মহানগৰীৰ কুৰিগৰাকী মেধাৱী ছাত্রীক আর্থিক সাহায্য প্রদান
নিয়মীয়া বার্তা, ১১ নৱেম্বৰঃ বেটী বচাও বেটী পঢ়াও আঁচনিৰ জিলা পর্যায়ৰ টাস্ক ফ’চৰ সভা এখন কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত পল্লৱী কছাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত জিলাখনত বেটী বচাও বেটী পঢ়াও আঁচনি ৰূপায়ণৰ দিশৰ সৈতে জড়িত বিভিন্ন বিষয়ত বিস্তাৰিতভাৱে আলোচনা কৰা হয়৷ অতিৰিক্ত উপায়ুক্ত কছাৰীয়ে কয় যে নাৰী শিক্ষিত আৰু সবল হ’লেহে সমাজ তথা দেশ উন্নত তথা সমৃদ্ধিশালী হ’ব৷ সেয়েহে আমি কন্যা শিশুৰ শিক্ষা তথা নাৰী সবলীকৰণৰ দিশত সর্বাধিক অগ্রাধিকাৰ দিয়া উচিত৷
সভাত জিলা সমাজ কল্যাণ বিষয়া কুঞ্জলতা লাচনে আঁচনিখন জিলাখনত অধিক কার্যকৰীভাৱে ৰূপায়ণৰ বাবে ২০১৯–২০ বর্ষত গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷ কেন্দ্রীয় চৰকাৰৰ এই আঁচনি সম্পর্কত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলা সমাজ কল্যাণ বিভাগে গ্রহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও জিলা সমাজ কল্যাণ বিষয়াগৰাকীয়ে সভাত অৱগত কৰে৷ এই সভাতে বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত যোৱা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত সর্বোচ্চ নম্বৰ পোৱা মুঠ ২০গৰাকী ছাত্রীক প্রতিগৰাকীকে পাঁচ হাজাৰকৈ টকা আগবঢ়োৱা হয়৷
তদুপৰি, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত সর্বোচ্চ নম্বৰ পোৱা ছাত্রীগৰাকীক ২০ হাজাৰ টকা প্রদান কৰা হয়৷ কন্যা শিশুৰ শিক্ষাৰ ক্ষেত্রত পাৰদর্শিতা দেখুওৱা জিলাখনৰ ১৪খন বিদ্যালয়ৰ পৰিচালনা সমিতিসমূহকো আজি এই সভাতে আর্থিক অনুদান প্রদান কৰা হয়৷ আনহাতে কামৰূপ মহানগৰ জিলাৰ তৃতীয় লিংগ কল্যাণ কমিটীখনৰ প্রথমখন বৈঠকো আজি জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষতে অতিৰিক্ত উপায়ুক্ত পল্লৱী কছাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়৷ সভাৰ আৰম্ভণিতে জিলা সমাজ কল্যাণ বিষয়া কুঞ্জলতা লাচনে কমিটীখন গঠন কৰাৰ উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা কৰে৷ সভাত অসম ৰাজ্যিক তৃতীয় লিংগ নীতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়৷ অসম ৰাজ্যিক তৃতীয় লিংগ কল্যাণ পৰিষদৰ সহযোগী উপাধ্যক্ষা স্বাতী বিধান বৰুৱাই সভাত তৃতীয় লিংগৰ আর্থ–সামাজিক উন্নয়ন তথা কল্যাণৰ বিষয়টোৰ সৈতে জড়িত বিভিন্ন বিষয় ব্যাখ্যা কৰে৷