দর্শনার্থীৰ বাবে মুকলি আঞ্চলিক বিজ্ঞান কেন্দ্র
নিয়মীয়া বার্তা, ১১ নৱেম্বৰঃ ক’ৰোনা মহামাৰীক কেন্দ্র কৰি প্রায় ৮ মাহ ধৰি বন্ধ হৈ থকা খানাপাৰাস্থিত গুৱাহাটী আঞ্চলিক বিজ্ঞান কেন্দ্র আজিৰে পৰা দর্শনার্থীৰ বাবে মুকলি কৰা হৈছে৷ ক’ভিড–১৯ৰ প্রট’কলৰ মানি দর্শনার্থীসকলে আজিৰে পৰা আঞ্চলিক বিজ্ঞান কেন্দ্র দর্শন কৰিব পাৰিব৷ এইক্ষেত্রত আঞ্চলিক বিজ্ঞান কেন্দ্রৰ কিউৰেটৰ সুৰেশ কুমাৰে জানিবলৈ দিয়া মতে যোৱা ১৭ মার্চৰ পৰা ক’ৰোনা মহামাৰী সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বিভাগীয় কর্তৃপক্ষই আঞ্চলিক বিজ্ঞান কেন্দ্র বন্ধ ৰাখিছে৷ পুনৰ কেন্দ্রীয় চৰকাৰৰ নির্দেশ অনুসৰি আজিৰে পৰা দর্শনার্থীৰ বাবে মুকলি কৰি দিয়া হৈছে৷ অৱশ্যে দর্শনার্থীসকলে বিজ্ঞান কেন্দ্র দর্শনৰ সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্য বিভাগে বান্ধি দিয়া যাৱতীয় প্রট’কল মানি চলাৰ লগতে সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা আৰু অতিকমেও ১.৫ মিটাৰ দূৰত্ব অৱলম্বন কৰাটো বাধ্যতামূলক বুলি আঞ্চলিক বিজ্ঞান কেন্দ্র কিউৰেটৰ কুমাৰে জানিবলৈ দিছে৷