নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাসত প্রথমবাৰ ‘কাৰিকৰী মন্দা’ৰ গ্রাসত দেশ

ৰিজার্ভ বেংক–মুডিজ ইনভেষ্টৰ ছার্ভিচৰ প্রতিবেদনত ভয়াৱহ ভৱিষ্যতৰ ইংগিত

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিতত দেশৰ অর্থনীতি জটিল সন্ধিক্ষণত উপনীত হৈছে৷ চলিত বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকত দেশৰ অর্থনীতি নিম্নগামী হোৱাৰ পাছত দ্বিতীয় ত্রৈমাসিকত আৰু অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ দ্বিতীয় ত্রৈমাসিকত (জুলাই–ছেপ্ঢেম্বৰ) দেশৰ মুঠ ঘৰুৱা উৎপাদন ৮.৬ শতাংশলৈ হ্রাস পোৱাৰ ফলতেই অর্থনীতি কাৰিকৰী মন্দাৰ গ্রাসত পৰিব৷ দেশৰ ইতিহাসত প্রথমবাৰৰ বাবে অর্থনীতি কাৰিকৰী মন্দাত প্রৱেশ কৰিব৷ দেশৰ জটিল অর্থনৈতিক অৱস্থাক লৈ ভাৰতীয় ৰিজার্ভ বেংকৰ অর্থনীতিবিদৰ গৱেষকৰ দলৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ উল্লেখ্য যে দেশৰ এই জটিল অর্থনীতিক লৈ ভাৰতীয় ৰিজার্ভ বেংকৰ মুদ্রা নীতিৰ দায়িত্বত থকা ডেপুটী গৱর্নৰ মাইকেল পাত্রসহ এটা অর্থনীতিবিদৰ দলে চলোৱা অধ্যয়নত দেশৰ অর্থনৈতিক পৰিস্থিতি অধিক ভয়াৱহ হোৱাটো নিশ্চিত হৈছে৷ দ্বিতীয় ত্রৈমাসিকত অর্থনৈতিক বিকাশৰ হাৰ ইমানেই নিম্নগামী হ’ব যে দেশৰ অর্থনীতি ইতিহাসত প্রথম ‘কাৰিকৰী মন্দা’ হ’ব৷ অর্থাৎ দেশ আর্থিক মন্দাৱস্থাৰ সন্মুখীন হ’ব৷ তাৎপর্যপূর্ণ যে চলিত বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকত (এপ্রিল–জুন) দেশৰ জি ডি পি ২৩.৯ শতাংশ হ্রাস হৈছিল বিগত বর্ষৰ এই একেই সময়ছোৱাৰ তুলনাত৷ সেই ধাৰা অব্যাহত থাকি দ্বিতীয় ত্রৈমাসিকতো জি ডি পি ভয়াৱহ হাৰত নিম্নগামী হৈছে৷ উল্লেখ্য যে অর্থনীতিবিদসকলৰ অধ্যয়নৰ লগতে আৰ বি আইৰ প্রথম ‘নাওকাষ্ট’তো একেই তথ্য প্রকাশ কৰা হৈছে৷ দেশৰ অর্থনীতিৰ ভৱিষ্যতক লৈ উচ্চ কম্পনাংক ডাটাৰ আধাৰত সম্ভাৱনাৰ প্রতিবেদন হৈছে নাওকাষ্ট৷ এই প্রতিবেদনত উল্লেখ কৰা মতে দ্বিতীয় ত্রৈমাসিকত দেশৰ জি ডি পি ৮.৬ শতাংশলৈ হ্রাস পাব৷ অর্থাৎ প্রথম ত্রৈমাসিকৰ তুলনাত এই জি ডি পিৰ হাৰ ২৪ শতাংশ নিম্নগামী হ’ব৷ অর্থনীতিবিদৰ দলটোৱে প্রকাশ কৰা মতে, ইতিহাসত প্রথমবাৰৰ বাবে ২০২০–২১ বর্ষৰ প্রথম ভাগত ভাৰত কাৰিকৰী মন্দাত প্রৱেশ কৰিছে৷ আজি প্রকাশ কৰা এই তথ্য অহা ২৭ নৱেম্বৰত কেন্দ্রীয় চৰকাৰেও প্রকাশ কৰিব৷ অর্থনীতিবিদে চলোৱা সমীক্ষাত দেশৰ কোম্পানীসমূহে কিদৰে ক’ভিড–১৯সৃষ্ট পৰিস্থিতিত