ক’ভিড–১৯ত মৃত্যু পেলেষ্টাইনী নেতা এৰেকাটৰ
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ পেলেষ্টাইনৰ এগৰাকী জ্যেষ্ঠ নেতা ছীব এৰেকাটৰ ক’ভিড–১৯ত মৃত্যু হৈছে৷ ৬৫ বছৰীয়া নেতাগৰাকীৰ জেৰুজালেমস্থিত হাডাছাস্থিত স্বাস্থ্য কেন্দ্রত মৃত্যু হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷
স্মর্তব্য যে এৰেকাট আছিল পেলেষ্টাইন লিবাৰেচন অর্গেনাইজেচন (পিএল’)ৰ সম্পাদক প্রধান তথা দেশখনৰ ৰাষ্ট্রপতি মেহমুদ আব্বাছৰ এগৰাকী অন্যতম উপদেষ্টা৷ ১৯৯৩ চনত ঐতিহাসিক অ’ছলো চুক্তি স্বাক্ষৰৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাইছিল এৰেকাটে৷ নেতাগৰাকীৰ মৃত্যুৰ পিছতে পেলেষ্টাইন কর্তৃপক্ষই দুদিনীয়া ৰাষ্ট্রীয় শোক ঘোষণা কৰিছে৷
স্মর্তব্য যে ইজৰাইলৰ সৈতেও প্রায় আঢ়ৈ দশক ধৰি শান্তি আলোচনা চলাই আছে এৰেকাটে৷