নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ত ভাৰতে লাভ কৰিব ক্ষেপণাস্ত্র প্রতিৰক্ষা এছ–৪০০

নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ ভাৰতৰ অনুৰোধ ৰক্ষা কৰি ৰাছিয়াই দেশখনক এছ–৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা শীঘ্রে প্রদান কৰাৰ চিন্তা–চর্চা চলাইছে৷ পাঁচ এছ–৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাৰ প্রথমটো নতুন দিল্লী প্রশাসনে ২০২১ৰ শেষৰ ভাগত লাভ কৰাৰ সম্ভাৱনা আছে ৰাছিয়াৰ পৰা৷ ৰাছিয়ান কূটনীতিক এগৰাকীয়ে এই কথা সদৰী কৰিছে৷

অকল সেয়াই নহয়, দীর্ঘকালীন ভাৰতৰ মিত্র ৰাষ্ট্র হিচাপে চিহ্ণিত ৰাছিয়াই দেশখনক কে২২৬ হেলিকপ্টাৰ প্রদান কৰাৰো সম্ভাৱনা আছে৷ অত্যাধুনিক ক্ষমতাসম্পন্ন এই হেলিকপ্ঢাৰ ৰাছিয়াৰ পৰা ভাৰতে ক্রয় কৰাৰ বিষয়টো সন্দর্ভত ইতিমধ্যে আলোচনা চলাইছে৷ মেক ইন ইণ্ডিয়া আৰু আত্মনির্ভৰ ভাৰত আঁচনিৰ অধীনত নতুন দিল্লী প্রশাসনে প্রতিৰক্ষা ক্ষেত্রক সুদৃঢ় কৰিবলৈ ৰাছিয়াৰ পৰা এই হেলিকপ্টাৰ ক্রয় কৰিব৷ ৰাছিয়ান কূটনীতিক ৰোমান বেবুস্কিনে এই তথ্য সদৰী কৰিছে৷

স্মর্তব্য যে অত্যাধুনিক প্রতিৰক্ষা ক্ষেপণাস্ত্র ব্যৱস্থা লাভৰ বাবে ভাৰতে ৰাছিয়াৰ সৈতে ৫.৪শ কোটি ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰিছে৷ অর্থাৎ পাঁচটাকৈ ক্ষেপণাস্ত্র ব্যৱস্থা ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিবলৈ এই বৃহৎ ধনৰাশি আদায় দিব লাগিব৷ বেবুস্কিনে উল্লেখ কৰা অনুসৰি ভাৰতে ৰাছিয়াক এই ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা শীঘ্রে প্রদান কৰাৰ বাবে অনুৰোধ জনাই আহিছে৷ নতুন দিল্লী প্রশাসনৰ অনুৰোধ ৰক্ষা কৰিয়েই ৰাছিয়াই আগন্তুক বর্ষৰ অন্তিম ভাগত ভাৰতক প্রথমটো ক্ষেপণাস্ত্র ব্যৱস্থা প্রদান কৰিব৷ অর্থাৎ ভাৰতৰ প্রতিৰক্ষা ক্ষেত্রত নতুন শক্তিৰ সংযোজন ঘটিবলৈ আৰু মাত্র এটা বছৰ লাগিব৷

স্মর্তব্য যে ৰাছিয়াৰ এই অত্যাধুনিক ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা মাত্র কেইখনমান দেশৰহে আছে৷ ভাৰতে এই ক্ষেপণাস্ত্র প্রতিৰক্ষা লাভ কৰিলে বিশ্বৰ ভিতৰতে সমৰশক্তিত অন্যতম দেশ হিচাপে চিহ্ণিত হৈ পৰিব৷ ভাৰতৰ বাবে এতিয়া মাথোঁ চলি আছে ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাৰ প্রতীক্ষা৷

You might also like