প্রদর্শন কৰিছে, তাক প্রাধান্য দিয়া হৈছে৷ প্রতিবেদনত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে ক’ভিড–১৯ সংক্রমণৰ নতুন জোৱাৰ আৰম্ভ হোৱাৰ ফলত আন্তর্জাতিক অর্থনৈতিক বিকাশতো ভয়াৱহতা বর্ধিত হ’ব৷ ইয়াৰ ফলত দেশৰ অর্থনীতি আৰু অধিক জটিলৰ দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে যান–বাহন খণ্ডত ইতিবাচক প্রভাৱৰ দৰে আন খণ্ডতো যদি তেনে হয়, তেতিয়াহ’লে বিত্তীয় বর্ষটোৰ শেষৰ ফালে অর্থনীতি পুনৰ উদ্ধাৰৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ আনপিনে ২০২০ কেলেণ্ডাৰ বর্ষত ভাৰতৰ অর্থনৈতিক বিকাশক লৈ পূর্বতে প্রকাশ কৰা প্রতিবেদনৰ আজি সংশোধনী ঘটাই নতুন প্রতিবেদন প্রকাশ কৰিছে মুডিজ ইনভেষ্টর্ছ ছার্ভিচে৷ মুডিজে প্রকাশ কৰা প্রতিবেদন মতে, দেশজুৰি দীঘলীয়া আৰু কঠোৰ লকডাউনৰ বাবে দেশৰ অর্থনীতিত গুৰুতৰ প্রভাৱ পৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ২০২০ কেলেণ্ডাৰ বর্ষত ভাৰতৰ জি ডি পি (–) ৮.৯ শতাংশলৈ হ্রাস পাব বুলি মুডিজে প্রতিবেদনত প্রকাশ কৰিছে৷ তদুপৰি ২০২১ বর্ষত পূর্বে প্রকাশিত ৮.১ শতাংশ জি ডি পিৰ হাৰ ৮.৬ শতাংশলৈ বৃদ্ধি পাব বুলি মুডিজে প্রকাশ কৰিছে৷
অক্টোবৰত খুচুৰা মুদ্রাস্ফিতি ৭.৬১ শতাংশলৈ বৃদ্ধি
খাদ্য সামগ্রীৰ মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিততেই অক্টোবৰত খুচুৰা মুদ্রাস্ফিতি ৭.৬১ শতাংশলৈ বৃদ্ধি পাইছে৷ বিগত ছেপ্ঢেম্বৰ মাহত খুচুৰা মুদ্রাস্ফিতি ৭.২৭ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছত অক্টোবৰ মাহত মুদ্রাস্ফিতি ৭.৬১ শতাংশলৈ বৃদ্ধি হৈছে৷ কেন্দ্রীয় চৰকাৰে আজি এই তথ্য প্রকাশ কৰিছে৷ উল্লেখ্য যে ২০১৯ চনৰ অক্টোবৰত খুচুৰা মুদ্রাস্ফিতি আছিল ৪.৬২ শতাংশ৷ খুচুৰা মুদ্রাস্ফিতি বৃদ্ধি পোৱাৰ লগতে গ্রাহক খাদ্য মূল্য সূচাংক (চিএফইআই)ও ছেপ্ঢেম্বৰৰ তুলনাত বৃদ্ধি পাইছে৷ ছেপ্ঢেম্বৰত চিএফইআই ১০.৬৮ শতাংশৰ বিপৰীতে অক্টোবৰত ই হৈছে ১১.০৭ শতাংশ৷ ক’ৰোনা ভাইৰাছ মহামাৰী আৰু মাত্রাধিক বৰষুণ মহাৰাষ্ট্র, কর্ণাটক আৰু অন্ধ্রপ্রদেশত হোৱাৰ বাবেই পিঁয়াজকে ধৰি বিভিন্ন শস্য নষ্ট হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততে দেশজুৰি খাদ্য সামগ্রীৰ মূল্য বৃদ্ধি হৈছে৷ ক’ৰোনা ভাইৰাছৰ বাবে শাক–পাচলিৰ মূল্য বৃদ্ধি পাইছে, তদুপৰি ৰিজার্ভ বেংকে ৰেপ’ৰেট কর্তন নকৰাৰ বাবেও খুচুৰা মুদ্রাস্ফিতি বৃদ্ধি পাইছে৷

You might also like