ৬টা ইলেক্টৰেল কলেজ ভোটৰ প্রয়োজন৷ ইফালে ট্রাম্পক এতিয়াও প্রয়োজন ৫৬টা ভোট৷ নির্বাচনৰ ফলাফল ঘোষণা হ’বলৈ বাকী আছে চাৰিখন প্রদেশত৷ এই চাৰিখন প্রদেশৰ এখনত জয়ী হ’লেই হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰিব বাইডেনে৷ বাইডেনে এতিয়ালৈকে লাভ কৰিছে ২৬৪টা ইলেক্টৰেল কলেজ ভোট৷ লক্ষণীয়ভাৱে ডেমক্রেটিক প্রার্থীগৰাকীৰ এই অগ্রগতিক সহজভাৱে ল’ব পৰা নাই ট্রাম্প তথা ৰিপাব্লিকান শিবিৰে৷ গতিকে দেশখনৰ শীর্ষ আদালতৰ দ্বাৰস্থ হৈছে ট্রাম্প৷ ট্রাম্পৰ মতে এইবাৰ ডাকযোগে সাব্যস্ত হোৱা ভোটত ভুৱা ভোটাৰে ভোটদান কৰিছে৷ ট্রাম্পৰ এই দাবী কিমান গ্রহণযোগ্য হয়, সেয়া শীর্ষ আদালতখনে কম সময়ৰ ভিতৰতে নিশ্চিত কৰিব৷ কিন্তু ১৯৯২ চনৰ পিছত ট্রাম্প এনে এগৰাকী নেতা হিচাপে চিহ্ণিত হৈছে, যাক দেশৰ জনসাধাৰণৰ গৰিষ্ঠসংখ্যকে দ্বিতীয়টো কার্যকালৰ বাবে ৰাষ্ট্রপতি নির্বাচন কৰিবলৈ অনীহা প্রকাশ কৰিছে৷ ১৯৯২ চনত ৰাষ্ট্রপতি নির্বাচনত জর্জ এইচ ডব্লিউ বুশ্বক প্রস্থানৰ পথ দেখুৱাইছিল আমেৰিকাবাসীয়ে৷ এইচ ডব্লিউ বুশ্বক পৰাভূত কৰি হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰিছিল ক্লিণ্টনে৷ ইয়াৰ পূর্বে ১৯৮০ৰ নির্বাচনত জিমি কার্টাৰ প্রথমটো কার্যকালৰ পিছত পৰাভূত হৈছিল ৰিপাব্লিকান ৰোনাল্ড ৰিগানৰ হাতত৷ এনেদৰে চাবলৈ গ’লে মাত্র এটা কার্যকাল দেশখনৰ ৰাষ্ট্রপতি হিচাপে দায়িত্বত থকা নেতা কেইগৰাকীমানহে আছে৷ গেৰাল্ড ফ’ড, হার্বার্ড হুভাৰ প্রমুখ্যে নেতাসকলে এটা কার্যকালতেই ৰাষ্ট্রপতিৰ দায়িত্ব সামৰিব লগা হৈছিল৷ কিন্তু একৈশ শতিকাত আধুনিক আমেৰিকাত একোগৰাকী শীর্ষ নেতাই গ্রহণ কৰা বিভিন্ন নীতি তথা আঁচনিক দেশবাসীয়ে অধিক গুৰুত্ব প্রদান কৰি আহিছে৷ তেনেস্থলত ট্রাম্পক গৰিষ্ঠসংখ্যক নাগৰিকে দ্বিতীয়টো কার্যকালৰ বাবে বাছনি নকৰাটো তাৎপর্যপূর্ণ ঘটনা হিচাপে চিহ্ণিত হৈছে৷ ইয়াৰ প্রভাৱ পৰিব আগন্তুক দিনত বিশ্ব ৰাজনীতিত৷

You might also like